নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

MOTHER OLD AGE HOME পৰিচালনাত বেমেজালি ঘটনা সন্দৰ্ভত উপায়ুক্তক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ গুৱাহাটীৰ হাতীগাঁওস্থিত মাডাৰ্ছ অল্ড এজ হোম পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ ঘটনা দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মাডাৰ্ছ অল্ড এজ হোমৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

You might also like