অ’ৰেগনৰ সমুদ্র তীৰলৈ উটি আহিল ৪৫ কিলো ওজনৰ চন্দা
নিয়মীয়া বাৰ্তা, ২৪ জুলাই: আমেৰিকাৰ অ’ৰেগনৰ সমুদ্রৰ বলুকাৰাশিলৈ বিশালকাল এটা চন্দা মাছ উটি অহা ঘটনাক লৈ সংবাদ মাধ্যমত চর্চা চলিছে৷ সুদৃশ্য এই ৰঙীন মাছটোৰ ওজন ৪৫ কিলোগ্রাম আৰু ইয়াৰ দৈর্ঘ্য হৈছে ৩.৫ ফুট৷
মুনফিছ হিচাপে পৰিচিত চন্দা মাছ সাধাৰণতে দহ–বাৰ কিলোগ্রাম ওজনৰ হয় বুলি জনা যায় যদিও পূর্বে এনে বিশাল আকাৰৰ চন্দা কোনেও দেখা নাছিল৷ লক্ষণীয়ভাৱে চন্দাৰ বিভিন্ন প্রজাতি আমেৰিকাৰ একুৱাৰেমত পোহা হয়৷