নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অভিযান আৰম্ভ কৰিব সিন্ধুৱে

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  ৰিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে ইতিহাস ৰচা ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে কাইলৈ টকিঅ’ অলিম্পিকত অভিযান আৰম্ভ কৰিব৷ টকিঅ’ৰ মুছাশ্বিনো ফ’ৰেষ্ট স্প’টছ প্লাজাত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বেডমিণ্টন ইভেণ্টৰ মহিলাৰ ছিংগলছত ভাৰতৰ তাৰকাগৰাকীয়ে ইজৰাইলৰ ছেনিয়া প’লিকাৰপ’ভাৰ বিৰুদ্ধে ক’টত নামিব৷

প্রথম ৰাউণ্ডত এই মেচখনত ফেভাৰিট হিচাপে খেলপথাৰত নামিবলৈ সাজু হোৱা পি ভি সিন্ধুৱে আজি কয় যে এই ষ্টেডিয়ামত তেওঁ পূর্বে ৮ হাজাৰ দর্শকৰ হর্ষোল্লাসৰ মাজত জাপান অ’পেনৰ কোৱার্টাৰ ফাইনেল খেলিছিল৷

অনুৰাগীৰ অভূতপূর্ব সমর্থনে তেওঁৰ মনোবল বৃদ্ধি কৰিছিল৷ কিন্তু এইবাৰ খালী ষ্টেডিয়ামত শ্বাটলাৰগৰাকীয়ে দর্শকৰ অনুপস্থিতি অনুভৱ কৰিব বুলি সিন্ধুৱে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ভাৰতৰ অলিম্পিক পদক বিজয়ী আনগৰাকী তাৰকা শ্বাটলাৰ ছাইনা নেহৱালৰ অনুপস্থিতিত টকিঅ’ অলিম্পিকত ভাৰতৰ পদক জয়ৰ আশা বহন কৰিছে পি ভি সিন্ধুৱে৷ বিশ্বৰ সপ্তম ৰেংকিংপ্রাপ্ত শ্বাটলাৰগৰাকীয়ে ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ ফাইনেলত স্পেইনৰ কাৰ’লিনা মেৰিনৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল৷ এইবাৰ স্পেইনৰ তাৰকাগৰাকীয়ে আঘাতৰ বাবে অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷

You might also like