নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাবী কৰা ধন একাউণ্টত সংগ্রহ এনএলএফবিৰ

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ ৰাজ্যত নতুনকৈ আত্মপ্রকাশ ঘটা বডো উগ্রপন্থী সংগঠন এনএলএফবিৰ নামত অভিনৱ পন্থাৰে ধন সংগ্রহ কৰা এজন যুৱক বাক্সা আৰক্ষীৰ জালত পৰিছে৷ বাক্সা জিলাৰ এজন চৰকাৰী বিষয়াই কিছুদিন পূর্বে উগ্রপন্থী সংগঠনটোৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে ফোনযোগে ধন দাবী কৰা বুলি মুছলপুৰ সদৰ থানাত এজাহাৰ দিছিল৷ এই এজাহাৰৰ ভিত্তিত ৪০/২০২১ নম্বৰত গোচৰ ৰুজু হয়৷

আৰক্ষীয়ে তদন্ত চলাই অৱশেষত যোৱা ৯ জুলাইত ওদালগুৰি জিলাৰ গৰমাগাঁৱৰ বিৰল নার্জাৰী নামৰ যুৱকজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত বিৰল নার্জাৰীয়ে সন্দেহজনক নথিপত্র দাখিলেৰে জেকব বৰগয়াৰীৰ নামত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত এটা বেংক একাউণ্ট খুলি লৈ দীর্ঘদিন ধৰি কেইবাটাও ম’বাইল নম্বৰ ব্যৱহাৰ কৰি বিশেষকৈ কোকৰাঝাৰ আৰু বাক্সা জিলাৰ বিভিন্ন চৰকাৰী বিষয়া–কর্মচাৰীক উগ্রপন্থী সংগঠনটোৰ নামত ধনদাবী কৰি সেই বেংক একাউণ্টত জমা কৰিবলৈ দিছিল৷

ইতিমধ্যে বেংক একাউণ্টটোত মুঠ ২২,৮৮,৩৩৫ টকা জমা হৈছিল আৰু যোৱা ৯ জুলাইত মহানগৰীৰ বশিষ্ঠত থকা বেংকটোৰ শাখাৰ পৰা টকা উলিয়াবলৈ আহোঁতেই আৰক্ষীৰ জালত পৰে যুৱকজন৷ আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈ উক্ত বেংক একাউণ্টটোত মুঠ ১২৮বাৰ টকা জমা হোৱাৰ তথ্য পোৱা গৈছে আৰু এই কার্যৰ লগত একাংশ আত্মসমর্পণকাৰী এনডিএফবি সদস্য জডিত থকাৰ সন্দেহ প্রকাশ কৰে৷

You might also like