নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ইঞ্চি মাটিও এৰি নিদিয়াকৈ সীমান্তত থিয় দি আছে অসম আৰক্ষী

সীমান্তৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মিজোৰাম সীমা সমস্যাক লৈ সৃষ্টি হৈ থকা উত্তপ্ত পৰিস্থিতিক লৈ বিৰোধী কংগ্রেছ দলে গ্রহণ কৰা ভূমিকাক লৈ বুধবাৰে সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বুধবাৰে  মহানগৰীত দেশভক্তি দিৱস অনুষ্ঠানত অংশগ্রহণৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– প্রথমবাৰৰ বাবে এক ইঞ্চি মাটি এৰি নিদিয়াকৈ সীমান্তত অসম আৰক্ষী থিয় দি আছে৷ আই জি পি অনুৰাগ আগৰৱালাৰ নেতৃত্বত ৩০০ জোৱান সীমান্তৰ সুৰক্ষাৰ বাবে থিয় দি আছে৷ প্রথমবাৰৰ বাবে এক ইঞ্চি মাটি নিদিয়াকৈ আৰক্ষীয়ে থিয় দিয়াটো গুৰুত্বপূর্ণ দিশ৷ ২০২০ চনৰ নৱেম্বৰ মাহত মিজোৰামে অসমৰ যি ভূমি দখল কৰিছিল, সেই ভূমিৰ বহুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ ইয়াৰ বিপৰীতে কংগ্রেছে সমগ্র বিষয়টোক লৈ ৰাজনীতিত নামিছে৷ মিজোৰামত আজি জ’ৰামথাংগাৰো প্রতিদ্বন্দ্বী আছে৷ কিন্তু এই সময়ত মিজোৰামৰ শাসক–বিৰোধী, সংবাদ মাধ্যম এক হৈছে৷ নাগালেণ্ডতো যেতিয়াই এনেধৰণৰ পৰিস্থিতি হয়, তেতিয়াই সকলো এক হয়৷ কিন্তু অসমত কংগ্রেছে ভোটত জিকাটো দূৰৰ কথা, কিবা ঘটনা ঘটিলে দলটোৱে কেনেকৈ কাৰ পদত্যাগ ল’ব পাৰে, তাক লৈহে ব্যস্ত হয়৷

সীমা সমস্যাৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– এই সমস্যা সমাধানৰ বাবে বুৰঞ্জীৰ সমলক লৈ আগবাঢ়িব লাগিব৷ ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে সীমা সমস্যাক লৈ আলোচনা হ’ব৷ অসম এনে এক স্থানত আছে, যাৰ চাৰিওফালে সীমান্ত৷ লাহে লাহে এই সমস্যাবোৰ সমাধান কৰিব লাগিব৷ কিন্তু মিজোৰাম সীমান্ত যি ঘটনা চলি আছে, সেয়া একমাত্র সীমা সমস্যা নহয়৷ ৰাজ্যখনৰ আন বেলেগ অভিপ্রায় আছে৷ যাৰ বাবে যোৱা দুমাহৰ পৰা যুঁজ চলাই আছে৷ কিন্তু অসম আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ সৈতে যুঁজ নকৰি এক ইঞ্চি মাটি এৰি নিদিয়াকৈ থিয় দি আছে৷ ইফালে কালি মুখ্যমন্ত্রীগৰাকীৰ এক বক্তব্যত মিজোৰামে বিচাৰিলে গুৱাহাটী, নলবাৰী এৰি দিম বুলি কোৱা বিষয়টো সন্দর্ভত  ড০ শর্মাই কয়– মোৰ বক্তব্য বিকৃত কৰা হৈছে৷ যিসকলে বিষয়টো বুজি নাপায়, তেওঁলোকে এই বিতর্ক সৃষ্টি কৰে৷ মই উল্লেখ কৰিছিলোঁ যে সাংবিধানিক নিয়মৰ অধীনত কেন্দ্রীয় চৰকাৰে মিজোৰাম আৰু অসমত যি সীমা নির্ধাৰণ কৰে, সেয়াই সীমা হ’ব৷ এই কথা মই মিজোৰামক উদ্দেশ্যি কৈছিলোঁ৷ তেওঁলোকে সীমান্তত যুঁজ দি থকাতকৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী তোলক৷ কিন্তু একাংশই ইয়াক বিকৃত কৰিছে৷ কংগ্রেছে এই বিষয়টোক লৈ কৰা সমালোচনা সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– কংগ্রেছৰ কার্যকালত কি হৈছিল, সেয়া বুৰঞ্জীয়ে ক’ব৷ কেন্দ্রীয় চৰকাৰক নোকোৱাকৈ কংগ্রেছে নাগালেণ্ডক মাটি এৰি দিছিল নেকি? এই বিষয়টো অসমৰ কংগ্রেছে তেওঁলোকৰ নেতৃত্বক প্রশ্ণ কৰক৷

