নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাতালপাৰাৰ নতুনবস্তিৰ অবৈধ বেদখল উচ্ছেদ

বনাঞ্চলৰ ৬৭০.৪৪ হেক্টৰ ভূমিৰ ২২০ হেক্টৰ বেদখলকাৰীৰ কবলত

নিয়মীয়া বাৰ্তা ২৪ জুনঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত বেদখল কৰিছে একাংশ ভূ–মাফিয়া আৰু সন্দেহযুক্ত নাগৰিকে৷ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ ভূ–মাফিয়াই সংৰক্ষিত বনাঞ্চলত বেদখল কৰি সৰু সৰু ঘৰ সাজি বসবাস কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ১৬খন সংৰক্ষিত বনাঞ্চলৰ কেইবাশ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে৷ শেহতীয়াকৈ আমচাং অভয়াৰণ্যৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে জিলা প্রশাসন আৰু বন বিভাগে অভিযান চলাই উচ্ছেদ কৰিছিল৷

বুধবাৰে ফটাশিল সংৰক্ষিত বনাঞ্চলত ভূমি বেদখল কৰি জুপুৰি সাজি বসবাস কৰা লোকসকলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায়৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ নির্দেশত ফটাশিল–আমবাৰীৰ খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে দাতালপাৰাৰ নতুনবস্তিৰ সংৰক্ষিত বনাঞ্চলত অভিযান চলাই ৬টাকৈ বাসগৃহ উচ্ছেদ কৰে৷ বন বিভাগৰ দলটোৱে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাক লৈ নতুনবস্তিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে বন বিভাগৰ দলটোৱে বনাঞ্চলৰ ভূমিত থকা বাসগৃহকেইটা ভাঙি পেলায়৷ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিমাণ সর্বমুঠ ৬৭০.৪৪ হেক্টৰ৷ ইয়াৰ ভিতৰত ২২০ হেক্টৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে৷ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি সজা ৬টাকৈ বাসগৃহ উচ্ছেদ কৰি বন বিভাগে বাঃ বাঃ লৈছে যদিও ২২০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’বনে৷

You might also like