নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰটোৰ প্রথম ৬টা মাহত আফগানিস্তানত নিহত ১৬০০

৪৬ আফগান সৈনিকৰ পাকিস্তানত আশ্রয়

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ সংঘর্ষজর্জৰ আফগানিস্তানত চলিত বর্ষৰ প্রথম ৬টা মাহত অভিলেখসংখ্যক লোক নিহত বা আহত হৈছে৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ চলিত বর্ষৰ প্রথম ৬টা মাহত ১৬০০তকৈ অধিক অসামৰিক লোক নিহত হৈছে তালিবানৰ আক্রমণত৷ বিগত বর্ষৰ তুলনাত ৪৭ শতাংশ অধিক লোকৰ মৃত্যু হৈছে এই সময়ছোৱাত৷

স্মর্তব্য যে তালিবানে আফগানিস্তানৰ ন ন অঞ্চল শেহতীয়াকৈ দখল কৰিছে৷ আমেৰিকান আৰু নাটো বাহিনীৰ প্রত্যাৱর্তন প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে তালিবানে আক্রমণ তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে কেইবাখনো গুৰুত্বপূর্ণ চহৰ বিগত কেইসপ্তাহমানৰ ভিতৰত তালিবানৰ হাতলৈ গৈছে৷ শেহতীয়াকৈ ৪৬জন আফগান সৈনিকে সীমান্তৰ এক চকী তালিবানৰ হাতত হেৰুৱাই প্রতিৱেশী পাকিস্তানত আশ্রয় লোৱা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ তালিবানে দাবী কৰা অনুসৰি বহু আফগান সৈনিকে তাজিকিস্তান আৰু ইৰানলৈও পলায়ন কৰিছে৷

You might also like