নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত স্বর্ণ বিজয়ীয়ে লাভ কৰিব ৭৫ লাখ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  জাপানৰ ৰাজধানী টকিঅ’ত শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা অলিম্পিকত স্বর্ণপদক বিজয়ী ভাৰতীয় এথলীটক ৭৫ লাখ টকাকৈ আগবঢ়াব ভাৰতীয় অলিম্পিক সন্থাই৷ একেদৰে ৰূপৰ পদক বিজয়ীয়ে ৪০ লাখ আৰু ব্রঞ্জৰ পদক বিজয়ীয়ে ২৫ লাখৰ আর্থিক পুৰস্কাৰ লাভ কৰিব৷

ভাৰতীয় অলিম্পিক সন্থাই উপদেষ্টা কমিটীৰ পৰামর্শ অনুসৰি যোৱানিশা এই সিদ্ধান্ত গ্রহণ কৰে৷ ৰাষ্ট্রীয় ক্রীড়া ফেডাৰেচন (এন এছ এফ)–এ অলিম্পিকত অংশ লোৱা প্রতিগৰাকী খেলুৱৈক আগবঢ়াবলগীয়া ২৫ লাখ টকাৰ বোনাছৰ উপৰি এই আর্থিক পুৰস্কাৰ লাভ কৰিব৷ ভাৰতীয় অলিম্পিক সন্থাৰ সচিবপ্রধান ৰাজীৱ মেহতাই কয় যে অলিম্পিকত পদক বিজয়ী খেলুৱৈৰ বাবে অলিম্পিক সন্থাই প্রথমবাৰৰ বাবে এই ধৰণৰ পুৰস্কাৰ ঘোষণা কৰিছে৷

You might also like