নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীত আহত ডিব্রুগড়ৰ কুখ্যাত গৰু চোৰ টিকলু খান

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ থানাসমূহৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি ঘোষণা কৰাৰ পাছতে বৃহস্পতিবাৰে ডিব্রুগডত আৰক্ষী কবলৰ পৰা পলাই ব্রহ্মপুত্রৰ বুকুত জজাপ দিবলৈ চেষ্টা কৰাৰ সময়তে দুর্ধর্ষ গৰু চোৰ টিকলু খানলৈ ডিব্রুগড আৰক্ষীয়ে এজাঁই গুলীচালনা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ব্রহ্মপুত্রৰ বালি চাপৰিত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ কালি ৯৫টা চুৰি গৰুসহ টিকলু খান, আনোৱাৰুল হক আৰু আনিছ ৰহমানক ডিব্রুগডৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ বৃহস্পতিবাৰে ডিব্রুগডৰ আৰক্ষীয়ে অধিক তদন্তৰ বাবে টিকলু খানক লগত লৈ ব্রহ্মপুত্রৰ চাপৰিত যাওঁতে টিকলু খানে পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে টিকলুৰ সোঁ–ভৰিৰ আঁঠুৰ তলত গুলী কৰে৷ গুৰুতৰভাৱে আহত টিকলু খানক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয়৷ বর্তমান টিকলু বিপদমুক্ত বুলি জানিব পৰা গৈছে৷

ঘটনা সন্দর্ভত ডিব্রুগডৰ আৰক্ষী অধীক্ষক শ্বেটাং মিশ্রাই বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে টিকলু খানৰ নেতৃত্বত দীর্ঘ সময়ৰে পৰা গৰু চুৰিৰ এক সংগঠিত ৰূপত অপৰাধ সংঘটিত হৈ আছিল৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীৰ নগৰৰ উপ–ধীক্ষক, চাবুৱাৰ আৰক্ষী চক্র পৰিদর্শক আৰু দুগৰাকী উপ–পৰিদর্শকৰে এক বিশেষ অনুসন্ধান দল গঠন কৰা হৈছিল৷ চহৰখনৰ আমোলাপট্টি–পাঁচআলিৰ ভিতৰত থকা ব্রহ্মপুত্রৰ বালি চাপৰিত বহু চুৰি গৰুৰ সন্ধানত  টিকলু খানক লগত লৈ আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলটোৱে অভিযান চলাব যাওঁতেই সুযোগ বুজি টিকলু খানে দৌৰি ব্রহ্মপুত্রত জঁপিয়াবলৈ চেষ্টা কৰে৷ তেতিয়াই টিকলুক ভৰিত আৰক্ষীয়ে গুলী কৰে বুলি আৰক্ষী অধীক্ষক শ্বেটাং মিশ্রাই জানিবলৈ দিয়ে৷

বর্তমানে বিপদমুক্ত টিকলু খানৰ লগতে আন দুজন সহযোগীক আদালতত হাজিৰ কৰোৱাই জে’ললৈ প্রেৰণ কৰাৰ কথা সদৰী কৰে অধীক্ষক মিশ্রাই৷ অৱশ্যে ব্রহ্মপুত্রৰ বালি চাপৰিত আৰক্ষীৰ অভিযানৰ সময়ত কোনো চুৰি গৰুৰ সন্ধান নাপালে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কালি ডিব্রুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰুসহ গ্রেপ্তাৰ কৰিছিল চহৰখনৰ থিয়েটাৰপাৰাৰ আখতাৰ ৰাজা খান ওৰফে টিকলু খান, পাঁচআলিৰ আনোৱাৰুল হক আৰু আনিছ ৰহমানক৷

