নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লাৰ অবৈধ চালানৰ চিবিআই তদন্তৰ নির্দেশ কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ মেঘালয়ৰ পৰা বৰাক উপত্যকা হৈ বাংলাদেশলৈ ক’লা হীৰাৰ অবৈধ চালান সন্দর্ভত কেন্দ্রীয় চৰকাৰে তদন্তৰ নির্দেশ দিছে চি বি আইক৷ সোমবাৰে সদনৰ মজিয়াত এই কথা সদৰী কৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কংগ্রেছ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থৰ এক লিখিত প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেঘালয়ৰ পৰা বৰাক উপত্যকা হৈ বাংলাদেশলৈ অবৈধ কয়লা সৰবৰাহ সন্দর্ভত কৰিমগঞ্জ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৭১/৪৬৮ /৩২৩/৫০৬নং ধাৰাৰ অধীনত ৰুজু হোৱা ৬৪৭/২০১৮ নম্বৰৰ গোচৰটো অনুসন্ধানৰ বাবে ২০১৮ চনৰ ২৫ অক্টোবৰত এইচ এম এ ১৯০১৪/১১০/২০১৮ পলিটিকেল (এ)–এইচ এণ্ড পি (ই চি এফ নং ৮৪৬৭১)/১৪ অধিসূচনাযোগে অসম চৰকাৰে চি বি আইলৈ হস্তান্তৰ কৰিছে৷

কেন্দ্রীয় চৰকাৰেও ২০২০ চনৰ ২০ ফেব্রুৱাৰীত এফ নং ২২৮/৬৩/২০১৮ এ ভি ডি–২ নম্বৰৰ অধিসূচনাৰ জৰিয়তে গোচৰটো অনুসন্ধানৰ বাবে নির্দেশ দিছে চি বি আইক৷ চলিত বর্ষৰ ২৭ মে’ আৰু ৩০ মে’ত একে কাগজেৰে ২০০খনৰো অধিক ট্রাক কয়লা ৰপ্তানি কৰা হৈছে নেকি আৰু কৰিমগঞ্জ আৰক্ষীয়ে মাত্র ৭খনহে গাড়ী কিয় জব্দ কৰিলে বুলি বিধায়ক পুৰকায়স্থই সোধা প্রশ্নৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাৰ উত্তৰ আছিল এনেধৰণৰ– কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে কৰিমগঞ্জ থানাৰ ১২০(বি)/৩৭৯/৪১১/৩৮৪/৪৬৭/৪৬৮/৪৭১/৪২৭/৩৪নং ধাৰাত ৰুজুু হোৱা ৫৩৫/২০২১ নম্বৰৰ গোচৰটোৰ তদন্ত কালত ১১খন গাড়ী জব্দ কৰা হয় আৰু গোচৰটোৰ তদন্ত অব্যাহত আছে৷ তদুপৰি এই গোচৰটো সংক্রান্তত ৫জন লোকক গ্রেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷

ইফালে, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক লিখিত প্রশ্নৰ উত্তৰত অসমত অবৈধ ছিণ্ডিকেট চলি থকাৰ কোনো প্রামাণিক তথ্য নাই বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয়–‘অসমত অবৈধ ছিণ্ডিকেট চলি থকাৰ কোনো প্রামাণিক তথ্য পোৱা নাই৷’ সেইদৰে তিনিচুকীয়া, কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে এই জিলাকেইখনত অবৈধ কয়লা খননৰ বিষয়ত কোনো তথ্য নাই বুলি মুখ্যমন্ত্রী ড০ শর্মাই নিজ উত্তৰত উল্লেখ কৰে৷

অৱশ্যে কয়লা সৰবৰাহ আৰু অন্যান্য অনিয়ম সংক্রান্তত তিনিচুকীয়া আৰু কার্বি আংলং জিলাত মুঠ ১৬৮টা গোচৰ ৰুজু কৰা হৈছে আৰু সেইবোৰৰ ভিত্তিত ২৬৫জন লোকক গ্রেপ্তাৰ কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ বিধায়ক গগৈৰ প্রশ্নৰ বিপৰীতে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মেঘালয়ৰ কয়লাৰ ওপৰত অসমত ছিণ্ডিকেট চলি থকাৰ কোনো তথ্য নাই বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদনত সদৰী কৰে৷

You might also like