হেৰ’ইনসহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰঃ ৩ বাহন জব্দ
নিয়মীয়া বাৰ্তা ২৪ জুনঃ মহানগৰীৰ দাতালপাৰাত বুধবাৰে ফটাশিল আৰক্ষীয়ে অভিযান চলাই এটা নাৰীদেহ ব্যৱসায়ীক উৎখাত কৰে৷ আৰক্ষীয়ে নাৰীদেহ ব্যৱসায়ী চক্রৰ লগত জড়িত থকাৰ অভিযোগত তিনিগৰাকী যুৱতী আৰু তিনিজন যুৱকক আটক কৰে৷ ধৃত যুৱক তিনিজন নাচিৰুদ্দিন, আতোৱাৰ আলী আৰু বিতু দাস৷ আৰক্ষীয়ে যুৱক তিনিজনৰ পৰা ড্রাগ্ছভর্তি ২০টা প্লাষ্টিকৰ কণ্টেইনাৰ আৰু দুখন বাইক জব্দ কৰে৷
ইপিনে, নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ গড়চুক আৰক্ষীয়ে আজি গোপন সূত্রৰ পমখেদি আই এছ বি টি তিনিআলিৰ পৰা ড্রাগ্ছসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীজন ধুবুৰী জিলাৰ মানকাচৰৰ জুৰডাংগা গাঁৱৰ মিচতাল হক (২৮) বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা ৩৭টা প্লাষ্টিকৰ কণ্টেইনাৰভর্তি প্রায় ৬ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে এ এছ ০১ একে ৩২৯২ নম্বৰৰ এখন চাৰিচকীয়া বাহন, এখন ভোটাৰ পৰিচয়–পত্র, আধাৰ কার্ড, তিনিখন পানকার্ড, এটা মানীবেগ আৰু এখন গাড়ীচালনাৰ পৰিচয়–পত্র উদ্ধাৰ কৰে৷ উল্লেখ্য যে তেওঁ আজি পুৱা ড্রাগ্ছখিনি কামাখ্যা ষ্টেচনৰ সমীপত আহমেদ নামৰ এজন যুৱকৰ পৰা ক্রয় কৰিছিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত ৪১০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