এপিএছচি কেলেংকাৰিৰ পলাতক অভিযুক্ত মফিদুল ইছলামক হাইক’ৰ্টৰ জামিনঃ ছুপ্রিম ক’ৰ্টত প্রত্যাহ্বান জনাব ৰাজ্য চৰকাৰে
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত মধ্যভোগীৰ ভূমিকা লোৱা চৰকাৰী কর্মচাৰী মফিদুল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা অগ্রিম জামিনৰ উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাব ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় পত্র ৰাজ্য চৰকাৰৰ মহাধিবক্তালৈ প্রেৰণ কৰিছে চৰকৰী অধিবক্তাই৷
পৰৱর্তী পদক্ষেপ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে গ্রহণ কৰিব মহাধিবক্তাই৷ উল্লেখ্য যে দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ হৈ মফিদুল ইছলামে প্রার্থীৰ পৰা ধন সংগ্রহ কৰিছিল৷ ২০১৬ চনত ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলক গ্রেপ্তাৰ কৰাৰ পাছৰে পৰা আত্মগোপন কৰিছিল অভিযুক্ত মফিদুল ইছলামে৷ মধ্যভোগী এইজন ইছলামক গ্রেপ্তাৰ কৰিব পাৰিলে অসম লোকসেৱা আয়োগৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংঘটিত ব্যাপক কেলেংকাৰিৰ বহু গোপন তথ্য পোহৰলৈ আহিব বুলি ভবা হৈছিল৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি প্রায় ৫ বছৰ কাল পলায়ন কৰি আছিল মফিদুল ইছলামে৷ এই গোচৰটোত আৰক্ষীয়ে দাখিল কৰা চার্জশ্বীটত মফিদুল ইছলামক পলাতক হিচাপে ঘোষণা কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ মফিদুল ইছলামে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ২৮১/২০২১ নম্বৰৰ ক্রিমিনেল পিটিচন৷ এই আবেদনৰ শুনানি গ্রহণ কৰি যোৱা ৭ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ে মফিদুলক অগ্রিম জামিন মঞ্জুৰ কৰিছিল৷ লগতে বিশেষ আদালতে মফিদুল ইছলামৰ বিৰুদ্ধে জাৰি কৰা জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছিল উচ্চ ন্যায়ালয়ে৷
তদুপৰি উচ্চ ন্যায়ালয়ে ৭ দিনৰ ভিতৰত মফিদুলক বিশেষ আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ কিন্তু মফিদুলে ৭ দিনৰ পৰিৱর্তে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ এদিন পাছতে অর্থাৎ কালি বিশেষ আদালতত হাজিৰ হৈছিল৷ ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছিল যে গুৱাহাটীত থাকিয়েই অধিবক্তাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত তেওঁ জামিন আবেদন দাখিল কৰিছিল৷ তৎসত্ত্বেও আৰক্ষীয়ে তেওঁৰ সন্ধান কিয় উলিয়াব নোৱাৰিলে, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷
আনহাতে, এই ক্রিমিনেল পিটিচনৰ প্রথম শুনানিতে মফিদুলে জামিন লাভ কৰাত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছিল৷ কিয়নো পলাতক মফিদুলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি তদন্তকাৰী আৰক্ষীক জনোৱা নাছিল চৰকাৰী অধিবক্তাই৷ সেয়েহে উচ্চ ন্যায়ালয়ৰ মজিয়াত চৰকাৰী অধিবক্তাই গ্রহণ কৰা ভূমিকাক লৈ উত্থাপন হৈছিল প্রশ্ন৷ চৰকাৰী পক্ষৰ হৈ অধিবক্তা এ বেগমে উচ্চ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰিছিল৷ মফিদুলে জামিন লাভ কৰাত প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছতে ৰাজ্য চৰকাৰে এই বিষয়টো উচ্চ ন্যায়ালয়ত প্রত্যাহ্বান জনাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