খাৰঘুলি–চানমাৰি–উজান বজাৰত খোৱাপানীৰ নাটনি
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে কেইবাটাও বৃহৎ পানী যোগান প্রকল্পৰ কাম আৰম্ভ কৰিছে যদিও আজিকোপতি এইসমূহ কার্যক্ষম হৈ উঠা নাই৷ ফলত মহানগৰবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ মহানগৰীৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ খোৱাপানীৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে৷
বিশেষকৈ মহানগৰীৰ উজান বজাৰ, চানমাৰি, শিলপুখুৰী আৰু খাৰঘুলিকে ধৰি বৃহত্তৰ অঞ্চলটোত খোৱাপানীৰ তীব্র নাটনিয়ে দেখা দিছে৷ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে বৃহত্তৰ অঞ্চলটোত গুৱাহাটী পৌৰ নিগমে সাতপুখুৰী পানী যোগান আঁচনিৰ পৰা খোৱাপানী যোগান ধৰি আহিছে৷ কিন্তু প্রায় ৬০ বছৰ পুৰণি এই আওপুৰণি পানী যোগান আঁচনিখনৰ মেচিনসমূহ ক্রমাৎ বিকল হৈ পৰাত চাহিদা অনুপাতে অঞ্চলবাসীক পৌৰ নিগমে পানী যোগান ধৰাত ব্যর্থ হৈছে৷
শেহতীয়াকৈ পৌৰ নিগমে এই আঁচনিখনৰ পৰা যোগান ধৰি অহা পানী ব্যৱহাৰৰ উপযোগী নহয় বুলি ভুক্তভোগী পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ সাতপুখুৰীৰ পানী যোগান আঁচনিৰ পৰা জি এম চিয়ে যোগান ধৰা পানী ঘোলা অথবা অপৰিশোধিত বুলি অভিযোগ কৰে স্থানীয় ৰাইজে৷ জি এম চিৰ পানীত যোৱা কেইবাদিনো ধৰি বোকা মিহলি আৰু লেতেৰা গেছ অহাৰ বাবে বৃহত্তৰ অঞ্চলবাসীয়ে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ একাংশ লোকে পানী ক্রয় কৰি চলিছে যদিও অধিকাংশ লোক আর্থিক দুৰৱস্থাৰ বাবে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে৷
উল্লেখ্য যে ৬০ বছৰ পুৰণি সাতপুখুৰী পানী যোগান আঁচনিৰ অধিকাংশ পাম্প তথা মেচিনৰ ম্যাদ ৩০ বছৰ পূর্বেই উকলি গৈছে৷ জি এম চিয়ে স্থানীয় লোকৰ হেঁচাত এইসমূহ মেৰামতি কৰাৰ বাবে সময়ে সময়ে ব্যৱস্থা গ্রহণৰ কথা উল্লেখ কৰি আহিছে যদিও কার্যত সেয়া ফুটুকাৰ ফেন হৈছে৷ ফলত খাৰঘুলি, শিলপুখুৰী, চানমাৰি আৰু উজান বজাৰৰ বাসিন্দাসকল বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে৷ সেয়ে শীঘ্রে পানী যোগান প্রকল্পটো মেৰামতি কৰাৰ লগতে বৃহত্তৰ অঞ্চলবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