আন্ধাৰ জগতৰ অপৰাধীবোৰ অতদিনে ধৰা পৰা নাছিল কিয়?
এই বিষয়ে (‘বিষয়টোৰ ওপৰত’ নহয়) কলম পিহাৰ কথা অলপদিন আগেয়েই ভাবিছিলোঁ যদিও, ভাৱনাটো তেতিয়া সামৰি থ’লোঁ৷ ভাবিলোঁ,– অলপ দিনলৈ পিছুৱাই আলেখ–লেখ চাই লওঁ, কাৰণ, বিষয়টোত বহু পোনপটীয়া তথা আনুষংগিক দিশ জড়িত হৈ আছে৷ তাতে আকৌ, অসমীয়াত এষাৰ কথা আছে নহয় বোলে– ‘দেখিলেহে লেখিম’ অর্থাৎ লেখত ল’ম৷ বয়স, অভিজ্ঞতা দুয়োটা হৈছে বহুকেইখন চৰকাৰ, বহু পৰিক্রমা, বহু ঘটনা, বহু অনুসন্ধান, বহু তদন্ত দেখিলোঁ৷ অনুসন্ধান বা তদন্তৰ চৰকাৰী প্রতিবেদন তথা ন্যায়িক আয়োগৰ প্রতিবেদনৰ দশাৰ বাতৰিও পঢ়িলোঁ ঃ ‘গেদে’ৰিং ডাস্ত্’৷ ৰাকেশ পালৰ ভায়েক ‘ৰাজেশ’, নে, কোন পাল, ক’ত? ১৯৬০ চনৰ ৰাজ্য ভাষা আন্দোলনৰ কালত ৪ জুলাইত তদানীন্তন কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক এ’ছ (?) পাব্বিয়ে লগত সশস্ত্র আৰক্ষী বাহিনী লৈ আহি ডন্ বস্কৌ তিনি আলিত গাড়ীৰ পৰা নামিয়েই পোনে পোনে কটন দ্বিতীয় ছাত্রাৱাসৰ প্রথম খণ্ড (নাম Second block)লৈ আঙুলিয়াই গুলী চালনাৰ নির্দেশ দিয়াত আৱাসীসকলৰ দৌৰা–দৌৰিৰ হুলস্থূল শুনি নিজৰ কোঠা (মানে ৰূম্)ৰপৰা পিছফালৰ বাৰান্দালৈ ওলাই আহোঁতেই মূৰত গুলী লগাত আমাৰ চকুৰ আগতে তেজেৰে লুতুৰি–পুতুৰি হৈ বাগৰি পৰিছিল ৰঞ্জিৎ বৰপূজাৰী৷ পাছে, মন্ত্রী মহেন্দ্র মোহন চৌধুৰী, সিদ্ধিনাথ শর্মা আদি অনেক আহিছিল৷ আমি ‘গৰম’ আৱাসীসকলৰ লগত বহু সময় কথা–বতৰা৷ পাছত, গুৱাহাটী উচ্চ ন্যায়ালয়ত সুদীর্ঘ দিন জুৰি বিচাৰ চলিল৷ ‘আমাৰ’ উকীল আছিল ড০ জগদীশ মেধি, জয়চন্দ্র চৌধুৰী আদি৷ অসমীয়া মানুহে পতা অসম চৰকাৰৰ (মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা) প্রধান উকীল আছিল (পাছলৈ পশ্চিম বংগৰ মুখ্য মন্ত্রী আৰু দেশত জৰুৰী অৱস্থা প্রৱর্তনৰ পৰামর্শদাতা কেন্দ্রীয় আইন মন্ত্রী) সিদ্ধার্থ শংকৰ ৰায়৷ অসমৰ লাহিড়ি উপাধিৰ এজন আৰু কলকাতাৰ শংকৰ প্রসাদ ঘোষো আছিল নেকি, পাহৰিছোঁ৷ বিচাৰ হৈ গ’ল৷ ৰঞ্জিৎ বৰপূজাৰীৰ মৃত্যু হৈছিল তেওঁ ছাত্রাৱাসৰ বাহিৰৰপৰা দৌৰি আহি ছাত্রাৱাসৰ চৌহদৰ লোহাৰ বেৰা বগাই পাৰ হ’বলৈ চেষ্টা কৰোঁতে মূৰত লোহাৰ জেওৰা খুঁটিত খোঁচ খোৱাৰ ফলত অসমীয়াৰ অতীত, বর্তমান আৰু ভৱিষ্যতৰ সংগ্রামৰ ৰেহ–ৰূপ ‘অসম চৰকাৰী ভাষা আইন’ আৰু ‘ৰঞ্জিৎ বৰপূজাৰী ছাত্রাৱাস’, এই দুয়োটা একোটা পর্বতাকাৰ প্রহসন৷
