নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ জুলাইলৈ আৰক্ষীৰ জিম্মাত থাকিব লাগিব ৰাজ কুন্দ্রা

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  অশ্লীল ছবি নির্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে তাক মুকলি কৰি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্রাক পুনৰ ২৭ জুলাইলৈ আৰক্ষীৰ জিম্মাত দিয়া হৈছে৷

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰিছিল ৰাজ কুন্দ্রাক৷ ১৯ জুলাইৰ নিশা গ্রেপ্তাৰ হোৱা কুন্দ্রাক ২৩ জুলাইলৈ আদালতে আৰক্ষীৰ জিম্মাত দিছিল৷ আজি পুনৰ আদালতে কুন্দ্রাৰ আৰক্ষীৰ জিম্মাৰ সময়সীমা বৃদ্ধি কৰিছে৷ কুন্দ্রাৰ লগতে ৰিয়ান থর্প নামৰ লোক এজনকো একেটা গোচৰত ২৭ জুলাইলৈ আৰক্ষীৰ জিম্মাত দিয়া হৈছে৷

উল্লেখনীয় যে কুন্দ্রাৰ গ্রেপ্তাৰৰ পিছতে বলীউডত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ আৰক্ষীয়ে কুন্দ্রাৰ লেপটপ বাজেয়াপ্ত কৰি ৫১খন পর্ণ ছবি লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like