নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ অৱশেষত কংগ্রেছ হাইকমাণ্ডে প্রদেশ কংগ্রেছৰ নতুন সভাপতি হিচাপে নিযুক্তি দিলে কংগ্রেছ নেতা ভূপেন কুমাৰ বৰাক৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে শনিবাৰে এক নির্দেশযোগে ভূপেন বৰাক প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব অর্পণ কৰে৷ তদুপৰি ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে৷

এ আই চি চিয়ে নির্দেশটোত লগতে ভূপেন বৰা আৰু ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি দিছে৷

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ৰে পৰাই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছিল৷ এই সম্পর্কত বিভিন্ন সময়ত প্রদেশ কংগ্রেছৰ তৰফৰ পৰা হাইকমাণ্ডক বিভিন্ন অভিযোগেৰে সভাপতি সলনিৰ দাবী জনোৱা হৈছিল৷ কিন্তু সন্মুখত বিধানসভা নির্বাচন থকাৰ পৰিপ্রেক্ষিতত হাইকমাণ্ডে প্রদেশ কংগ্রেছৰ সভাপতি সলনিৰ বিষয়টো আঁতৰাই ৰাখে৷

শেহতীয়াকৈ বিধানসভা নির্বাচনত কংগ্রেছৰ বিপর্যয়ৰ পাছতেই নৈতিক দায়িত্ব স্বীকাৰ কৰি নির্বাচনী ফলাফল প্রকাশৰ দিনাই প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা ৰিপুণ বৰাই পদত্যাগ কৰে৷ কংগ্রেছ হাইকমাণ্ডে নতুন সভাপতি নিযুক্তি নিদিয়ালৈকে ৰিপুণ বৰাকেই সভাপিতৰ দায়িত্ব চম্ভালি যাবলৈ নির্দেশ দিয়ে৷ বিগত আঢ়ৈ মাহ ধৰি এই বিষয়টো হাইকমাণ্ডৰ টেবুলত ওলমি থকাত প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগতে একপ্রকাৰ দলৰ ভিতৰচ’ৰাত অসন্তুষ্টি বিৰাজ কৰাৰ লগতে তৃণমূল পর্যায়ৰ কর্মীসকলো হতাশ হৈ পৰে৷ শেহতীয়াকৈ শনিবাৰে কংগ্রেছ হাইকমাণ্ডে ৰিপুণ বৰাৰ স্থানত ভূপেন কুমাৰ বৰাক সভাপতিৰ দায়িত্ব অর্পণ কৰে৷

ইপিনে প্রদেশ কংগ্রেছৰ নতুন সভাপতি হিচাপে নিযুক্তি লাভ কৰি সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয় যে দলত এতিয়াও বহু জ্যেষ্ঠ–ভিজ্ঞ নেতা, উদীয়মান নেতা আৰু ৰাইজে ভালপোৱা নেতা আছে৷ তেওঁলোক আটাইৰে পৰামর্শ গ্রহণ কৰি তেওঁলোকৰ চিন্তা–চর্চাৰ ভিত্তিত দলক তেওঁ আগুৱাই লৈ যাব৷

সম্প্রতি প্রদেশ কংগ্রেছৰ জটিল সময় বুলি চলি থকা চর্চাৰ প্রসংগত বৰাই কয় যে ইয়াতকৈ জটিল সময় অসম প্রদেশ কংগ্রেছ কমিটীয়ে পাইছে৷ ১৯৮৫ চনত অগপ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই মানৱেন্দ্র শর্মা, লেখন লাহন, হিতেশ্বৰ শইকীয়াৰ ভাতৃ ৰোহিতেশ্বৰ শইকীয়াকে ধৰি বহু কংগ্রেছ নেতাক গুলীয়াই হত্যা কৰা হৈছিল৷ সেই সময়ত কংগ্রেছ কর্মীসকলক চুলি কাটি দিয়া হৈছিল, বিয়া–সবাহলৈ যাব নোৱাৰা হৈছিল, ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হৈছিল৷ তাৰ পাছতো কিন্তু ১৯৯১ চনত কংগ্রেছ দল ক্ষমতালৈ আহে৷ দলৰ শৃংখলা, দলৰ নেতৃত্বৰ চিন্তা–চর্চা, কঠোৰ পৰিশ্রম আৰু দলীয় কর্মীৰ শক্তিশালী মনোবলৰ বাবেই হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত ১৯৯১ত কংগ্রেছ দল ক্ষমতালৈ আহে৷ ১৯৯৬ চনত পুনৰ অগপ ক্ষমতালৈ আহে৷ প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰ অগপ ক্ষমতালৈ অহাৰ ১০০ দিন নৌহওঁতেই তেওঁক প্রদেশ যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল৷

