নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ ছেপ্টেম্বৰৰ পূর্বে প্রথম বর্ষৰ নামভর্তি সম্পূর্ণ কৰাৰ নির্দেশ কলেজ–বিশ্ববিঃক

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  ক’ৰোনাকালৰ মাজতে শনিবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউ জি চিয়ে ২০২১–২২ শৈক্ষিক বর্ষৰ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি শৈক্ষিক বর্ষ ২০২১–২২ৰ স্নাতক প্রথম বর্ষৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ ইউ জি চিয়ে দেশৰ সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ প্রথম বর্ষৰ পাঠ্যক্রমৰ নামভর্তিৰ প্রক্রিয়া ৩০ ছেপ্ঢেম্বৰৰ পূর্বে সমাপ্ত কৰিবলৈ নির্দেশনা দিছে৷ এক অক্টোবৰৰ পৰা পাঠদান আৰম্ভ কৰিব লাগিব৷ ইউ জি চিৰ সচিব ৰাজনীশ জৈনে বিশ্ববিদ্যালয়সমূহ উপাচার্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এই নতুন নির্দেশনা প্রেৰণ কৰিছে৷

নির্দেশনা অনুসৰি আণ্ডাৰ গ্রেজুৱেট তথা স্নাতক প্রথম বর্ষৰ পাঠ্যক্রমত নামভর্তি ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷ আনপিনে, খালী হৈ থকা আসনবোৰ পিছলৈ ৩১ অক্টোবৰৰ ভিতৰত পূৰণ কৰিব লাগিব৷ ২০২১ বর্ষৰ ৩১ ডিচেম্বৰলৈকে পৰীক্ষাত উত্তীর্ণৰ তথ্যসমূহ গ্রহণ কৰিব পাৰিব৷ ২০২১–২২ শৈক্ষিক বর্ষৰ প্রথম ষাণ্মাসিক/প্রথম বর্ষৰ শিক্ষার্থীৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ চলিত শৈক্ষিক বর্ষ ২০২০–২১ৰ টার্মিনেল ছেমিষ্টাৰ/চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অফলাইন (কাগজ–কলম)/অনলাইন/ব্লেণ্ডেড (অনলাইন প্লাছ অফলাইন)ৰ জৰিয়তে ৩১ আগষ্টৰৰ পৰা সমাপ্ত কৰিব লাগিব৷ এই পৰীক্ষা ক’ভিড–১৯ প্রট’কল অনুসৰি অনুষ্ঠিত কৰিব লাগিব৷ দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইত দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে৷ যদি কিবা কাৰণতে এই ফলাফল ঘোষণাত বিলম্ব হয়, তেতিয়াহ’লে উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহে শৈক্ষিক বর্ষ ১৮ অক্টোবৰৰ পৰা আৰম্ভ কৰিব৷ আনপিনে ক’ভিড–১৯ৰ লকডাউন আৰু এই সম্পর্কীয় কাৰকৰ বাবে বিত্তীয় সংকটত পৰা পিতৃ–মাতৃসকলে পৰীক্ষা বাতিলৰ পাছত সকলো পুঁজি সম্পূর্ণকৈ ওভতাই পাব৷ এই প্রক্রিয়া ৩১ অক্টোবৰৰ পূর্বে সম্পূর্ণ কৰিব লাগিব৷

আনহাতে, দেশৰ প্রখ্যাত দিল্লী বিশ্ববিদ্যালয়ৰ নামভর্তিৰ পঞ্জীয়ন দুই আগষ্টৰ পৰা আৰম্ভ হ’ব৷ বিশ্ববিদ্যালয়ৰ নামভর্তিৰ সমগ্র প্রক্রিয়া পঞ্জীয়নৰ পৰা নামভর্তিৰ মাচুল আদায় দিয়ালৈকে অনলাইনতে সম্পূর্ণ হ’ব৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে দিল্লী বিশ্ববিদ্যালয়ে ১৫ জুলাইৰ পৰা নামভর্তিৰ পঞ্জীয়ন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া পিছুৱাই দি অহা দুই আগষ্টৰ পৰা আৰম্ভ কৰিব৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ গুপ্তাই প্রকাশ কৰা মতে, আণ্ডাৰ গ্রেজুৱেট পাঠ্যক্রমত নামভর্তিৰ পঞ্জীয়ন ২ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু অন্তিম সময়সীমা ৩১ আগষ্ট৷ লক্ষণীয় যে পোষ্ট গ্রেজুৱেট পাঠ্যক্রমৰ পঞ্জীয়ন বিশেষকৈ দিল্লী ইউনির্ভার্ছিটী এণ্ড্রেছ টেষ্ট (ডুৱেট ২০২১)ৰ পঞ্জীয়ন ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু এই আবেদনৰ অন্তিম সময়সীমা ২১ আগষ্ট৷

You might also like