নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুজ্ঞা–পত্র, পঞ্জীয়ন অবিহনে হোটেলৰ ব্যৱসায়ঃ চৰকাৰী নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে ৰহস্যজনক মৌনতা মহানগৰ প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই: চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে গুৱাহাটী মহানগৰীত হোটেল–ৰেষ্টুৰেণ্ট–পদপথৰ ব্যৱসায় চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ গুৱাহাটী পৌৰ নিগম, মহানগৰ জিলা খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ বছৰৰ পিছত বছৰ ধৰি কৰফাঁকিৰে অসাধু ব্যৱসায়ীসকলে হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আহিছে৷

মহানগৰীত ব্যৱসায় চলাবলৈ পৌৰ নিগমৰ অনুজ্ঞা–পত্র লোৱাটো বাধ্যতামূলক৷ তদুপৰি হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলোৱা ব্যৱসায়ীয়ে খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞা–পত্র লোৱাটো বাধ্যতামূলক৷ কিন্তু খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞা–পত্র নোলোৱাকৈ মহানগৰীত হাজাৰ হাজাৰ ব্যৱসায়ীয়ে হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আহিছে৷

চৰকাৰী নীতি–নির্দেশনা অনুসৰি বছৰত ১২ লাখ টকাৰ ব্যৱসায় কৰা হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলোৱা ব্যৱসায়ীসকলে বছৰি ১০০ টকা মাচুল দি পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ ১২ লাখ টকাৰ ওপৰত ব্যৱসায় চলোৱা ব্যৱসায়ীসকলে ২০০০ টকা মাচুল আদায় দি খাদ্য সুৰক্ষা বিভাগৰ পৰা অনুজ্ঞা–পত্র উলিয়াব লাগে৷ কিন্তু চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে অসাধু ব্যৱসায়ীসকলে খাদ্য সুৰক্ষা বিভাগত পঞ্জীয়ন আৰু অনুজ্ঞা–পত্র নোলোৱাকৈ ব্যৱসায় চলাই আহিছে৷ খাদ্য সুৰক্ষা বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই অহাৰ ফলত প্রতিবছৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে৷

গুৱাহাটী মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞা–পত্র নোলোৱাকৈ বহু বিলাসী হোটেল আৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে ব্যৱসায় চলাই অহা বুলি বিভাগটোৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷

ইফালে, মহানগৰীৰ পদপথত ব্যৱসায় কৰা ব্যৱসায়ীসকলেও ১০০ টকা মাচুল দি খাদ্য সুৰক্ষা বিভাগত পঞ্জীয়ন কৰিব লাগে৷ কিন্তু খাদ্য সুৰক্ষা বিভাগত পঞ্জীয়ন নকৰাকৈ পদপথৰ ব্যৱসায়ীসকলেও বছৰৰ পিছত বছৰ ধৰি ব্যৱসায় চলাই আহিছে৷ চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মহানগৰ জিলা প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like