নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেবাৰ নির্দেশনাঃ নৱম শ্রেণীৰ শিক্ষার্থীৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰ

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ অন্তর্গত বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ ছেবাৰ সচিবে জাৰি কৰা এখন জাননীত কোৱা হয় যে ১০ ছেপ্টেম্বৰ পর্যন্ত নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ চালান কটা বা মাচুল জমা দিয়াৰ শেষ তাৰিখ হৈছে ১৬ ছেপ্টেম্বৰ৷ এই সময়সীমাৰ ভিতৰত পঞ্জীয়নৰ যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ছাত্র–ছাত্রীসকলক নির্দেশ দিয়া হৈছে৷

You might also like