নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী ৰঞ্জী খেলুৱৈৰ দুৰৱস্থা; পেটৰ তাড়নাত ৰাস্তাৰ দাঁতিত বিক্ৰী কৰিছে পুৰী-চবজি

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ এসময়ৰ ৰঞ্জী ক্ৰিকেট খেলিছিল তেওঁ, আনকি ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ সৌৰভ গাঙ্গুলীকো নেটত বল কৰিছিল এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। শচীন তেন্ডুলকৰৰ দৰে তাৰকা ক্ৰিকেটাৰৰ পৰা ক্ৰিকেটৰ টিপছ গ্ৰহণ কৰা এইজন ক্ৰিকেটাৰ বৰ্তমানে ষ্ট্ৰিট ফুড বিক্ৰেতা। প্ৰকাশ ভগত নামৰ অসমৰ এইজন ক্ৰিকেটাৰে এতিয়া আৰ্থিক অভাৱত পৰি শিলচৰ চহৰত বৃদ্ধা মাতৃৰ সৈতে বিক্ৰী কৰে পুৰী-চবজি।

এটা সময়ত ৰাজ্যৰ ভিতৰত বাওঁ হাতৰ অন্যতম স্পিনাৰ আছিল শিলচৰৰ চহৰৰ ইটাখলাৰ যুৱক প্ৰকাশ ভগত। দেশৰ অন্যতম ৰঞ্জী টুৰ্নামেণ্ট’ত ৰাজ্যৰ হৈ কেবাবাৰো প্ৰতিনিধিত্ব কৰিছিল প্ৰকাশ ভগতে ।

জুনিয়ৰ স্তৰতে একেৰাহে খেলি গৈছিল তেওঁ । আজিও ৰাজ্যৰ প্ৰাক্তন তথা বৰ্তমান ক্ৰিকেটাৰৰ মুখত শুনিবলৈ পোৱা যায় প্ৰকাশৰ ক্ৰিকেটৰ প্ৰতিভাৰ কথা। অৱশ্যে ইমান প্ৰতিভাৰ অধিকাৰী ক্ৰিকেটাৰজন বৰ্তমানে আৰ্থিক সংকটত ভুগিছে।

বহু কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে প্ৰকাশ ভগতৰ সংসাৰ । নিজৰ পৰিয়াল পোহপাল দিয়াৰ বাবে প্ৰকাশ ভগতে বৃদ্ধা মাতৃৰ সৈতে বৰ্তমানে ইটাখলা অঞ্চলত পথৰ দাঁতিত বিক্ৰী কৰিছে পুৰী-চবজি।

You might also like