নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকৰ দৌৰৰ পৰা কিয় বাহিৰ হিমা দাস…

নিয়মীয়া বাৰ্তা ৩০ জুনঃ সমাগত টকিঅ’ অলিম্পিকৰ যোগ্যতা অর্জনৰ দৌৰৰ পৰা বাহিৰ হৈছে অসম কন্যা হিমা দাস৷ পাটিয়ালাত মঙলবাৰে সামৰণি পৰা ৬০সংখ্যক ৰাষ্ট্রীয় আন্তঃৰাজ্যিক এথলেটিক্ছ চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ হিটছত সন্মুখীন হোৱা আঘাতৰ পৰিণতিত ধিং এক্সপ্রেছখ্যাত তাৰকা দৌৰবিদগৰাকীৰ অলিম্পিকৰ সপোন চূৰমাৰ হয়৷ দুদিন পূর্বে মাংসপেশীৰ আঘাতৰ সন্মুখীন হোৱা হিমাই মঙলবাৰে আঘাত সত্ত্বেও ২০০ মিটাৰ দৌৰৰ ফাইনেলত ট্রেকত নামে যদিও অলিম্পিকৰ যোগ্যতা নির্ণায়ক সময়সীমা স্পর্শ কৰিবলৈ সক্ষম নহ’ল৷

উল্লেখ্য যে পাটিয়ালাতে যোৱা সপ্তাহত অনুষ্ঠিত ইণ্ডিয়ান গ্রাঁ–প্রি এথলেটিকছত হিমাই চমকপ্রদ প্রদর্শনেৰে দুটাকৈ স্বর্ণ জয় কৰিছিল যদিও অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব পৰা নাছিল৷ মঙলবাৰে সামৰণি পৰা প্রতিযোগিতাখন তেওঁৰ বাবে আছিল অলিম্পিকলৈ যোগ্যতা অর্জনৰ অন্তিম ইভেণ্ট৷ চিকিৎসকে বিশ্রাম দিয়া হিমাই এতিয়া পাটিয়ালাৰ প্রস্তুতি শিবিৰত থাকি নিজকে সুস্থ কৰি তোলাৰ চেষ্টা চলাব৷ তেওঁৰ পৰৱর্তী লক্ষ্য হ’ব অহা বর্ষৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ৷

You might also like