নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিশ বছৰৰ পিছত নাজিৰা-শিৱসাগৰ টাউন ঘৰুৱা গেছ যোগানৰ চুক্তিপত্ৰ নৱীকৰণ কৰিলে অসম গেছ কোম্পানীয়ে

নিয়মীয়া বাৰ্তা,২৫ জুন –— সুদীৰ্ঘ তিনি দশকৰ মূৰত নাজিৰা-শিৱসাগৰ টাউন ঘৰুৱা গেছ যোগানৰ চুক্তিপত্ৰ অৱশেষত নৱীকৰণ কৰিলে অসম গেছ কোম্পানীয়ে । কেতবোৰ বিভিন্ন কাৰণত নিৰ্দিষ্ট সময়ে সময়ে কোম্পানীৰ গেছ-যোগানৰ নৱীকৰণ সম্ভৱ হৈ নুঠিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত কোম্পানীৰ আভ্যন্তৰত বিভিন্ন বিসংগতিৰো উদ্ভৱ ঘটিছিল । কিন্তু লক্ষণীয় যে প্ৰায় ডেৰবছৰ পূৰ্বে অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হোৱা গকুলচন্দ্ৰ স্বৰ্গীয়াৰীৰ প্ৰচেষ্টাতে সকলো বিসংগতি আঁতৰাই ৩০ বছৰ পূৰ্বে কৰা উক্ত চুক্তিপত্ৰখন কালি বৃহস্পতিবাৰে পুনৰ স্বাক্ষৰ প্ৰদানেৰে নৱীকৰণ সম্পূৰ্ণ কৰি তুলিলে ।

তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অ’এনজিচিৰ নাজিৰাস্হিত কাৰ্যালয়ত অ’এনজিচিৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ কুমাৰ শৰ্মা আৰু অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে পুৰণি চুক্তিপত্ৰত স্বাক্ষৰ প্ৰদানেৰে নৱীকৰণ কৰি নাজিৰা-শিৱসাগৰ টাউন ঘৰুৱা গেছ যোগানৰ আঁচনি আনুষ্ঠানিকভাৱে কাৰ্য্যক্ষম কৰি তুলিলে । এই চুক্তিপত্ৰত স্বাক্ষৰ কৰি উক্ত দিনটো অসম গেছ কোম্পানী লিমিটেডৰ বাবে এক গৌৰৱময় অধ্যায় বুলি উল্লেখ কৰিছে কোম্পানীৰ বিষয়াগৰাকীয়ে । চুক্তিপত্ৰ নৱীকৰণৰ কাৰ্যসূচীত উপস্থিত থাকে অসম গেছ কোম্পানীৰ গেছ মাৰ্কেটিং বিজনেছ বিভাগৰ উপ- মহাপ্ৰৱন্ধক মনোজ কুমাৰ বৰুৱা, অ’এনজিচিৰ ব্যৱসায় মুৰব্বী ধীৰাজ চলিহা আৰু অন্যান্য ।

You might also like