মুক্ত কণ্ঠঃ চৰকাৰ আৰু জনসাধাৰণ
No Government can be long secure without a formidable opposition. ইংলেণ্ডৰ ঊনবিংশ শতিকাৰ এগৰাকী চিন্তাশীল প্রধানমন্ত্রী বেঞ্জামিন ডিজ্ৰেলিয়ে কোৱা উল্লিখিত বাক্যটো সকলো যুগৰ চৰকাৰৰ ক্ষেত্রতে খাটে৷ আনকি ভাৰতবর্ষৰ দৰে বহুদলীয় আইনসভাৰ কথা নকৱেঁই ইংলেণ্ডৰ দৰে দ্বিদলীয় আইন সভা আৰু আমেৰিকাৰ দৰে একদলীয় আইন সভাৰ ক্ষেত্রতো খাটে৷ যেতিয়া কোনো এখন দেশত কোনো দলৰ চৰকাৰৰ সম্পূর্ণ বিৰোধীশূন্য বা দুর্বল বিৰোধী দলৰ অৱস্থান ঘটে, তেতিয়া সেই চৰকাৰ অতি সহজেই স্বেচ্ছাচাৰী হৈ উঠিব পাৰে আৰু এনে অৱস্থা দল, দেশ আৰু জনতা কাৰোঁ বাবেই সুখকৰ হৈ নুঠে৷ চৰকাৰত অধিষ্ঠিতসকলে, চৰকাৰৰ কাম–কাজৰ সমালোচনা কৰিব নোৱাৰা কৰিলেও বা দুর্বল সমালোচনা কৰা বিৰোধী সদস্য বা দল থাকিলে ভালেই পায়৷ কাৰণ তেতিয়া চৰকাৰে নির্বিবাদে নিজে গ্রহণ কৰা সকলো সিদ্ধান্ত কার্যকৰী কৰিব পাৰে৷ শাসনত অধিষ্ঠিত হ’লে সকলোৱেই তেনে এটা পৰিৱেশ লাভ কৰিলে নিশ্চিন্ত হয়৷ কিন্তু চৰকাৰক শুনাব পৰা আৰু শুনিবলগীয়া কথা ক’ব পৰা বিৰোধী সদস্য নাথাকিলে প্রতি পদে পদে চৰকাৰে ভুল কৰাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে৷ ফলত বিৰোধীহীন এটা চৰকাৰৰ চৰিত্রত দুর্বিনীত ৰাজতন্ত্রৰ লক্ষণ ফুটি উঠে৷ ই কোনো প্রকাৰেই শুভলক্ষণ নহয়৷
কেৱল বিৰোধিতা কৰিবৰ বাবেই বিৰোধী দলৰ আৱশ্যকতা নাই৷ বিৰোধিতাৰ কাৰণ আৰু যুক্তি থকা বিৰোধিতা নহ’লে তেনে বিৰোধিতাই চৰকাৰক কোনো ভুল সিদ্ধান্ত শুধৰাবলৈ বাধ্য কৰাব বা সন্মত কৰাব নোৱাৰে৷ তদুপৰি বিৰোধীয়ে চৰকাৰৰ ভাল সিদ্ধান্ত আৰু কামৰ সহযোগিতাও দিব পাৰিব লাগিব৷ আজি ভাৰতবর্ষত তেনে বিৰোধীহীন এটা অৱস্থাৰে সৃষ্টি হৈছে৷ আমাৰ এই বিশাল দেশখনত যদি সংসদত তথ্য আৰু যুক্তিৰে কোনো বিষয় সবলভাৱে দাঙি ধৰিব পৰা বিৰোধী দল বা সদস্য নাথাকে, স্বাভাৱিকতেই চৰকাৰ ক্রমাৎ স্বৈৰতান্ত্রিক চৰিত্রৰ হৈ পৰিব, আৰু যাৰ আঙুলিৰ ঠাৰত চৰকাৰ চলে সেই প্রধানমন্ত্রী একনায়কত্ববাদী হৈ পৰাৰ পূর্ণ সম্ভাৱনা থাকিব৷ সেইবাবে গণতন্ত্রক বচাবলৈ হ’লে বিৰোধীৰ ভূমিকা হ’ব লাগিব দেশৰ মংগলৰ কাৰণে ইতিবাচক ভূমিকা ল’ব