নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ছুইগী–জমেট’ত গো–মাংসৰ ব্যৱসায়ঃ নৱনিযুক্ত আৰক্ষী আয়ুক্তই বিচাৰিলে বিশদ তথ্য

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  বহুজাতিক প্রতিষ্ঠান ছুইগী আৰু জমেট’ৰ জৰিয়তে গো–মাংসৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ভইচ অৱ আছাম নামৰ এটা সংগঠনে৷ যোৱা ১৫ জুলাইত ভইচ অৱ আছামে টুইটাৰযোগে এই অভিযোগ উত্থাপন কৰাৰ পাছতে সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ভইচ অৱ আছামে এই অভিযোগ টুইটযোগে কৰাৰ পাছতে নৱনিযুক্ত আৰক্ষী আয়ুক্ত হৰমিত সিঙে বিশদ তথ্য বিচাৰি ৰি–টুইট কৰে৷

ইফালে, এই টুইটৰ পাছতে মাছখোৱাৰ আল–বিক নামৰ হোটেলখনতো গৰু মাংস বিক্রী কৰি অহা বুলি অবজার্ভ ইয়’ৰ থট্ছ ডিপ্লে নামৰ টুইটাৰ একাউণ্টটোৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে৷

ভইচ অৱ আছাম নামৰ সংগঠনটোৱে টুইটযোগে ছুইগী আৰু জমেট’ৱে গৰু মাংস বিক্রী কৰাৰ অভিযোগ তুলি শীঘ্রে এয়া বিক্রী বন্ধ কৰিবলৈ মহানগৰ আৰক্ষীক আহ্বান জনায়৷ ভইচ অৱ আছামে টুইটাৰ যোগে এই অভিযোগ তোলাৰ পাছতে টুইটাৰত ছুইগী আৰু জমেট’ৱে চলাই অহা গৰু মাংসৰ ব্যৱসায়ক লৈ ছ’চিয়েল মিডিয়াত বিতর্কৰ সৃষ্টি হৈছে৷ বহুজাতিক কোম্পানী ছুইগী আৰু জমেট’ৱে গুৱাহাটীৰ বিভিন্ন হোটেল আৰু ৰেষ্টুৰেণ্টৰ পৰা খাদ্য যোগানৰ নামত গো–মাংসৰ ব্যৱসায় চলাই অহা বিষয়টো মহানগৰ আৰক্ষীয়ে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

ইফালে, টুইটাৰত ছুইগী–জমেট’ৱে গো–মাংসৰ ব্যৱসায় চলাই থকা বুলি বিতর্ক সৃষ্টি হোৱাৰ পাছতে মহানগৰবাসীৰ মাজত ইয়াক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like