নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁও–বাঘৰবড়িত্ বিশুদ্ধ খোৱাপানীৰ নাটনি

নিয়মীয়া বাৰ্তা ১ জুলাইঃ বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত মহানগৰীৰ ৩১নং ৱার্ড৷ গুৱাহাটী পৌৰ নিগমৰ ৩১নং ৱার্ডৰ পাঞ্জাবাৰী, বতাহঘুলি, বাঘৰবড়ি, সাতগাঁও আৰু নোৱাপাৰাকে ধৰি অন্যান্য অঞ্চলত বিভিন্ন সমস্যাৰ মাজত স্থানীয় বাসিন্দাসকলে দিন পাৰ কৰিবলগীয়া হৈছে৷ বৃহত্তৰ সাতগাঁও অঞ্চলত অধিকাংশ বাট–পথ আজিও পকীকৰণ হোৱা নাই৷ মূল পথৰ বাহিৰে প্রায়বোৰ পথ, উপপথ পকীকৰণ নোহোৱাৰ বাবে এজাক বৰষুণতেই বোকাময় হৈ পৰে৷ ফলত যাতায়াতৰ ক্ষেত্রত বৃহত্তৰ অঞ্চলবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷

তদুপৰি পথৰ দাঁতিত বিজ্ঞানসন্মত নলা–নর্দমা নথকাৰ বাবে এজাক বৰষুণতেই পথৰ ওপৰত একাঁঠু পানী জমা হয়৷ বাৰিষাত কদর্যময় পথেৰে যাতায়াত কৰাৰ বিপৰীতে খৰালিৰ সময়ছোৱাত জৰাজীর্ণ পথেৰে শিল–বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰ চলাচল কৰাত ধূলি–বালিৰ মাজেৰে যাতায়াত কৰিবলগীয়া হয়৷ দিছপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত জি এম চিৰ ৩১নং ৱার্ডৰ বাসিন্দাসকলে এশ এবুৰি সমস্যাৰ মাজত দিন পাৰ কৰি আহিছে যদিও এইক্ষেত্রত জনপ্রতিনিধিয়ে আজিকোপতি ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাই বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিছে৷ যাতায়াতৰ সমস্যাৰ লগতে অঞ্চলটোত পর্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ৷

গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে মহানগৰীত খোৱাপানী যোগানৰ বাবে বহু আঁচনি গ্রহণ কৰিছে যদিও ৩১নং ৱার্ডৰ অধিকাংশ অঞ্চল এইসমূহ আঁচনিয়ে ঢুকি পোৱা নাই৷ বাঘৰবড়িৰ চানেকী পথ আৰু স্থানীয় প্রাথমিক বিদ্যালয়ৰ সমীপত জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান প্রকল্প স্থাপন কৰি একাংশ লোকক সংযোগ দিছে যদিও নিয়মীয়াকৈ পানী যোগান ধৰিব পৰা নাই বুলি ভুক্তভোগী লোকে জানিবলৈ দিছে৷ সেয়েহে যাতায়াত সুবিধার্থে বাট–পথ পকীকৰণ কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় বাসিন্দাসকলে চৰকাৰৰ দাবী জনাইছে৷ উল্লেখ্য যে অঞ্চলটোৰ একাংশ লোকে দৈনিক পানী ক্রয় কৰি খৰচ কৰাৰ বিপৰীতে আন একাংশই কুঁৱাৰ পানী ব্যৱহাৰ কৰিছে৷ শেহতীয়াকৈ অঞ্চলটোৰ বহু কুঁৱা শুকাই যোৱাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অঞ্চলটোৰ বহু পৰিয়ালে হাহাকাৰ কৰিবলগীয়া হৈছে৷

You might also like