নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ মোদী ২.০ চৰকাৰৰ সম্প্রসাৰিত মন্ত্রীসভাৰ প্রথমখন কেবিনেটত স্বাস্থ্য আৰু কৃষিক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত স্বাস্থ্য আৰু কৃষিক লৈ বিশেষ পেকেজৰ সিদ্ধান্ত লয়৷ বৈঠকৰ সিদ্ধান্তমর্মে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে ২৩,১০০ কোটি টকাৰ জৰুৰী পেকেজ কৃষিখণ্ডত এক লাখ কোটিৰ আন্তঃগাঁথনি প্রকল্পৰ অনুমোদন জনোৱা হয়৷
নতুনকৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা মনসুখ মান্দাভিয়াই সংবাদ মেলত কেবিনেটত ২৩,১০০ কোটি টকাৰ জৰুৰী স্বাস্থ্য পেকেজৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ক’ভিডৰ দ্বিতীয় জোৱাৰৰ পাছত ক’ভিডৰ তৃতীয় জোৱাৰৰ সম্ভাৱনাক লৈ প্রস্তুতিত এই ধন ব্যয় কৰা হ’ব৷ ৮,০০০ কোটি টকা ৰাজ্য আৰু ১৫,০০০ কোটি টকা কেন্দ্রই ব্যয় কৰিব৷
ইপিনে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে কয় যে কৃষি আইন প্রত্যাহাৰ কৰিব নোৱাৰি৷ বিকল্পৰ বাবে কৃষকৰ সৈতে আলোচনাৰ বাবে চৰকাৰ সাজু৷ নাৰিকলৰ খেতিৰ সৈতে জড়িত কৃষকক সহায় কৰাৰ বাবে কেন্দ্রই পদক্ষেপ গ্রহণ কৰিব৷ নাৰিকল বিকাশ ব’ডৰ চি ই অ’ এগৰাকী কৃষক হ’ব৷ নাৰিকল ব’ড আইন সংশোধনত কেবিনেটে অনুমোদন জনায়৷ তেনেদৰে এ পি এম চি (এগ্রিকালচাৰ প্রডিউছ ডেভেলপমেণ্ট কমিটী) কোনো কাৰণতে বিনাশ কৰা নাই বুলিও মন্ত্রীগৰাকীয়ে সদৰী কৰে৷
তদুপৰি মন্ত্রীগৰাকীয়ে কৃষকক আন্দোলন প্রত্যাহাৰ কৰিবলৈও আহ্বান জনায়৷ কেবিনেট বৈঠকৰ সিদ্ধান্তক লৈ আয়োজিত সংবাদ মেলত নতুন কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী অনুৰাগ ঠাকুৰে কয় যে এ পি এম চি শক্তিশালী কৰিবলৈ বিগত বর্ষত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছিল৷ কালিৰ কেবিনেটত এ পি এম চিৰ জৰিয়তে এক লাখ কোটি টকা ব্যয় সাপেক্ষে কৃষকৰ কাৰণে আন্তঃগাঁথনি প্রকল্প নির্মাণ কৰা হ’ব৷ ইয়াৰ জৰিয়তে দেশজুৰি এ পি এম চিক শক্তিশালী কৰা হ’ব৷