এটা কথা মনত পৰিছে৷ যিগৰাকী ব্যক্তিয়ে কথা ক’লে কথা ৰসে চৌ চৌ হৈ থাকিছিল, সেইগৰাকী কথাশিল্পী, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে এবাৰ কথা প্রসংগত কৈছিল– ‘আজিকালি মই আন সকলো পঢ়িবলৈ এৰি মাথোন ডিটে’ক্টিৱ্ (অপৰাধ অনুসন্ধানমূলক) উপন্যাসহে পঢ়িবলৈ লৈছোঁ৷ কিয়, জানে? চৰকাৰে অপৰাধীবোৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা পাওঁ কিন্তু, হয় অপৰাধী ধৰা নপৰে, নহয়, ধৰা পৰিলেও, সিহঁতৰ একো শাস্তি নহয়৷ কিন্তু ডিটে’ক্টিৱ্বোৰত দেখোঁ– অপৰাধীবোৰ ধৰাও পৰে, আৰু সিহঁতৰ শাস্তিও হয়৷ সেয়ে, হেঃ হেঃ হেঃ’৷
এতিয়া শিৰোনামৰ বিষয়লৈ আহোঁ৷ এই লেখা ওলায়গৈ মানে, মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৪৫ দিনত ভৰি দিব৷ কার্য্যভাৰ গ্রহণৰ দিনদিয়েক পাছতে মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী ড০ শর্মাই, ৰাজ্যখনত দীর্ঘ দিন জুৰি চলি থকা বিভিন্ন অপৰাধমূলক কার্য্য, বিশেষতঃ, নিচাযুক্ত দ্রৱ্য (ড্রাগ্য্)–ৰ ব্যাপক বেপাৰ/সৰবৰাহৰ অপৰাধত অপৰাধীসকলৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই যথাযথ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষীক কঠোৰ নির্দেশ দিয়াৰ পাছত আৰক্ষীয়ে সমগ্র ৰাজ্যখনতে সেই মর্মে দিন–ৰাতি একাকাৰ কৰি গ্রহণ কৰা ব্যৱস্থাৰ অলেখ বাতৰিয়ে চৌদিশে তোল–পাৰ লগাইছে৷ এইখিনিতে স্বাভাৱিকতে প্রশ্ণ উঠে যে একেৰাহে পোন্ধৰ বছৰ কাল অসম আৰু অসমীয়া মানুহৰ মূৰত তিনিসিৰীয়া গজাল মৰা মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী তৰুণ গগৈয়ে আৰু দুটা সময়ত তেখেতৰ দুগৰাকী ৰাজ্যিক গৃহ মন্ত্রী প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে তথা ২০১৬ চনৰ মেই মাহৰপৰা, যোৱা ৯ মেইলৈকে,– পাঁচ বছৰ কাল অহোৰাত্রি ‘বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম’ বুলি আৰু ‘দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা (যিৰৌ টলৰেন্স্)’ৰ কথাৰে গায়ত্রী গাই থকা মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী সর্বানন্দ সোণোৱালে মুলুকত দীর্ঘকাল চলি থকা এই সর্বনাশী অপৰাধবোৰৰ কথা একো নাজানিছিল নেকি? নে, তেখেতসকলৰ আমোলত এইবোৰ একো ঘটাই নাছিল? ৰাষ্ট্রৰ হওক, ৰাজ্যৰ হওক, গৃহ মন্ত্রী বুলিলে বুলিবৰ নাই৷ মুলুকৰ দিহিঙে–দিপাঙে, চুকে–কোণে, পাহাৰে–কন্দৰে সকলোতে ঘটি থকা ঘটনাৱলীৰ ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে হাতৰ তলুৱাত, নখ দর্পণত৷