সেই সময়ত বহুতেই তেওঁক যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব ল’ব নালাগিছিল বুলি কৈছিল৷ তেওঁলোকৰ মতে, অগপ কমেও ১০–১৫ বছৰ ক্ষমতাত থাকিব৷ কিন্তু ২০০১ চনত তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছ দল পুনৰ ক্ষমতালৈ আহে৷ সভাপতি বৰাই কয় যে প্রয়াত হিতেশ্বৰ শইকীয়া আৰু প্রয়াত তৰুণ গগৈৰ কাষে কাষে তেওঁ দলীয় কর্মী হিচাপে আছিল৷ শইকীয়া আৰু গগৈয়ে কেনেদৰে অসমৰ ৰাইজৰ বিশ্বাসভাজন, আস্থাভাজন হৈছিল তেওঁ নিজে দেখিছে৷ এতিয়াও কংগ্রেছ দলত বহু জ্যেষ্ঠ–ভিজ্ঞ নেতা, উদীয়মান নেতা আৰু ৰাইজে ভালপোৱা নেতা আছে৷

তেওঁলোকৰ পৰামর্শ লৈ, তেওঁলোকৰ চিন্তা–চর্চাক লৈ আলোচনা কৰি অনাগত দিনত দলটো আগুৱাই নিব৷ এই প্রসংগতে তেওঁ কিছুদিন পূর্বে মৃত্যুবৰণ কৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু ডাঃ ভূমিধৰ বর্মনক স্মৰণ কৰি কয় যে তেওঁলোক এতিয়া নাই যদিও প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, ড০ হেমপ্রভা শইকীয়া, তৰুণ গগৈৰ সহধর্মিনী ডলী গগৈ আছে৷ তেওঁলোকৰ আশীর্বাদত দলক আগুৱাই নিব পাৰিব৷ তদুপৰি দলত এতিয়াও ৫গৰাকী সাংসদ, ২৮গৰাকী বিধায়ক আছে৷ সেয়ে তেওঁ কংগ্রেছ দল দুর্বল, নিশকটীয়া বুলি নাভাবে৷ বিধানসভাত দলৰ বিধায়কৰ সংখ্যা কম হ’লেও বিৰোধীৰ যি দায়িত্ব, সেয়া অধিক নিষ্ঠা সহকাৰে শক্তিশালী ৰূপত অনাগত দিনত কাম কৰি যাব৷ সেইদৰে ৰূপজ্যোতি কুর্মীৰ পাছত থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰিব বুলি চলি থকা চর্চা সন্দর্ভত সভাপতি বৰাই কয় যে বৰগোহাঁইৰ লগত তেওঁৰ সম্পর্ক ডিব্রুগড় বিশ্ববিদ্যালয়ত থকা দিনৰে পৰা৷ প্রদেশ কংগ্রেছৰ তেওঁ সভাপতি হ’ব লাগে বুলি যিসকলে বেছিকৈ ভাবিছিল, তেওঁলোকৰ ভিতৰত বৰগোহাঁই অন্যতম৷ তিনি দিন আগেয়েও বৰগোহাঁইৰ সৈতে কথা–বতৰা হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰগোহাঁই বিধায়ক হিচাপে নির্বাচিত হৈ অহাৰ পাছত দুই–তিনিবাৰ লগ পাইছে৷ বৰগোহাঁইৰ ঘৰতো গৈ কথা পাতিছে আৰু বৰগোহাঁই তেওঁৰ ঘৰলৈ আহিও কথা পাতিছে৷

You might also like