গুৱাহাটীৰ ভাৰতীয় প্রযুক্তি প্রতিষ্ঠানৰ চাকৰিৰ বিজ্ঞাপন
গুৱাহাটীৰ ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান(Indian Institute of Technology Guwahati)ৰResearch & Development SectionৰMechanical Engineeringত“Functionality Enhancement through Design and Development of Advanced Finite Element Algorithms for STR TOOLS” প্রজেক্টৰ অধীনত অচিৰেই Assistant Project Engineer (1) পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে শিক্ষা প্রতিষ্ঠানখনৰAR (R&D)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷Assistant Project Engineer পদৰ প্রার্থীMechanical Engineering বিষয়ত ডিপ্ল’মাধাৰী আৰুMatlab Programming, Python Programming, Finite Element Methodৰ জ্ঞান থকা হ’ব লাগিব৷ মাহে ২৯,৭৫০ টকা লাভ কৰিব৷ প্রার্থী ৬ মহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷
সাক্ষাৎকাৰ ৭ জুলাই, ২০২১ তাৰিখেMicrosoft Teamsত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়’ডাটা ই–মেইল [email protected] নাইবা [email protected] যোগে ক্রমে Co-PI Arup Nandy আৰ Principal Investigator Sachin Singh Gautam লৈ প্রেৰণ কৰিব পাৰে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ বাবে ৱেবছাইট https://www.iitg.ac.in/pdf/b6ae7e881e8e5098ad2a5c0fee9b69ef.pdf লগ–ইন কৰিব পাৰে৷