এইখিনিতে গোটাদিয়েক কথা কৈ ল’বলৈ মই বাধ্য৷ নক’লে ভুল বুজাবুজিৰ আশংকা৷ জানোতাই জানে,– মই এটা গোঁৱাৰ অসমীয়া৷ মাতৃভূমি অসম, মাতৃ ভাষা অসমীয়া তথা অসমৰ সকলো থলুৱা জনগোষ্ঠী তথা সিবিলাকৰ ভাষা, কলা–শিল্প, সংস্কৃতি, অসমৰ মাটি, পানী, বায়ু, নদ–নদী, বিল, পাহাৰ–পর্বত, জীৱ–জন্তু, চৰাই–চিৰিকটি আটাই থলুৱা জনগোষ্ঠীৰে ঐতিহাসিক কিম্বা আখ্যানমূলক প্রত্নতাত্ত্বিক সম্পদসমূহ মই পাগলৰ দৰে ভাল পাওঁ৷ এতিয়াও মোৰ যোৱা আৰু দেখা হৈ নুঠা বনাঞ্চলসমূহ আৰু প্রাকৃতিক ৰম্যভূমিবোৰ চাবলৈ মই উন্মাদ হৈ আছোঁ৷ মোৰ যদি পক্ষপাতিত্ব আছে, তেন্তে, সামগ্রিকভাবে অসমৰ বেলিকা মই পক্ষপাতদুষ্ট বুলি ক’লেও আপত্তি নাই৷ কিন্তু সর্বভাৰতীয় হওক, আঞ্চলিক/ৰাজ্যিক হওক, কিবা নির্দিষ্ট বিষয়ত কোনো ৰাজনৈতিক দলৰ লগত কেতিয়াবা মোৰ সহমত থাকিলেও, সমগ্র দেশৰে কোনো এটাও ৰাজনৈতিক দলৰে প্রতি মোৰ সমর্থন নাই৷ মই দেখিছোঁ, বুজিছোঁ আৰু দৃঢ়ভাবে বিশ্বাস কৰোঁ যে অসমৰ প্রতি মনে–প্রাণে উছর্গিত এটাও ৰাজনৈতিক দল নাই৷ তেনে ক্ষেত্রত, ভাৰতীয় ৰাজনৈতিক জগতখনত অসমৰ বেলিকা তেনে ৰাজনৈতিক ব্যক্তিবিশেষ বিচৰাৰ অর্থ পর্বতত কাছ কণীৰ সন্ধান৷ বেছিভাগৰে ব্যক্তিগত স্বার্থ জড়িত বাধ্যবাধকতা উদ্ভট৷ এনেয়েও কোনো লোকেয় ধোৱা তুলসীৰ পাত নহয়৷ তেনে স্থলত, দলীয় আৰু ব্যক্তিগত ৰাজনীতিকৰ বেলিকা সেই কথা শ শ গুণ অধিক সত্য৷ অসমৰ ৰাইজে তাৰ অলেখ প্রমাণ নিতৌ প্রত্যক্ষ কৰিব লাগিছে৷ সকলো কথা আপেক্ষিক৷
মই বহু বছৰ কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রবক্তা হৈ থকাৰ পাছত প্রাধ্যাপক হৈ পৰৱর্তীভাবে ‘প্রাধ্যাপক আৰু মুৰব্বী’ আৰু, তাৰ পাছে, মহাবিদ্যালয়ৰ উপাধ্যক্ষ আছিলোঁ৷ সর্বানন্দ সোণোৱাল কটনৰ ছাত্র নাছিল৷ কিন্তু আঙুলিৰ মূৰত লেখিব নোৱৰাকৈ বহু বহু জন প্রাক্তন তথা বর্তমান বিধায়ক আৰু মন্ত্রীয়েয় নহয় (‘হ’ ধাতুৰ নঞর্থক ৰূপ এতেকে, কর্তাত প্রত্যয় ‘ই’ নিদি, ‘য়’ দিয়া হৈছে), বহুজন প্রাক্তন সাংসদ তথা কেন্দ্রীয় মন্ত্রী আৰু জনদিয়েক বর্তমান সাংসদৰ দৰে, ড০ শর্মাও কটনৰ ছাত্র আছিল৷ কিন্তু ইমানসকলৰ মাজত মই শর্মাৰ দৰে ৰাজনৈতিক চিন্তা–চেতনা, তীক্ষ্ণতা আৰু বাক্শক্তি থকা আন কাকো পোৱা নাছিলোঁ৷ পাক লগোৱা কথাৰে ঠাইতে হাতীটোকে মাখি আৰু মাখিটোকে হাতী কৰা চাতুর্য্যক মই ‘বাক্পটুতা’ নোবোলোঁ যদিও, তেখেত বাক্পটু নহয় বুলি নকওঁ৷ কিন্তু বহু ৰাজনৈতিক কথাত, তেখেতৰ লগত যে মোৰ মতৰ অমিল, সেই কথা সচেতন ৰাইজৰ জ্ঞাত৷ বহু বছৰৰ আগেয়ে গুৱাহাটীত অনুষ্ঠিত এখন সদৌ গুৱাহাটী আন্তঃবিদ্যালয় তর্ক প্রতিযোগিতাত মই অধ্যক্ষৰ আসনত থাকোঁতে, তেওঁ (তেখেতে) নিজৰ বিদ্যালয়ৰ প্রতিনিধি ৰূপে ভাগ লৈ আগবঢ়োৱা যুক্তিতর্ক শুনি, আৰু, লগতে, তেওঁৰ অলপ অগতানুগতিক নামটো পাই, মই তেওঁক মনত ৰাখিছিলোঁ৷ বিচাৰকৰ ৰায়ত তেওঁ প্রথম হৈছিল৷ বছৰদিয়েক পাছত তেওঁ কটনত৷ তেওঁ ছাত্রাৱাসত তথা সক্রিয় ৰাজনীতিৰ ক্ষেত্রখনত কোৱা অনেক কথা আৰু কৰা অনেক কামৰ বিষয়ে নানাজনৰ নানা মত৷ সিবোৰৰ গ্রাহ্যতা তথা অগ্রাহ্যতাৰ সুকীয়া কথাটো তেহেলৈ থ’লেও, শর্মা প্রায় সদায় ৰাইজৰ আলোচনা, সমালোচনা, বিতর্ক, সমর্থন, বিৰোধিতা আদিৰ আগ শাৰীত৷ আটায়ে জনা সেইবোৰ কথা নবহলাই, মই এই কথাখিনি অৱতাৰণা কৰাৰ বিষয়টো চমুৱাই কৈ সিটো কথালৈ আহিম৷
এইখিনি কথা লিখাৰ কাৰণ হ’ল, মই সঁচাক সঁচা আৰু মিছাক মিছা বোলা মানুহ৷ জানোতাই জানে৷ স্থান–কাল–পাত্রৰ বিশেষ ব্যতিক্রম ব্যতিৰেকে তাৰ হেৰ–ফেৰ নহয়৷ ক’ৰবাত কেতিয়াবা জাতীয় স্বার্থ জড়িত বিশেষ বিষয় বা পৰিস্থিতিত একো নক’ব পাৰোঁ৷ কিন্তু সঁচাক মিছা বা মিছাক সঁচা নোবোলোঁ৷ আজিৰ ‘কাৰণ’ হ’ল,– মুখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিষয়ে কোৱা দুৱাষাৰ প্রশংসাসূচক কথা৷ অনেকেই জানে যে ড০ শর্মা তৰুণ গগৈ চৰকাৰৰ মন্ত্রী হৈ থকা কালত বৃহৎ নদী বান্ধ নির্মাণ সন্দর্ভ, হিন্দু কিম্বা মুছলমান কিম্বা আন যিয়েয় নহওক,– মুঠৰ ওপৰত বাংলাদেশী সংস্থাপন সন্দর্ভ, তথা শেহতীয়া কালত, পাঁচখন বিধান সভালৈ হোৱা নির্বাচনৰ বৃহৎ বৃহৎ প্রচাৰ অভিযান (আন আটাইৰে লগতে), হাজাৰ/লাখ সমর্থকসহ সমদল যাত্রা তথা ৰোগৰ সংক্রমণ আদি বিভিন্ন সন্দর্ভত মই অন্যান্য অনেকৰ লগতে ড০ শর্মাক বহুবাৰ অতি কঠোৰভাবে সমালোচনা কৰিছোঁ৷ তাতোকৈ ডাঙৰ কথা,– মই এনে সমালোচনামূলক কথা, তেখেত বা তেখেতৰ পৰিয়ালৰ লোকৰ নাম জড়িত, এই বিশেষ কাকতখনতো বহুবাৰ লিখিছোঁ আৰু বাকচটোতো বহুবাৰ কৈছোঁ৷ বাকচৰ মেলত কথা ক’বৰ সময়ত মই কোনটো বাকচৰ মালিক বা বিভিন্ন পদ মর্য্যাদাৰ সম্পাদকমণ্ডলীৰ কাৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক বা আদর্শগত চিন্তা, আনুগত্য, লক্ষ্য বা উদ্দেশ্য কি বা কেনেকুৱা, তালৈ তিলমানো কেৰেপ নকৰোঁ৷ আশা কৰোঁ,– যিসকল লোকে মোক– ‘ছাৰ, আপোনাক আজিকালি টী ৱী–ত কিয় নেদেখোঁ (?)’ বুলি সোধে, সেইসকলৰ মনৰ খু–দুৱনি আঁতৰ হ’ব৷ আচলতে মই, পাৰস্পৰিকভাবে অহি–নকুল সম্পর্কত ‘বান্ধ খাই থকা’, বিভিন্ন ‘আদর্শগত’ লোকক নির্ভীক, নিষ্ঠাৱান আৰু নিৰপেক্ষ সাংবাদিকতাৰ স্বার্থত একত্রিত হোৱাৰ সুবিধা উলিয়াই দিছোঁ
এতিয়া পঢ়ক৷ অতিমাৰী ক’ৱিড–১৯ৰ প্রথমটো আক্রমণৰ সময়ত তদানীন্তন স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ কাম–কাজ কিছু দিন নিৰীক্ষণ কৰাৰ পাছত মই তেখেতৰ প্রত্যুৎপন্নমতিতা, কর্মতৎপৰতা, নতুন নতুন চিন্তা, দিন–ৰাতি একাকাৰ কৰি অবিৰাম পৰিশ্রম কৰাৰ ক্ষমতা আৰু কষ্টসহিষ্ণুতাক অকৃপণ আৰু অকুণ্ঠচিত্তে ৰাজহুৱাকৈ প্রশংসা কৰিছিলোঁ,– ঠিক যেনেকৈ, তৰুণ গগৈৰ চৰকাৰতো তেখেত স্বাস্থ্য মন্ত্রী আৰু শিক্ষা মন্ত্রী থকা কালত ৰাজ্যৰ বিভিন্ন ঠাইৰ সমূহীয়া স্বাস্থ্য কেন্দ্র CHC)সমূহত চিকিৎসক আৰু স্বাস্থ্য কর্মীৰ সঘন অনুপস্থিতি, তলা বন্ধ অৱস্থা, চৌহদত গৰু–ছাগলীৰ বিচৰণ, তথা প্রাথমিক বিদ্যালয়সমূহত শিক্ষকৰ অনুপস্থিতি, অনিয়মিত উপস্থিতি অপৰিষ্কাৰ, অস্বাস্থ্যকৰ পৰিৱেশ, ছাত্র–ছাত্রীহঁতৰ উদঙীয়া গৰুৰ দৰে আচৰণ আদিৰ কঠোৰ সমালোচনা কৰিছিলোঁ৷
এতিয়া প্রশ্ণ হ’ল, এই যে নিচাযুক্ত দ্রৱ্যৰ ব্যাপক চোৰাং বজাৰ বিভিন্ন ঠাইত ভাং, কানি আদিৰ খেতি পশ্চিম বংগ, মেঘালয় আদিৰপৰা অসমেদি বাংলাদেশলৈ গৰু চালানৰ বৃহৎ বজাৰ বাইক চুৰি আৰু বাংলাদেশলৈ প্রেৰণ চুলাই মদৰ চোৰাং বেপাৰ আদি যিবোৰ ভয়ংকৰ অপৰাধমূলক কার্য্যৰ বিৰুদ্ধে গৃহ মন্ত্রী ড০ শর্মাৰ নির্দেশত ৰাজ্যৰ চৌদিশে কঠোৰ অভিযান চলিছে আৰু অলেখ দাগী অপৰাধী ধৰা পৰিছে, যিটো কথাত প্রায় আটাই লোকে সন্তুষ্টি প্রকাশ কৰি স্বস্তিৰ নিশ্বাস পেলাইছে,– ৰাজ্যৰ লাখ লাখ কিশোৰ–কিশোৰী, যুৱক–যুৱতীৰ ভৱিষ্যৎ তথা হাজাৰ–বিজাৰ পৰিয়াল সম্পূর্ণৰূপে বিধ্বস্ত কৰি দিয়া এই শিহৰণকাৰী কাণ্ডবোৰ,– সদ্যহতে পূর্বৰ গৃহ মন্ত্রীসকলৰ কথা তেহেলৈ থ’লেও, লেলপেলকৈ পোন্ধৰ বছৰ ৰাজত্ব কৰা গৃহ মন্ত্রী তৰুণ গগৈ, তেখেতৰ দুজনা ৰাজ্যিক মন্ত্রী প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন তথা শেহতীয়া পাঁচ বছৰৰ গৃহ মন্ত্রী সর্বানন্দ সোণোৱালৰ আমোলত ঘটাই নাছিল, নে, তেখেতসকলে তথা গৃহ, আব্কাৰী আদি বিভিন্ন সংশ্লিষ্ট বিভাগসমূহৰ বৰমূৰীয়া আমোলাসকলে আৰু গৃহ বিভাগৰ অধীনস্থ আৰক্ষী বাহিনীৰ ভিন্ ভিন্ মদ পর্য্যাদাৰ বিষয়াবর্গই সিবোৰৰ একো উম–ঘামকে পোৱা নাছিল? কিয়,– উক্ত কুৰি বছৰৰ কথাতো বাদেই, তাৰো বহু বছৰৰ আগৰ মুখ্য তথা গৃহ মন্ত্রী আৰু আব্কাৰী আদি বিভাগৰ মন্ত্রীৰ আমোলতো, উল্লিখিত আটাই অপৰাধৰ উপৰি, বাঁহ, কয়লা, ৰঙা চন্দন, পাণ, খাৰুৱা তেল, ইটা, বালি, লোহা, শিল আদি হৰেক সামগ্রীৰ ব্যাপক চোৰাং বজাৰ তথা সেইবোৰ বজাৰৰ ছিণ্ডিকেইটত ডিঙিলৈকে পোত খাই থকা বুলি সততে অভিযুক্ত অলেখ মাফিয়া, চোৰাং বেপাৰী, ঠিকাদাৰ, দালাল আদিৰ উপৰি অলেখ বিয়াগোম চৰকাৰী বিষয়াৰ নামে সৈতে প্রকাশিত, বিতং তথ্য সম্বলিত বাতৰিয়ে অসমৰ সংবাদ জগত তথা সমাজ জীৱন সততে উত্তপ্ত কৰি ৰাখিছিল৷ কিন্তু পৰৱর্তী কালত সেই সকলোৰে সেমেকা অৱস্থা আৰু পৰিণতিয়ে মানুহৰ মনবোৰ শেন আৰু ফেঁচাৰ প্রৱচনটোৰে সেমেকাই পেলাইছিল৷ তথাপি, এতিয়া ‘এইবাৰ শেনৰ এজাত’ বুলি বহু লোকে আশাৰে বাট চাইছে৷ সকলো সময়েহে ক’ব৷ অভিযানকাৰী আৰক্ষী আৰু আব্কাৰী বিষয়াবর্গৰ মাজতো, পূর্বৰে পৰা বিভিন্ন অপৰাধত জড়িত কোনো নাইনে? অপৰাধত জড়িত, অভিযুক্ত তথা গ্রেপ্তাৰ হোৱা কোনো মাফিয়াৰে হাত হস্তিনাপুৰলৈকে প্রসাৰিত নহয়তো? ড০ শর্মাৰ সন্মুখত অগ্ণি পৰীক্ষা৷ কোনোবাই ক’ৰবাত ‘ৰাজনৈতিক উদ্দেশ্য’ নিহিত থকাৰ সন্দেহ কৰাও অস্বাভাৱিক বা অসম্ভৱ নহয়৷ কিন্তু তেনে সন্দেহে ঘটনাবোৰ ‘মিছা’ বুলি প্রমাণ নকৰে৷
