নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ ৰুদ্ধদ্বাৰ আলোচনা

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ  দুদিনীয়া মেঘালয়–অসম ভ্রমণসূচীৰে শনিবাৰে শ্বিলঙত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্রীৰে মিলিত হ’ল এক ৰুদ্ধদ্বাৰ বৈঠকত৷ দিনটোৰ নির্ধাৰিত কার্যসূচীৰ অন্তত শ্বিলঙৰ পাইনউড হোটেল সংলগ্ন ষ্টেট কনভেনচন চেণ্টাৰত সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৮.৩০ বজালৈ অনুষ্ঠিত এই বৈঠকত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ দীর্ঘদিনীয়া বিভিন্ন সমস্যাই অগ্রাধিকাৰ লাভ কৰে৷

বিশেষকৈ আন্তঃৰাজ্যিক সীমা বিবাদ আৰু ক’ভিড–১৯সৃষ্ট পৰিস্থিতি সন্দর্ভত পর্যালোচনা কৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷ গুৰুত্বপূর্ণ বৈঠকখনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি মেঘালয়, অৰুণাচল প্রদেশ, ত্রিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিমৰ মুখ্যমন্ত্রীসকলৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰকেইখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানসক উপস্থিত আছিল৷

সংবাদ প্রতিষ্ঠান পি টি আয়ে চৰকাৰী সূত্রৰ উদ্ধৃতিৰে প্রকাশ কৰা বাতৰি অনুসৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত দীর্ঘদিন ধৰি বিৰাজ কৰা সীমা সমস্যাৰ বিষয়টো কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে গুৰুত্বসহকাৰে পর্যালোচনা কৰে৷

লগতে তেওঁ উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰো বুজ লয়৷

মন কৰিবলগীয়া যে অতি শেহতীয়াকৈ উত্তৰ–পূর্বাঞ্চলৰ অন্যতম দুই ৰাজ্য অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ তাৰ মাজতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ উপস্থিতিত অনুষ্ঠিত এই ৰুদ্ধদ্বাৰ বৈঠক বিবেচিত হৈছে অতি গুৰুত্বপূর্ণ ৰূপে৷ সেইদৰে উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণো দিনকদিনে বৃদ্ধি পাইছে৷

শনিবাৰে এই বৈঠকখনৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মেঘালয়ৰ কেইবাটাও সংগঠনৰ প্রতিনিধিৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ আজি পুৱাৰ ভাগত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ছেৰাপুঞ্জীত উপস্থিত হৈ এখন পানী যোগান আঁচনি উদ্বোধন কৰাৰ লগতে ৰামকৃষ্ণ মিছন পৰিদর্শন কৰাৰ কথা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকখনত কেন্দ্রীয় ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

You might also like