পৰা শক্তিশালী চৰিত্রৰ৷ কিন্তু দুর্ভাগ্যৰ কথা হ’ল এয়ে যে আজি ভাৰতৰ সংসদত তেনে শক্তিশালী বিৰোধী বা জননেতা নাই৷ যি কংগ্রেছে ২০১৪ খ্রীষ্টাব্দলৈকে দেশৰ শাসনৰ বাঘজৰী ধৰি আছিল, সেই কংগ্রেছ এতিয়া শক্তিহীন, দুর্বল৷ কংগ্রেছৰ সদস্যসকলে নেতৃত্বৰ বাবে গান্ধী পৰিয়ালৰ ফাললৈ সদায় চকু দিব লাগে কিয়, ইয়াৰ কি গোপন ৰহস্য আছে, সেই কথা তেওঁবিলাকেইহে ক’ব পাৰিব৷ কংগ্রেছত উচ্চ শিক্ষিত জনা–বুজা, পূর্বে চৰকাৰত থকাৰ অভিজ্ঞতা থকা মানুহ অনেক আছে৷ কিন্তু তেওঁবিলাক যেন গান্ধী পৰিয়াল অবিহনে অসহায়৷ ছোনিয়া গান্ধীৰ অনিচ্ছা আৰু অসুস্থতা সত্ত্বেও তেওঁকে কংগ্রেছে দলৰ সভাপতি পদত ৰাখি থৈছে৷ ঠিক তেনেদৰে বয়স, অভিজ্ঞতা, শাসনৰ দক্ষতা, ব্যক্তিত্বৰ গভীৰতা এই আটাইবোৰৰ অভাৱ থকা ৰাহুল গান্ধীক পদ দিয়াৰ পাছত তেওঁ কেইবছৰমানৰ পাছত নিজেই সেই পদ এৰিলে৷ বাকী দলবিলাকৰ মাজতো শক্তিশালী কণ্ঠৰ বিৰোধী নেতাৰ অভাৱ৷ তেনে ক্ষেত্রত চৰকাৰৰ ইচ্ছাই আইনত পৰিণত হোৱাৰ বাট স্বাভাৱিকতে সৃষ্টি হৈছে৷ তদুপৰি ভাৰতবর্ষত বহু সময়ত বিৰোধী সদস্যসকলৰ মাজতো দেখা যায় যে নিজৰ ব্যক্তিত্বক অধিষ্ঠিত হ’ব পৰাকৈ প্রয়োজনীয় গুণেৰে শক্তিশালী সদস্যক হয় ওলাবলৈ দিয়া নাই, নহয় ওলোৱা নাই৷ এসময়ত নেহৰুৰ দিনৰ ভাৰতৰ সংসদত অসমৰ হেম বৰুৱাই যিটো ভূমিকা পালন কৰিছিল, তেনে ভূমিকা পালন কৰিব পৰা সদস্য কংগ্রেছতে নহয়, আনকি আনকেইটা বিৰোধী দলতো বিচাৰি পোৱা টান৷ কোনোবা হয়তো মানুহ হিচাপে ভাল, কাৰোবাৰ হয়তো আন কিবা বিশেষ গুণ আছে, কিন্তু সংসদত নিজৰ বক্তব্য তথ্য আৰু যুক্তিৰে ৰজাব পৰাকৈ বক্তব্য দাঙি ধৰিব পৰা সংসদৰ অভাৱ স্পষ্ট৷
এনে এটা পটভূমিত দেশৰ প্রধানমন্ত্রীজনৰ মাজত এটা স্বৈৰতান্ত্রিক মনোভাব গঢ় লৈ নুঠিব বুলি কোনে নিশ্চয়তা দিব? আনকি চৰকাৰৰ ভিতৰৰ প্রধানমন্ত্রীৰ সতীর্থসকলেও প্রধানমন্ত্রীক কোনো বিষয়ত পৰামর্শ বা উপদেশ ব্যক্তিগতভাৱেও দিব পাৰে নে নোৱাৰে, মই নাজানো৷ কাৰণ মনত ৰাখিব লাগিব যে দেশৰ জনসাধাৰণে এজন ব্যক্তিৰ ওপৰত অকলশৰীয়াকৈ দায়িত্ব দিয়া নাই, দায়িত্ব দিয়া নাই সংবিধানেও৷ নিশ্চয় দলে নির্বাচন কৰা প্রধানমন্ত্রীজনৰ সংবিধানপ্রদত্ত