নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ চিৰাগৰ

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্প্রসাৰিত নতুন মন্ত্রী সভাত পশুপতি কুমাৰ পৰশক অন্তর্ভুক্ত কৰা ঘটনাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে লোক জনশক্তি পার্টী (এলজেপি)ৰ সভাপতি চিৰাগ পাছোৱানে৷ কালি চিৰাগে ঘোষণা কৰিছিল যে পিতৃ ৰাম বিলাস পাছোৱানৰ ভাতৃ তথা দলৰ বিদ্রোহী সাংসদ পশুপতি কুমাৰ পৰশক বহিষ্কাৰ কৰা হৈছে৷ গতিকে এল জে পিৰ কোটাৰ পৰা নেতাগৰাকীক কেন্দ্রীয় মন্ত্রীসভাত স্থান দিয়া বিষয়টোক লৈ ক্ষুব্ধ হৈছে চিৰাগ৷ আনকি দিল্লী উচ্চ ন্যায়ালয়ত লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰিছে চিৰাগ পাছোৱানে৷

You might also like