নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভবাতকৈও অধিক মাৰাত্মক ক’ভিড মহামাৰীৰ ডেল্টা প্রকৰণ

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ ক’ভিড মহামাৰীৰ পৰিৱর্তিত ডেল্টা প্রকৰণে অধিক মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ প্রথমতে ভাৰতত ডেল্টা প্রকৰণৰ দ্বাৰা সংক্রমিত লোক চিনাক্ত হৈছিল৷ শেহতীয়াকৈ বিশ্বৰ কেইবাগৰাকীও ক’ভিড–১৯ৰ ওপৰত গৱেষণা চলাই থকা বিশেষজ্ঞ চিকিৎসকে উল্লেখ কৰিছে যে ডেল্টা প্রকৰণে অকল সংক্রমিত লোকজনক দুর্বলেই নকৰে, এজন লোকৰ পৰা অন্য এজনলৈ ই অতি সহজে সংক্রমণ ঘটাব পাৰে৷ ব্রিটেইনৰ মাইক্র’বায়’লজিষ্ট ছাৰন পীককে উল্লেখ কৰা অনুসৰি বর্তমান বিশ্বত ক’ভিডে সঘনে ইয়াৰ ৰূপ সলাইছে৷ কিন্তু ডেল্টা প্রকৰণ মাৰাত্মক হিচাপে চিহ্ণিত হৈছে৷ কাৰণ ক’ভিড প্রতিৰোধী ভেকচিন লোৱা লোক আটাইতকৈ বেছি ডেল্টা প্রকৰণৰ দ্বাৰা সংক্রমিত হৈছে৷

You might also like