ক্ষমতা আছে৷ কিন্তু সাম্প্রতিক কালৰ পৃথিৱীৰ ইতিহাসলৈ চকু দিলেই ধৰা পৰে যে নিজৰ ইচ্ছাক আইনলৈ ৰূপান্তৰ কৰি নিজক সর্বোচ্চ ৰূপত স্থাপন কৰাৰ প্রৱণতাই যদি নেতাক গ্রাস কৰে, সেয়ে হ’লে সমষ্টিগতভাৱে তেওঁৰ দলে আৰু ব্যক্তিগতভাৱে দেশৰ শুভার্থীসকলে তেনে এটা একদেশমুখী ব্যক্তিত্বক এটা সময়ত মানি চলি থকাটো সম্ভৱ হৈ নুঠাৰ সম্ভাৱনাই বেছি৷
অসমৰ ক্ষেত্রতো অসমৰ মুখ্যমন্ত্রীসহ চৰকাৰ প্রতি পদে পদে সিদ্ধান্ত গ্রহণ কৰাৰ সময়ত সতর্ক হ’ব লাগিব, যাতে চৰকাৰৰ কোনো সিদ্ধান্ত গণতন্ত্রৰ পৰিপন্থী হৈ নুঠে৷ তদুপৰি সংবিধানৰ আওতাৰ পৰা বাহিৰ হৈ গ্রহণ কৰা কোনো নীতি বা সিদ্ধান্ত গাৰ বলেৰে প্রয়োগ কৰাৰ পৰিচয় ফুটি উঠিলে তেনে নীতি বা সিদ্ধান্তৰ বিৰুদ্ধে বাহিৰে–ভিতৰে বিৰোধিতা গঢ় লৈ উঠাৰ সম্ভাৱনা থাকিবই৷ বিধানসভা তথা আইন সভালৈ এটা সমষ্টিৰ জনসাধাৰণে নির্বাচন কৰি পঠোৱা সদস্যজনৰ আইনসংগত আৰু সজ বিবেচনা–প্রসূত অধিকাৰ যাতে খর্ব নহয়, তাৰ প্রতি মুখ্যমন্ত্রী আৰু শাসকীয় দলে চকু ৰাখিব লাগিব৷ বিৰোধীৰ সমালোচনা কেৱল বিৰোধিতাৰ বাবে হ’লে তাৰ কোনো ভাল ফল নহ’ব৷ এতেকে তেনে বিৰোধিতা নিজেই নাইকিয়া হ’ব৷ কিন্তু যি বিৰোধিতাই চৰকাৰে কৰা আৰু কৰিব পৰা দোষ–ত্রুটি আঙুলিয়াই দিয়ে, সেই বিৰোধিতা অগ্রাহ্য কৰিলে তাৰ দ্বাৰা বিৰোধী সদস্যৰ একো হানি নহ’ব, হানি হ’ব পাৰে ৰাজ্যখনৰো, চৰকাৰৰো৷ এতেকে সমালোচনা আহ্বান কৰিব পৰা আৰু সহিব পৰা এটা মানসিকতা চৰকাৰে সৃষ্টি কৰিব লাগিব৷ আমি সদায় মনত ৰাখিব লাগিব যে আমি কোনোৱেই এটা অমৰ জীৱন লৈ জন্মলাভ কৰা নাই, আমি কোনোৱেই সম্পূর্ণ দোষমুক্ত মানুহ হৈ নিজক গঢ়ি তুলিব পৰা নাই, আমি কোনোৱেই জনসাধাৰণ আৰু দেশতকৈ ডাঙৰ নহয়৷
চৰকাৰে অসততা, হিংসা, সাম্প্রদায়িকতা কঠোৰভাৱে প্রতিৰোধ কৰিবই লাগিব৷ কিন্তু ‘উলুৰ লগত যাতে বগৰী নোপোৰে’ তাৰ প্রতিও সজাগ আৰু সতর্ক হৈ থাকিব লাগিব৷ অসমৰ মুখ্যমন্ত্রীয়ে নির্দলীয় সদস্যই হিচাপ মতে দুই মিনিটহে সময় পাব বুলি কৈছে৷ এই ঘোষণাটো অধ্যক্ষইহে সদনত কৰিবলগীয়া ঘোষণা৷ সি যি কি নহওক, মই নিজেও সংসদত আছিলোঁ আৰু ৰাজ্যসভাৰ উপ–সভাপতিৰ দায়িত্ব পালন কৰাৰ সময়ৰো