নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত চুপাৰি মাফিয়া বাবলুৰ সন্ধানত আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা ২৪ জুনঃ সোণৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বহুবিতর্কিত আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাতীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে ন ন তথ্য৷ বদ্রীপ্রসাদৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে কালি নিশা গোলাঘাটত অভিযান চলাই নয়নজ্যোতি শর্মা নামৰ এজন লোকক সোধা–পোছাৰ বাবে আটক কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বদ্রীপ্রসাদ বাৰুৱাতীক ইন’ভা দিছিল নয়নজ্যোতি শর্মা নামৰ লোকজনে৷ কার্বি আংলঙত কর্মৰত হৈ থকা সময়ৰে পৰা বদ্রীপ্রসাদে চোৰাং ব্যৱসায়ীৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰি আহিছিল৷ চোৰাং সোণ, চুপাৰি, কয়লা বহিঃৰাজ্যলৈ সৰবৰাহৰ সুবিধা কৰি দিয়াৰ বিনিময়ত চোৰাং বেপাৰীৰ পৰা নিয়মীয়াকৈ ধন লাভ কৰিছিল আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদে৷ চোৰাং ব্যৱসায়ী চক্রৰে সু–সম্পর্ক ৰক্ষা কৰাৰ সুবাদতে নয়নজ্যোতি শর্মাই বদ্রীক উপহাৰ দিছিল ইন’ভা৷

ইফালে আৰক্ষীয়ে বদ্রীপ্রসাদৰ বাসভৱনৰ পৰা এখন বিলাসী বাহন জব্দ কৰিছিল৷ এই বিলাসী বাহনখনৰ গৰাকী চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুৰ বুলি জানিব পৰা গৈছে৷ চোৰাং ব্যৱসায়ীৰে সু–সম্পর্ক ৰক্ষা কৰি বদ্রীপ্রসাদে নামে–বেনামে গঢ়িছিল সম্পত্তিৰ পাহাৰ৷ চুপাৰি মাফিয়া বাবলুৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰাৰ তথ্য লাভ কৰি মহানগৰ আৰক্ষীয়ে কালি নিশা গোলাঘাট আৰক্ষীৰ সহযোগত বাবলুৰ বাসভৱনত অভিযান চলায়৷ অৱশ্যে আৰক্ষীয়ে বাবলুক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ চুপাৰি মাফিয়া বাবলুৰ বিশ্বস্ত সহযোগী নয়নজ্যোতিক মহানগৰ আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰে৷

বদ্রীপ্রসাদক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম চর্চালৈ আহিছিল৷ ডি আই জি আৰু এছ পি পর্যায়ৰ দুগৰাকী বিষয়াক বদ্রীপ্রসাদে নিয়মীয়াকৈ চোৰাং ব্যৱসায়ী চক্রৰ ধন আদায় দি অহা বুলিও আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াই চোৰাং সোণ সৰবৰাহৰ লগত উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্য লাভ কৰা নাই বুলি স্পষ্ট কৰি দিছে৷ যদিহে সোণৰ চোৰাং সৰবৰাহৰ তদন্ত সঠিক দিশত আগবাঢ়ে, তেন্তে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ তথ্য পোহৰলৈ আহিব বুলি চর্চা অব্যাহত আছে৷ বিশেষকৈ বদ্রীপ্রসাদৰ দৰে উপ–পৰিদর্শক এজনে কোনো শীর্ষ বিষয়াৰ ছত্রছায়াত চোৰাং সোণৰ সৰবৰাহ অব্যাহত ৰাখিছিল নেকি, সেয়া লক্ষণীয় হৈ পৰিছে৷

You might also like