প্রত্যেক আৰক্ষী থানালৈ বছৰি ২.৫০ লাখ টকাকৈ
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যত চলি থকা হত্যা, ধর্ষণ, ড্রাগ্ছৰ অবৈধ বেহাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰা ৰাজ্য চৰকাৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ এই লক্ষ্যৰে অচিৰেই প্রতিখন আৰক্ষী থানালৈ আকস্মিক পুঁজি হিচাপে বছৰি প্রদান কৰা হ’ব ২.৫ লাখ টকাকৈ৷ সোমবাৰে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা সন্মিলনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পুঁজিৰ উপৰি সকলো থানাৰে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলক একোখনকৈ বাহন প্রদান কৰাৰ কথাও সোমবাৰে উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷
তেওঁ কয়– আৰক্ষীৰ কাম–কাজ সুস্থিৰভাৱে পৰিচালনা কৰিবলৈ একোখনকৈ বাহন দিয়াৰ লগতে এজাহাৰ দাখিল কৰাকে ধৰি সকলো কাম দ্রুত আৰু সুশৃংখলিত কৰাৰ বাবে প্রদান কৰা হ’ব তিনিটাকৈ কম্পিউটাৰ৷ তদুপৰি দুর্গম অঞ্চলত থকা থানাসমূহলৈ প্রদান কৰা হ’ব মটৰচাইকেল৷ ইফালে আৰক্ষী বিষয়াসকলে যাতে থানা চৌহদতে থাকি যিকোনো সমস্যা তৎকালে সমাধানৰ পদক্ষেপ ল’ব পাৰে, তাৰ বাবে ভাৰপ্রাপ্ত আৰক্ষী বিষয়া আৰু তিনিজন উপ–পৰিদর্শকৰ বাবে থানাৰ চৌহদত নির্মাণ কৰা হ’ব আৱাসিক কোৱার্টাৰ৷ যিবোৰ থানাত মাটি আছে, সেই থানাসমূহত কোৱার্টাৰ নির্মাণ ক্ষিপ্রতাৰে আৰম্ভ কৰা হ’ব আৰু যিবোৰ থানাত মাটি নাই, সেই থানাবোৰৰ বাবে স্থানীয় বিডিঅ’ৰ জৰিয়তে মাটিৰ ব্যৱস্থা কৰা হ’ব৷ একে সময়তে প্রতিখন আৰক্ষী থানাতে এটাকৈ জেনেৰেটৰৰ যোগান ধৰা হ’ব৷
এই সন্মিলনতে মুখ্যমন্ত্রীয়ে কয় যে আৰক্ষী থানাত কর্মৰত লোকসকলৰ বাবে প্রতি ১৫ দিনৰ অন্তৰত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক দায়িত্ব অর্পণ কৰা হৈছে৷ আনহাতে, আৰক্ষী থানাসমূহত আৰক্ষী বিষয়াসকলে যাতে বিস্তৃত আৰু ত্রুটিমুক্ত অভিযোগনামা প্রস্তুত কৰিব পাৰে, সেই লক্ষ্যৰে চি আই ডিৰ জৰিয়তে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলক বিশেষ প্রশিক্ষণ প্রদান কৰা হ’ব৷ সমান্তৰালভাৱে আদালতত ন্যায় প্রদান আৰু অপৰাধীক শাস্তি বিহা প্রক্রিয়াটো ক্ষিপ্র কৰাৰ লক্ষ্যৰে নিয়োগ কৰা হ’ব দক্ষ চৰকাৰী অধিবক্তা৷ কালিৰ এই সন্মিলনত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশ লয়৷