এটা ডাঙৰ প্রশ্ণ৷ সততে ‘দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ কথা কৈ থকা প্রাক্তন মুখ্য তথা গৃহ মন্ত্রী সর্বানন্দ সোণোৱালে পাঁচোটা বছৰত এইবোৰ কথাৰ একো শুং–সূত্র পোৱা নাছিলনে? জন্ম সূত্রে তেখেত ডিব্রুগড় জিলাৰ চাবুৱাৰ এখন গাঁৱৰ লোক৷ শিক্ষা–দীক্ষা ডিব্রুগড়তে৷ সক্রিয় ৰাজনৈতিক জীৱনত তেখেত প্রথমবাৰ (অগপ) বিধায়ক হৈছিল ডিব্রুগড়ৰে (অধিকাংশ) মৰাণ সমষ্টিৰপৰা৷ আনহাতে, ডিব্রুগড়ৰ কুখ্যাত ড্রাগ্য্ ব্যৱসায়ী ইলাহী শেইখৰ নাম দশকৰ পাছত দশক জুৰি মানুহৰ মুখে মুখে৷ ভাবিবলৈ কথাবোৰ বৰ কষ্টদায়ক৷ অখিল গগৈকে ধৰি অনেকজনে, বৰাক উপত্যকা আৰু কার্বি আংলঙকে ধৰি অসমৰ বিভিন্ন ঠাইত চলি থকা, কয়লা, চুপাৰি আদিৰ ছিণ্ডিকেইটৰ বাবে সোণোৱালক সঘনাই বিভিন্ন প্রকাৰে অভিযুক্ত কৰি আহিছে৷ ব্যক্তিগত ‘ৰাজনৈতিক’ পাশাখেলৰ ধামখুমীয়াত বা নাগপুৰী চক্রবেহুত এই কথাবোৰ হ্রীং ক্রীং ফৎ হ’ব নালাগে৷
মই অত্যন্ত সচেতন আৰু দুঃখিত যে লেখাটো বহুত দীঘল হৈছে৷ লিখিব নোখোজা কিছু কথাও সোমাই গৈছে পৰিস্থিতিৰ বাধ্যবাধকতাত৷ মোৰ লগত যোগাযোগ ৰখা অসংখ্য লোকে কয় যে তেখেতসকলে অসমৰ কথা আৰু জানিব খোজে৷ লিখিবলৈ এসাগৰ কথা থাকি গ’ল৷ কিন্তু উপায় নাই৷ এটা নিতান্ত অপৰিহার্য্য স্পর্শকাতৰ কথাৰে সামৰোঁ৷ মই মানসিকভাবে যিহেতু সম্পূর্ণ ধর্মনিৰপেক্ষ উদাৰ হিন্দু, গতিকে কথাটো লিখিবলৈ মোৰ নাওমানো সংকোচ নাই৷ মই ছে’কিউলা(ৰ্)ও, ধর্মনিৰপেক্ষও৷ উল্লেখ্য যে প্রকৃতপক্ষেSecular মানে ধর্মনিৰপেক্ষ নহয়৷ ভাৰতৰ কুটিল ৰাজনৈতিক পাকচক্রতহে সেই লেটিন্ শব্দটোৱে এই অর্থ, পোছাক পিন্ধি অভিধানতো ঠাই উলিয়াই লৈছে৷ সেই বুলি মই গোড়া মৌলবাদী অসমীয়াও নহওঁ, আৰু মহম্মদ আলী জিন্না, ছোহ্ৰাবর্দী খাঁ, যুলZul)ফিক্ৰ আলী ভুট্টো, মইনুল হক চৌধুৰী, শেইখ্ মুজিবুৰ ৰহমান, শেইখ হাসিনা, বে’গম খালেদা যিZI)য়াৰ দৰে, অসমক পূর্ব বংগ/পূব পাকিস্তান/বাংলাদেশৰ অন্তর্ভুক্তি কিম্বা ৰছুল হক বাহাদুৰৰ দৰে, পশ্চিম অসমত মুছলমানৰ স্বায়ত্ত শাসনৰ দাবীৰো সমর্থক নহওঁ৷ মই ‘কেব্’ CAB), ‘কা’ CAA)ৰ বিৰোধী কিন্তু কেব্ আৰু কা–বিৰোধী আন কিছু কিছু পক্ষৰ দৰে, মাথোন হিন্দু বাংলাদেশীৰ আমদানি আৰু সংস্থাপনৰহে বিৰোধী নহওঁ মই একেটা উশাহতে হিন্দু, মুছলমান, ক্রিস্শিয়ান্, শিখ, বৌদ্ধ, জৈন আদি–ইত্যাদি সকলো বাংলাদেশীৰে বহিষ্কৰণৰ দ্ব্যর্থহীন, প্রৱল দাবীদাৰ৷ পৰিষ্কাৰ কথা৷ সেয়ে, মই দুয়োটা পক্ষৰে বহুতো গোড়া মৌলবাদী তথা নির্বাচন খঁকুৱা, মতলবী লোকৰ, আৰু দুতলীয়া–তিনিতলীয়া বাকচবোৰৰ চকুৰ কুটা, দাঁতৰ শূল৷ সিসৱ মোৰ বিৰুদ্ধে ক্ষুব্ধ, মোৰ প্রতি শীতল৷
