শিশুৰ নতুন প্রতিষেধক পিচিভি মুকলি
নিয়মীয়া বাৰ্তা ১ জুলাইঃ অসমৰ শিশুসকলক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে আজিৰে পৰা নিউম’ক’ক্কেল কনজুগেট ভেকচিন’ (পি চি ভি) নামৰ এবিধ নতুন প্রতিষেধক প্রদানৰ অভিযান আৰম্ভ কৰিছে৷ স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সার্বজনীন টিকাকৰণ কার্যসূচীত এই নিউম’নিয়া প্রতিৰোধী প্রতিষেধকবিধ প্রথমবাৰলৈ অন্তর্ভুক্তিৰে ৰাজ্যত আজিৰে পৰা পি চি ভি টিকাকৰণ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক স্বাস্থ্য কেন্দ্রত বুধবাৰে আগবেলা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী মহন্তই এটা ডেৰমহীয়া শিশুক কোলাত তুলি লৈ প্রথম পালি নিউম’ক’ক্কেল কনজুগেট ভেকচিন প্রদানেৰে ৰাজ্যজোৰা এই অভিযান উদ্বোধন কৰে৷
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্র নাটে আৰু চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মনৰ উপস্থিতিত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত নিউম’নিয়া প্রতিৰোধী এই নতুন টিকাকৰণ কার্যসূচী মুকলি কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয়– ‘আজিৰে পৰা অসমৰ সার্বজনীন টিকাকৰণ কার্যসূচীত এটা নতুন প্রতিষেধকৰ অন্তর্ভুক্তিৰে আমাৰ ৰাজ্যখনৰ শিশুসকলক নিউম’নিয়াৰ সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে প্রয়াস আৰম্ভ কৰিছে৷ ৫বছৰৰ তলৰ শিশুসকল ষ্টেপট’ক’কাছ নিউম’নি নামৰ এবিধ বেক্টেৰিয়াৰ বাবে নিউম’নিয়াত আক্রান্ত হয়৷ নিউম’ক্কাছৰ সংক্রমণৰ ফলত নিউম’নিয়াৰ লগতে মেনিনজাইটিছ আৰু চেপ্ঢিছেমিয়াও হ’ব পাৰে৷ আজিৰে পৰা অসমতো চৰকাৰী বিনামূলীয়া টিকাকৰণ কার্যসূচীত এই নিউম’ক’ক্কেল কনজুগেট ভেকচিন (পি চি ভি)কো আমি সামৰি লোৱাৰ ব্যৱস্থা কৰি আমাৰ শিশুসকলক সুৰক্ষিত কৰিব বিচাৰিছেছা৷ ৰাজ্যৰ প্রতিগৰাকী নৱজাতক শিশুৰ মাতৃকে আহ্বান জনাইছেছা যে তেওঁলোকে যাতে সপ্তাহৰ প্রতি বুধবাৰে স্বাস্থ্য বিভাগে হাতত লোৱা সার্বজনীন টিকাকৰণ কার্যসূচীৰ জৰিয়তে নিজ নিজ সন্তানক এই প্রতিষেধক প্রদান কৰি নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহে৷’
উল্লেখ্য যে মুঠ তিনিটা পালিৰ এই পি চি ভি প্রতিষেধকবিধৰ প্রথম পালি শিশুক জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি চৈধ্য সপ্তাহত আৰু অন্তিম পালি ৯ মাহ বয়সত দিব লাগে৷ স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক নাটেই অনুষ্ঠানত প্রকাশ কৰে যে এই নিউম’নিয়া প্রতিৰোধী প্রতিষেধকবিধ সম্পূর্ণ বিনামূলীয়া আৰু অতি সুৰক্ষিত প্রতিষেধক৷ ভাৰতত ২০১৭ চনত পৰীক্ষামূলকভাৱে প্রথম পর্যায়ত মাথোঁ পাঁচখন ৰাজ্যতহে এই পি চি ভি প্রতিষেধকবিধ সার্বজনীন টিকাকৰণ কার্যসূচীত অন্তর্ভুক্ত কৰা হৈছিল যদিও ২০২১ চনত অসমকে ধৰি সকলো ৰাজ্যতে ইয়াক নিয়মীয়া চৰকাৰী টিকাকৰণ কার্যসূচীত সামৰি ল’বলৈ কেন্দ্রীয় চৰকাৰে অনুমোদন জনায়৷ এতিয়ালৈকে বিশ্বৰ ১৪৬খন দেশত এই প্রতিষেধকবিধ ৰাষ্ট্রীয় টিকাকৰণ কার্যসূচীত অন্তর্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্রকাশ কৰে৷
গুৱাহাটীৰ এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ প্রতিখন জিলা সদৰতো উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলৰ উপস্থিতিত বুধবাৰে আয়োজিত জিলাস্তৰীয় অনুষ্ঠানৰ জৰিয়তে পি চি ভি প্রতিষেধক প্রদান অভিযান জিলাসমূহতো আজি আৰম্ভ কৰা হয়৷ স্বাস্থ্যমন্ত্রী মহন্তই অংশগ্রহণ কৰা ৰাজ্যিক অনুষ্ঠানটো প্রতিখন জিলা সদৰত আয়োজিত এই জিলাস্তৰীয় অনুষ্ঠানসমূহতো ভার্চুৱেল মাধ্যমেৰে সংযুক্ত কৰি প্রচাৰ কৰা হয়৷
ইপিনে, এই অনুষ্ঠানৰ পাছতেই সংবাদ মাধ্যমৰ আগত ক’ভিড ভেকচিনৰ প্রসংগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে যোৱা ২১ জুনৰ পৰা প্রথম তিনিটা দিনত দৈনিক তিনি লাখকৈ লোকক ভেকচিন দিয়া হয়৷ সেই তিনিটা দিনত ৰাজ্যখনত মুঠ ৯.৮৪ লাখ লোকক ভেকচিন প্রদান কৰা হয়৷ বর্তমান দৈনিক কেন্দ্রৰ পৰা একৰ পৰা ডেৰ লাখকৈ ভেকচিন লাভ কৰি আহিছে৷ অহা জুলাই মাহৰ প্রথম সপ্তাহৰ পৰা ভেকচিনৰ সংখ্যা বৃদ্ধি পাব৷