নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰপিশাচ পাঠাৰ স্বীকাৰোক্তিঃ ডিঙি চেপি হত্যা কৰি ৯ বছৰীয়া কণমানিৰ মৃতদেহত মই বলাৎকাৰ কৰিছিলোঁ

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ  শনিবাৰে পুৱা প্রায় ৪ বজাত ভূৰাগাঁৱৰ ধর্ষণ–হত্যাকাণ্ডৰ অভিযুক্ত বর্বৰ চৈয়দ আলী ওৰফে পাঠাক বালিডোংগাৰ ঘটনাস্থলীলৈ অনা হয়৷ ভূৰাগাঁও আৰক্ষী থানাৰ পৰা প্রায় তিনি শতাধিক সুসজ্জিত আৰক্ষীৰ দলে ঘটনাৰ পুনৰ দৃশ্যায়ন কৰাৰ বাবে চৈয়দ আলীক বালিডোংগালৈ আনে৷

মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভ লাল বৰুৱাৰ নেতৃত্বত দণ্ডাদীশ মৈত্রী মৰাণৰ উপস্থিতিত ঘটনাৰ পুনৰ দৃশ্যায়ন কৰা হয়৷ ঘটনাস্থলীত নৰপিশাচ চৈয়দ আলীয়ে সাংবাদিকৰ আগত এই জঘন্য কাণ্ড কৰা বুলি স্বীকাৰোক্তি দিয়ে৷

উল্লেখ্য যে যোৱা ২০ জুনত মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তর্গত বালিডোংগাত এগৰাকী ৯ বছৰীয়া কণমানিক ধর্ষণ কৰি হত্যা কৰি মৰাপাট খেতিত পেলাই থৈছিল৷ সেইদিনা পুৱা ৯ বছৰীয়া কণমানিজনীয়ে নিজৰ পোহনীয়া চৰাইৰ বাবে জামু বিচাৰি নৰপিশাচ চৈয়দ আলীৰ চোতাললৈ আহিছিল৷ পাছত আবেলি কণমানিজনীৰ মৃতদেহ মৰাপাট খেতিত উদ্ধাৰ হৈছিল৷

আৰক্ষীয়ে প্রথমাৱস্থাত এই জঘন্য কাণ্ড সংঘটিত কৰা অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ এই জঘন্য ঘটনাৰ পর্যবেক্ষণ কৰাৰ উদ্দেশ্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ভূৰাগাঁৱত উপস্থিত হৈছিল৷ মুখ্যমন্ত্রীয়ে এই জঘন্য ঘটনাৰ লগত জডিত নৰপিশাচক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ আৰক্ষী প্রশাসনক নির্দেশ দিছিল৷

মুখ্যমন্ত্রীয়ে নির্দেশ দিয়াৰ ৪৮ ঘণ্টাৰ ভিতৰত এই ঘটনাৰ মূল অভিযুক্ত চৈয়দ আলীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত নৰপিশাচ চৈয়দ আলী ওৰফে পাঠাই এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ যোৱা ৪ জুলাইত চৈয়দক জাগীৰোড থানাৰ পৰা ঘটনা সংঘটিত হোৱা বালিডোংগালৈ অনাৰ সময়ত মৰিগাঁৱৰ গছৰগুৰিত শৌচ কৰাৰ ছলেৰে পলায়ন কৰিব বিচাৰোঁতে আৰক্ষীৰ গুলীত আহত হৈছিল৷ আৰক্ষীৰ গুলীত আহত হোৱা চৈয়দ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হ’ব লগা হৈছিল৷

কালি ঘটনাৰ সবিশেষ পুনৰ দৃশ্যায়ন কৰাৰ বাবে চৈয়দক বালিডোংগালৈ অনা হয়৷ আৰক্ষীয়ে কিশোৰীজনীসদৃশ পুতলাৰ জৰিয়তে জঘন্য ঘটনাটোৰ পুনৰ দৃশ্যায়ন কৰে৷ চৈয়দে কেনেদৰে ঘটনাটো সংঘটিত কৰিছিল সবিশেষ বর্ণনা দিয়ে৷

আনকি সাংবাদিকৰ কেমেৰাৰ আগতো জঘন্য ঘটনাটো কৰা বুলি স্বীকাৰ কৰে৷ চৈয়দে শিশুটিক পিছফালৰ পৰা ধৰি হত্যা কৰি কাষতে থকা মৰাপাট খেতিত বলাৎকাৰ কৰিছিল৷ পশুতুল্য চৈয়দে শিশুটিৰ জানাজাতো অংশগ্রহণ কৰিছিল৷ মাদ্রাছাৰ শিক্ষক আৰু মছজিদত ইমামতি কৰা নৰপিশাচ চৈয়দ আলীৰ এনে অমানৱীয় কাণ্ডক সর্বত্র ধিক্কাৰ দিছে৷ ইয়াৰ উপৰি নৰপিশাচ চৈয়দ আলীক অতি শীঘ্রে ফাঁচি দিয়াৰ দাবী তোলে স্থানীয় ৰাইজে৷

You might also like