নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিকিৰভেটাত আৰক্ষীৰ বৃহৎ সাফল্যঃ ড্ৰাগছ , নগদ ধন আৰু গাড়ী সহ তিনিজনক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই থকা সময়তে আজি মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিময় গায়নৰ নেতৃত্বত বৰিবজাৰ পহৰাচকীৰ সহযোগত এক গোপন সূত্ৰৰ পমখেদি শিলপুখুৰীত অভিযান চলাই ড্ৰাগছ সহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক আতক কৰিবলৈ সক্ষম হয় ৷ লগতে আনুমানিক ৫০ গ্ৰাম ড্ৰাগছ নগদ ১৩,১০০ টকা আৰু তেওলোকে ব্যৱহাৰ কৰা AS 02 J – 0041 নম্বৰৰ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী ক্ৰমে মঃ চেলিম জাবেদ , মঃ আছিক ইছলাম আৰু চাদ্দাম হুছেইনৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষীয়ে মিকিৰভেটাৰ কেচ নং 287/2021 . U /S -21 (A) / 29 নম্বৰত এটি গোচৰ ৰোজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে আতকাধিন কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

You might also like