অভিজ্ঞতা হৈছিল৷ সংসদত কোনো বিষয়ৰ বিতর্কৰ বাবে নির্দিষ্ট সময় নির্ধাৰণ কৰোঁতে একোটা দলৰ সদস্য সংখ্যাৰ অনুপাতে দলসমূহে সময় লাভ কৰে৷ কিন্তু কোনো তাকৰীয়া সদস্যৰ দলে যদি সময় কমকৈ পায়, দৰকাৰী তথ্য দাঙি ধৰাৰ ক্ষেত্রত অধ্যক্ষ/উপাধ্যক্ষ বা উপ–সভাপতিয়ে তথ্যটো সম্পূর্ণ কৰিবলৈ সময় নিদিয়াকৈ নাথাকে৷ বন্ধুসুলভ মনোভাবেৰে বিষয়বোৰ পৰিচালনা কৰিলে বিৰোধী দলে বা বিৰোধী সদস্যয়ো বন্ধুসুলভ আচৰণ কৰা দেখা যায়৷ আনকি বিৰোধীৰ বিতর্কতো চৰকাৰে কোনো সমস্যা সমাধানৰ সূত্র বিচাৰি পাব পাৰে৷ সম্প্রতি প্রতি সপ্তাহে ‘কেবিনেট’ বহুওৱাকে ধৰি কেইটামান সিদ্ধান্ত নতুন হৈছে৷ কার্য ৰূপায়ণৰ ক্ষেত্রত নিশ্চয় সহায়ক হ’ব৷
সমষ্টিসমূহত বিধায়কৰ গুৰুত্ব নোহোৱা কৰাৰ দৰে বা বিধায়কে নিজৰ জিলাৰ উপায়ুক্ত প্রমুখ্যে বিষয়াসকলৰ পৰামর্শ দিয়াৰ দৰে কামো কৰিব নোৱাৰা কৰিলে সংশ্লিষ্ট সমষ্টিৰ জনসাধাৰণক অসন্মান কৰাৰ তুল্য হ’ব৷ তদুপৰি একোজন মন্ত্রীক কোনো এখন ততোধিক জিলাৰ বিশেষ দায়িত্ব দিয়াৰ বিষয়টো পুনৰ বিবেচনীয় বুলি ভাবোঁ৷ যি বিষয়ৰ যিগৰাকী মন্ত্রীক দায়িত্ব দিয়া হৈছে, তেওঁ সমগ্র ৰাজ্যখনৰ সেই বিষয়টো চাব, বিশেষ জিলাৰ দায়িত্ব দি বিধায়কৰ ক্ষমতা হ্রাস কৰিলে ফল যিয়েই নহওক বিৰোধ বঢ়াৰ সম্ভাৱনা ঘটিব৷
আৰু এটা কথা মনলৈ আহিছে৷ গণতন্ত্রত জনসাধাৰণে নিজৰ দাবী, অভিযোগ আদি উত্থাপন কৰাৰ বাবে সকলো চৰকাৰে নির্দিষ্ট ঠাই চিহ্ণিত কৰি দিয়ে৷ অসম চৰকাৰে জনসাধাৰণৰ এই অধিকাৰ যাতে নাইকিয়া নকৰে৷ এই পদ্ধতিয়ে জনসাধাৰণক নিজৰ দাবী উত্থাপনৰ মঞ্চ এখন দিয়ে৷ দাবী ন্যায়সংগত নহ’লে তেনে দাবীৰ মূল্য নিজেই নাইকিয়া হ’ব৷ ইন্দিৰা গান্ধীয়ে সকলো সমালোচনা বন্ধ কৰাৰ ফলত জনতাৰ পৰা নিজেই দূৰলৈ গুচি যোৱাৰ দৰে ভুল কৰিছিল৷ গণতান্ত্রিক মূল্যবোধ ৰক্ষা কৰি কৰা কামৰ মাজত তত্ত্বগত বা তথ্যগত বিৰোধ থাকিলেও ব্যক্তিগত বিৰোধৰ স্থান নাথাকে৷ সততে স্মৰণীয় এটা বাক্য হ’লLaw is for man, man is not for law. সেই বাবে দৃঢ়তাৰে খোজ দিওঁতেও দৃষ্টিৰ সমতা সদায় ৰক্ষণীয়, এই দৃষ্টিভংগী দেশ গঢ়াৰ ক্ষেত্রত অত্যন্ত গুৰুত্বপূর্ণভাৱে সহায়ক হ’ব পাৰে৷