আৰক্ষীৰ অনুসন্ধানত ব্রহ্মপুত্রৰ মাজৰ বালি চাপৰিত গৰু চোৰ চক্রই বিভিন্ন জুপুৰি সদৃশ ঘৰ নির্মাণ কৰি লুকুৱাই ৰাখিছিল বৃহৎসংখ্যক চুৰি গৰু৷ ব্রহ্মপুত্রৰ চাপৰিত বৃহৎসংখ্যক গৰু লুকুৱাই ৰখাৰ খবৰ লাভ কৰি আৰক্ষীয়ে গঠন কৰা এছ আই টিৰ দলে বৃহস্পতিবাৰে পুৱা ব্রহ্মপুত্রৰ চাপৰিত তালাচী চলোৱাৰ বাবে দুর্ধর্ষ গৰু চোৰ আখতাৰ ৰাজা খান ওৰফে টিকলু খানক লৈ গৈছিল৷ কিন্তু নাৱেৰে গৈ চাপৰিত উপস্থিত হোৱা মুহূর্ততেই আৰক্ষীৰ চকুত ধূলি দি ব্রহ্মপুত্রৰ বুকুত জাঁপ দি পলায়নৰ চেষ্টা কৰিছিল দুর্ধর্ষ গৰু চোৰ টিকলু খানে৷ অপৰাধ জগতৰ সৈতে জডিত টিকলু খানে আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱা সময়তে আৰক্ষীয়ে উপায়হীন হৈ ভৰিত গুলীয়াবলৈ বাধ্য হয়৷ সোঁ–ভৰিৰ আঁঠুৰ তলত গুলী লগা টিকলু খানক অসম চিকিৎসা মহাবিদ্যালয়ৰ ছার্জাৰী বিভাগত ভর্তি কৰি অস্ত্রোপচাৰ জৰিয়তে গুলীটো উলিয়াবলৈ সক্ষম হোৱাৰ লগতে বর্তমান চিকিৎসাধীন হৈ আছে যদিও সুস্থ বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, আৰক্ষীয়ে কালি গ্রেপ্তাৰ কৰা টিকলু খানৰ পৰা ৭০টা গৰু আৰু আনিচৰ পৰা ২৫টা গৰুসহ মুঠ ৯৫টা চুৰি গৰু জব্দ কৰিছিল৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৬৮/৪৭১/৪২৯/১৫৩(এ)/৩৭৯/৪১১ আৰ/ডব্লিউ ছেকঃ ৮ৰ অধীনত ১৩৩৯/২১নং গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল আৰু তদন্তৰ সময়তে সংঘটিত হয় আজিৰ এই চাঞ্চল্যকৰ ঘটনাটো৷ উল্লেখ্য যে টিকলু খান মাৰাত্মক ড্রাগ্ছ ব্যৱসায়ৰ লগত জডিত থকাৰ লগতে বিভিন্ন অপৰাধমূলক কাম–কাজত জডিত আছিল বুলি একাংশ আৰক্ষী তথা বিষয়াৰ অৱগত আছিল যদিও গোপন কাৰণত মৌনতা অৱলম্বন কৰিছিল৷

শেহতীয়াকৈ ডিব্রুগড আৰক্ষীয়ে টিকলু খানৰ ভাতৃ মিৰাজ খানক যোৱা ১ জুলাইত গঁডৰ খডগ, হাতীৰ দাঁত , ড্রাগ্ছ আৰু নগদ ধনসহ গ্রেপ্তাৰ কৰিছিল৷আনহাতে, টিকলু খানৰ পত্নীয়ে আৰক্ষীয়ে পৰিকল্পনা মতেই টিকলু খানক হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰে৷ব্রহ্মপুত্রৰ চাপৰিত নি বুকুত গুলীয়াই হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি গুৰুতৰ অভিযোগ কৰে যদিও আৰক্ষী অধীক্ষকগৰাকীয়ে পোনচাটেই সেয়া নাকচ কৰে৷ অপৰাধীৰ ক্ষেত্রত আৰক্ষীক আপোচ নকৰিবলৈ অসম আৰক্ষীক মুখ্যমন্ত্রীয়ে চোকা নির্দেশ দিয়াৰ লগতে নিয়ন্ত্রণৰ বাহিৰলৈ গ’লে মূৰ আৰু বুকুৰ বাহিৰে অপৰাধীক ভৰিত গুলীয়াবলৈ নির্দেশ দিয়াৰ পাছত ডিব্রুগড আৰক্ষীও অধিক কঠোৰ হৈছে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে৷

You might also like