নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চাহ নিগমৰ মজুৰি–পিএফ–গ্রেছুইটীঃ শ্রমিকক আদায় দিয়া নাই ২২২.০৩ কোটি

নিয়মীয়া বাৰ্তা, ১৩ জুলাই অসম চাহ নিগমে ইয়াৰ বাগিচা–কার্যালয়ত কর্মৰত শ্রমিকসকলক আদায় দিবলৈ আছে বৃহৎ পৰিমাণৰ মজুৰি–ভৱিষ্যনিধি (পি এফ) আৰু গ্রেছুইটীৰ ধন৷ সামগ্রিকভাৱে অনাদায় হৈ থকা ধনৰ পৰিমাণ হৈছে ২২২,০৩,২৯,৫৬৭.৬৭ টকা৷

সোমবাৰে বিধায়ক ৰূপেশ গোৱালাৰ এক লিখিত প্রশ্নৰ উত্তৰত শ্রম কল্যাণ মন্ত্রী সঞ্জয় কিষাণে অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচাৰ শ্রমিকসকলৰ বকেয়া মজুৰি, পি এফ আৰু গ্রেছুইটীৰ বিশদ তথ্য সদনৰ মজিয়াত সদৰী কৰে৷

মন্ত্রী কিষাণে জানিবলৈ দিয়া অনুসৰি শ্রমিকসকলৰ বকেয়া মজুৰিৰ পৰিমাণ হৈছে ৭৭,২৫,৮৫,৪৩৪ টকা৷ সেইদৰে পি এফৰ ১৩৫,০৪,১৫,৮২৯.৬৫ টকা আৰু গ্রেছুইটীৰ ৯,৭৩,২৮,৩০৪.০২ টকা অনাদায় হৈ আছে৷ শ্রমিকক মজুৰি–পি এফ–গ্রেছুইটী আদায় দিবলৈ থকা অসম চাহ নিগমৰ বাগিচাসমূহ হ’ল– চিনামৰা, ছয়কোটা, নাগনীজান, দিপ্লিং, ৰজাবাৰী, নেঘেৰিটিং, ৰঙামাটি, মিছামৰা, আম্লুছিক্কি, ডেজুভেলী, লুংচুং, ভোলাগুৰি, লংগাই, ইছাবিল আৰু বিদ্যানগৰ৷

অসম চাহ নিগমৰ যোৰহাট কার্যালয়েও যথেষ্ট পৰিমাণৰ মজুৰি, পি এফ আৰু গ্রেছুইটীৰ ধন আদায় দিবলৈ বাকী আছে৷ বকেয়া পৰিশোধৰ বাবে শ্রমিক আয়ুক্তৰ তৰফৰ পৰা ইতিমধ্যে কেইবাখনো বাগিচাৰ বিৰুদ্ধে গোচৰ তৰা হৈছে বুলি মন্ত্রী কিষাণে জানিবলৈ দিয়ে৷

ইফালে, বিধায়ক পোনাকণ বৰুৱাৰ আন এক লিখিত প্রশ্নৰ উত্তৰত মন্ত্রী কিষাণে দিয়া তথ্য অনুসৰি বর্তমান অসমত সৰু–বৰ ১,১৫৭খন পঞ্জীয়নভুক্ত চাহ বাগিচা আছে৷ এই বাগিচাসমূহত মুঠ শ্রমিকৰ সংখ্যা ১১,৮০,৫৪৮জন৷ ইয়াৰে ৪,৬২,০৭০জন স্থায়ী আৰু ৭,১৮,৪৭৮জন অস্থায়ী শ্রমিক৷ তদুপৰি চাহ পৰিষদৰ উদ্ধৃতিৰে ৰাজ্যত মুঠ ১,০১,০৮৫খন ক্ষুদ্র চাহ বাগিচাত আনুমানিক ৬ লাখজন শ্রমিক নিয়োজিত হৈ থকা বুলি তেওঁ উল্লেখ কৰে৷

চাহ শ্রমিকৰ মজুৰি সন্দর্ভত মন্ত্রী কিষাণে কয় যে বর্তমান ব্রহ্মপুত্র উপত্যকাৰ চাহ শ্রমিকৰ দৈনিক মজুৰি ২০৫ টকা আৰু বৰাক উপত্যকাৰ শ্রমিকসকলৰ দৈনিক মজুৰি ১৮৩ টকা৷ ক্ষুদ্র চাহ বাগিচাত নিয়োজিত চাহ শ্রমিকসকলৰ নূন্যতম মজুৰি নির্ধাৰণৰ বিষয়টো বিবেচনাধীন হৈ আছে৷ চাহ শ্রমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ প্রসংগত সদনত মন্ত্রী কিষাণৰ বক্তব্য আছিল এনেধৰণৰ– বর্তমান চাহ শ্রমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি প্রক্রিয়াটো চৰকাৰে গঠন কৰি দিয়া কমিটীৰ অধীনস্থ হৈ আছে৷ এই বিষয়টো চূড়ান্ত নোহোৱা পর্যন্ত শ্রমিক কল্যাণ বিভাগে দুবাৰকৈ চৰকাৰী অধিসূচনা জাৰিৰে ক্রমে ৩০ টকা আৰু ৩৮ টকাকৈ অন্তর্ৱর্তীকালীন বৃদ্ধি কৰে৷

মন্ত্রী কিষাণে জানিবলৈ দিয়া মতে, চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বিষয়টো চূড়ান্ত কৰিবলৈ যোৱা ২৬ মে’ত জি এল আৰ (আৰ চি) ১৭৮/২০১৪/পি টি/৪১১নং অধিসূচনাযোগে অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছে৷

You might also like