মৰিগাঁও কৃষি বিভাগৰ উদ্যোগত দহ বিধ উন্নতজাতৰ ধানৰ বীজ ৰোপনৰে ক্ৰপ কেফেটেৰীয়া শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্ব বেংকৰ অৰ্থসাহাৰ্যত এপাৰ্ট আঁচনিৰ অধীনত শুভাৰম্ভ কৰে শালিধানৰ ক্ৰপ কেফেটেৰীয়া। মৰিগাঁও ঔজাৰীস্থিত কৃষি পাম চৌহদত সোমবাৰে দহবিধ উন্নত জাতৰ শালিধানৰ বীজ ৰোপনৰে এই কেফেটেৰীয়াৰ মুকলি কৰে মানিপুৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা চন্দ্ৰিমা ডেকাই।
এই ক্ৰপ কেফেটেৰীয়াত শালিধানৰ বীজ ৰোপণ কাৰ্যসূচীত মৰিগাঁও জিলা কৃষি বিষয়া অৰূপ বৰা,নডেল বিষয়া বিনীতা বৰ্মন, ঔজাৰী কৃষি পাম পৰিচালক দিব্যজ্যোতি হাজৰিকা, গছৰগুৰি আৰু জাগীভকতগাঁও কৃষি চক্ৰৰ উন্নয়ন বিষয়া ক্ৰমে গৌৰৱ কাশ্যপ,কস্তুৰী শিৱম উপৰিও বিশিষ্ট সাংবাদিক ঋতুমণি মহন্ত প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। উল্লেখযোগ্য যে ঔজাৰী কৃষিপামৰ ক্ৰপ কেফেটেৰীয়াত কলা জহা,আইজং,ৰঞ্জিত চাব ১,বাহাদুৰ চাব ১,স্বৰ্ন চাব,স্বৰ্ন মাচুৰি,ৰঞ্জিত ,লাল গংগা,ত্ৰিপুৰা চিকুন আৰু গ্ৰীন ৰাইছ আদি উন্নত জাতৰ শালিধানৰ খেতি প্ৰদৰ্শন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে মৰিগাঁও জিলা কৃষি বিষয়া অৰূপ বৰাই।