শংকৰ চন্দ্র দাসৰ প্রয়াণ অসমৰ ৰাজনৈতিক–সামাজিক জীৱনৰ বৃহৎ ক্ষতি
নিয়মীয়া বাৰ্তা ২৫ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী, বৰপেটা জিলা বিজেপিৰ সভাপতি তথা শেহতীয়া বিধানসভা নির্বাচনত সৰভোগ সমষ্টিৰ বিজেপি প্রার্থী সদ্যপ্রয়াত শংকৰ চন্দ্র দাসৰ সৰভোগস্থিত বাসগৃহত ডপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা নিবেদন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ পৰিয়ালটোক সাক্ষাতৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাও আছিল৷
ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রীয়ে কয় যে জনসংঘৰ কালৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত জডিত প্রয়াত শংকৰ চন্দ্র দাসে বৰপেটা জিলাত দলটোৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্রত অভূতপূর্ব ভূমিকা পালন কৰিছিল৷ সৰভোগ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ডৎসর্গিত মনোভাৱেৰে কাম কৰা প্রয়াত দাসে বৰপেটা জিলাৰ শংকৰদেৱ শিশু নিকেতনসমূহৰ বিকাশৰ দিশতো বিশাল বৰঙণি আগবঢ়াই গৈছে৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পৰিচাকমণ্ডলীৰ অন্যতম সদস্য হিচাপেও সেৱা আগবঢ়োৱা শংকৰ চন্দ্র দাসৰ মৃত্যুত সৰভোগ, বৰপেটাৰোড আৰু বৰপেটা জিলাৰ ৰাইজে এগৰাকী ডৎসর্গিত সমাজকর্মীক হেৰুৱালে বুলি তেওঁ মন্তব্য কৰে৷ অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ বাবেও অহোপুৰুষার্থ কৰা এহগৰাকী নিষ্ঠাৱান সমাজকর্মীৰ বিয়োগ অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বাবে এক বৃহৎ ক্ষতি বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কয়৷