মাছৰ পৰিমাণ হ্রাস কৰাৰ নির্দেশঃ আন্তঃগাঁথনি উন্নয়নৰ পোষকতা
নিয়মীয়া বাৰ্তা ১ জুলাইঃ মহানগৰীৰ দীঘলীপুখুৰীৰ উন্নয়নৰ লগতে ইয়াৰ মাছ–কাছৰ সংৰক্ষণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ বিগত কেইবাদিন ধৰি পুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু হোৱাৰ পাছত বুধবাৰে অসম চৰকাৰৰ পর্যটন আৰু অন্যান্য কেইবাটাও বিভাগৰ মন্ত্রী বিমল বৰা দীঘলীপুখুৰীৰ মাছ মৰা পৰিস্থিতিৰ বুজ লয়৷ মীন বিভাগ আৰু জিলা প্রশাসনৰ কেইবাগৰাকী বিষয়া–কর্মচাৰীৰ উপস্থিতিত মন্ত্রীগৰাকীয়ে দীঘলীপুখুৰী পাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত পর্যটন বিভাগে যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে৷
বিশেষকৈ দীঘলীপুখুৰীত যাতে নলা–নর্দমাৰ পানী সোমাই পানী প্রদূষিত কৰিব নোৱাৰে তাৰ বাবে মন্ত্রীগৰাকীয়ে প্রশাসনিক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ তদুপৰি দীঘলীপুখুৰীৰ মাছৰ সংৰক্ষণৰ ক্ষেত্রত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে৷
আনহাতে, দীঘলীপুখুৰীত মাছৰ পৰিমাণ বৃদ্ধি পোৱা বাবে পানীত অক্সিজেন হ্রাস পোৱা বুলি বিশেষজ্ঞসকলে মতপোষণ কৰাত মন্ত্রীগৰাকীয়ে পুখুৰীত মাছৰ পৰিমাণ হ্রাস কৰিবলৈ নির্দেশ দিয়ে৷ অহা শুকুৰবাৰৰ পৰা পুখুৰীত মাছৰ পৰিমাণ কমাবলৈ মন্ত্রীগৰাকীয়ে নির্দেশ দিয়াৰ উপৰি পানী পৰিষ্কাৰৰ ক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাৰ বাবে মীন বিভাগৰ বিষয়া–কর্মচাৰীসক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