বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চেম্পিয়ন নিউজিলেণ্ড
নিয়মীয়া বাৰ্তা ২৪ জুনঃ নিউজিলেণ্ডে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷ ছাউদাম্পটনত অনুষ্ঠিত ফাইনেল মেচখনত নিউজিলেণ্ডে টীম ইণ্ডিয়াক আঠ উইকেটত পৰাস্ত কৰে৷ মেচখনত নিউজিলেণ্ড দলটোৰ জয়ৰ মূলতেই আছিল উইলিয়ামছন আৰু ৰ’ছ টেইলৰৰ দর্শনীয় বেটিং৷ মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৩৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক কেন উইলিয়ামছনৰ অপৰাজিত ৫২ আৰু ৰ’ছ টেইলৰৰ অপৰাজিত ৪৭ ৰানৰ সহায়ত নিউজিলেণ্ডে ৪৫.৫ অ’ভাৰত দুটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ৪৪ ৰানত অ’পেনাৰদ্বয় লাথাম আৰু কনৱেক হেৰুৱাই কিৱি দলটো বিপদত পৰিছিল যদিও উইলিয়ামছন আৰু টেইলৰে তৃতীয় উইকেটৰ যুটিত অপৰাজিতভাৱে ৯৬ ৰান সংগ্রহ কৰি দলৰ জয় সুনিশ্চিত কৰে৷
ভাৰতৰ হৈ অশ্বিনে দুয়োটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে আগদিনা দুই উইকেটত কৰা ৬৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি নিউজিলেণ্ডৰ টিম ছাউডিৰ লগতে ট্রেণ্ট ব’ল্ট আৰু কাঈল জেমিছনৰ চমকপ্রদ বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ টীম ইণ্ডিয়াই ১৭০ ৰানতে দ্বিতীয় ইনিংছ সামৰে আৰু নিউজিলেণ্ডক জয়ৰ বাবে ১৩৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ প্রথম ইনিংছত ৩২ ৰানত পিছ পৰা ভাৰতীয় দলটোৱে আজি দলীয় স্ক’ৰত ১০৬ ৰান যোগ দি বাকী আঠটা উইকেট হেৰুৱায়৷ আগদিনা ৮ ৰানত অপৰাজিত বেটছমেনদ্বয় বিৰাট কোহলি আৰু শ্বেটেশ্বৰ পূজাৰাই আজি ভাৰতীয় দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়৷
আগদিনা ৮ ৰানত বেটিং কৰি থকা অধিনায়ক কোহলিয়ে আজি মাত্র পাঁচ ৰান কৰি পেভিলিয়নমুখী হয়৷ কোহলি আউট হোৱাৰ কিছু সময় পিছতে শ্বেটেশ্বৰ পূজাৰায়ো বিদায় লয়৷ পূজাৰাই ১৫ ৰানৰহে অৱদান আগবঢ়ায়৷ ইপিনে, আজিংক্য ৰাহানেও দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয় আৰু মাত্র ১৫ ৰানৰ অৱদানহে আগবঢ়ায়৷ অৱশ্যে ঋষভ পণ্টে জাদেজাৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰাৰ চেষ্টা চলাইছিল যদিও দলীয় স্ক’ৰ ১৪২ ৰানত জাদেজাই ব্যক্তিগত ১৬ ৰানত বিদায় লয়৷ আউট হোৱাৰ পূর্বে জাদেজাই পণ্টৰ সৈতে ষষ্ঠ উইকেটত ৩৩ ৰান কৰে৷ দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৰ হৈ সর্বাধিক ৪১ ৰান কৰে পণ্টে৷ নিউজিলেণ্ডৰ হৈ ছাউডিয়ে চাৰিটা, ব’ল্টে তিনিটা, জেমিছনে দুটা আৰু ৱাগনাৰে এটা উইকেট লয়৷