মই ক’বলৈ কুণ্ঠা বোধ নকৰোঁ যে উল্লিখিত ভয়ংকৰ অপৰাধীবোৰৰ প্রায় আটাই পূর্ব বংগীয়/পূব পাকিস্তানী/বাংলাদেশী মুছলমান৷ সূর্য্যৰ ৰশ্মি তথা গাখীৰ আৰু এঙাৰৰ নিজা নিজা ৰঙৰ দৰে সত্য আৰু স্পষ্ট এই কথা অস্বীকাৰ কৰিবলৈ বিচৰাটো গোড়ামি আৰু জধা মূর্খামি৷ তাৰ কাৰণ, আৰু সমস্যাটো নিৰাময়ৰ উপায়ৰ সন্ধানহে কাম্য৷ ব্রিটিশৰ নিজৰ কু–নীতি, ব্রিটিশৰ আমোলত ছাদুল্লাৰ অভিসন্ধি, ভোট খঁকুৱা, স্বদেশবিৰোধী, ভীৰু কংগ্রে’ছ দলৰ ভোট–ভঁৰাল সৃষ্টি আৰু স্থায়ীকৰণৰ জঘন্য কূট নীতিয়েয় এই আতংকজনক অস্থিৰ পৰিস্থিতিৰ বাবে দায়ী৷ মোৰ কথা নালাগে৷ মুক্তমনা, চিন্তাশীল, বিৱেকবান, উদাৰচিতীয়া আৰু ধীমান ভালেকেইগৰাকী প্রকৃত অসমীয়া মুছলমান আৰু বংগীয় মূলৰ মুছলমান লোকে এইবোৰ বিষয়ত বহুতো মূল্যৱান, যোগাত্মক কথা লিখিছে৷ মোলৈ মাজে মাজে গোৱালপাৰা, ধুবুৰী, বৰপেটা, দৰং আদি জিলাৰ ভিতৰুৱা ঠাইৰ পৰা ফৌন কৰা কিছুমান লোকৰ কথা শুনিলে মোৰ চকু সেমেকি যায়৷ ধুবুৰীৰ দুই–চাৰিজন বাঙালী হিন্দু৷ কটনত মোৰ সৈতে একেলগে অভিনয় কৰা ছিৰাজ, মুহিবুৰ, শামিম আখ্তাৰ, ছানিয়াৰা, ভাইজান আদি ছাত্র–ছাত্রীহঁতক মই আজিও মৰমেৰে সোঁৱৰোঁ৷
শেষত এইষাৰ কথা৷ চিলাৰায়ৰ পুত্র ৰঘুদেৱে স্থাপন কৰা আৰু তেওঁৰ বংশধৰসকলে ৰাজত্ব কৰা পূব কোঁচ ৰাজ্য দৰং, জাহাংগীৰ আৰু শাহ(‘শ্বাহ’ নহয়)জাহানে বহুবাৰ আক্রমণ কৰিছিল৷ তেতিয়াই বহু মুছলমান সেনা দৰং ৰাজ্যত থাকি গৈছিল৷ ব্রিটিশ্ ৰাজত্বত ১৮৯৪ চনৰ ২৮ ফে’ব্রুৱাৰীত ছিপাঝাৰৰ ওচৰৰ পথৰুঘাটত হোৱা কৃষক বিদ্রোহত ‘বগা বঙাল’ৰ গুলীত নিহত ১৪০জন দৰঙী লোকৰ নেতা কটো শেইখকে ধৰি বহুজন মুছলমান নিশ্চয় আছিল সেইসকলৰে বংশধৰ৷ পাছলৈ মুখ্য মন্ত্রী হোৱা এগৰাকী মহিলা ৰাজনীতিকেহে দলগাঁও, খাৰুপেটীয়া, ওৰাং, ৰৌতা, খৈৰাবাৰী, বেছিমাৰি আদি ঠাইক আজিৰ চেহেৰা আৰু আজিৰ ৰাজনীতি প্রদান কৰিলে৷ মোলৈ হোৱৎসএপ্ বার্তা তথা পুৱাৰ শুভেচ্ছা প্রেৰণ কৰা, উজনিৰ এগৰাকী মুছলমান মহিলাই মাজে মাজে শিশু কৃষ্ণৰ ছবি পঠায়৷ মই তেখেতৰ লগত তেনে কথা একো পতা নাই৷ অসমত জনসংখ্যাৰ ভিৰ আমাৰ সকলো সমস্যাৰ মূল৷ তবে, এখন আমরা সুৱাগুৰি তুলি আদৰিবলগীয়া নতুন ভৈয়াইসকলে বা কিমান ক’ৱিড্ বান্ধৱ আনে