ইফালে সীমান্তত সংঘটিত ঘটনাত মিজো লোকে অস্ত্র লৈ অসম আৰক্ষীলৈ গুলীওৱাৰ প্রসংগত শেহতীয়াকৈ উত্থাপিত অভিযোগকো আজি মুখ্যমন্ত্রীয়ে নস্যাৎ কৰে৷ বিৰোধীয়ে অভিযোগ তুলিছিল যে অস্ত্র–শস্ত্র লৈ মিজো আৰক্ষীৰ লগত বহুসংখ্যক সাধাৰণ লোক অহাৰ খবৰ চোৰাংচোৱাৰ ওচৰত নাছিল নেকি? এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– সেয়া চোৰাংচোৱাই লাভ কৰিব লগা খবৰ নহয়৷ সেয়া সকলোৱে জানে যে মিজোৰাম চৰকাৰে তেওঁলোকৰ সাধাৰণ লোকৰ হাতত অস্ত্র তুলি দিছে৷ লাইলাপুৰলৈ গ’লে যিকোনো লোকেই প্রত্যক্ষ কৰিব যে মিজো লোকসকলে কিদৰে মাৰণাস্ত্র লৈ ফুৰে৷ কিন্তু হাতে হাতে মাৰণাস্ত্র থকাৰ খবৰ পায়ো অসম আৰক্ষীয়ে সীমান্ত সুৰক্ষাৰ বাবে থিয় দিছে৷ ৰাজ্যৰ ৫টা সীমান্ত অঞ্চলত আজি অসম আৰক্ষীয়ে যুঁজ দি আছে৷ বিৰোধীক  মুখ্যমন্ত্রীয়ে এনেদৰে প্রত্যুত্তৰ দিয়াৰ সমান্তৰালকৈ মন্ত্রী পীয়ূষ হাজৰিকায়ো আজি সৰৱ হয় কংগ্রেছৰ বিৰুদ্ধে৷ মন্ত্রীগৰাকীয়ে কয়– সীমা বিবাদৰ বুৰঞ্জী ওলালে কংগ্রেছে আমাৰ লগত বিতর্ক কৰা স্থানৰ পৰা পলাব লাগিব৷ কংগ্রেছে এই বৃহৎ সমস্যাটো সৃষ্টি কৰিছিল আৰু ইয়াক সমাধান নকৰিলে৷ কংগ্রেছৰ শাসনকালতেই নাগালেণ্ড, মিজোৰাম সীমান্তত বহু লোকে প্রাণ হেৰুৱাইছিল৷ কিন্তু আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে পুনৰ আগ্রাসন হ’ব দিয়া নহ’ব৷ তাৰ বাবে যিমান ত্যাগ কৰিব লাগে, আমি সাজু৷ কিন্তু আগ্রাসন নহ’ব৷ সকলোৱে মিলি আৰক্ষীৰ মনোবল এই সময়ত বৃদ্ধি কৰিব লাগে৷ কিন্তু কংগ্রেছে সমালোচনাতহে নামি পৰিছে৷
‘দেশভক্তি দিৱসে নৱপ্রজন্মক ৰাষ্ট্রীয়তাবাদী ভাবধাৰাৰে অনুপ্রাণিত কৰিব’
দেশভক্ত তৰুণৰাম ফুকন অসমৰ স্বার্থৰ হকে থিয় দিয়া এগৰাকী দূৰদর্শী নেতা আছিল৷ কংগ্রেছ নেতৃত্বৰ সৈতে হোৱা মতবিৰোধৰ বাবে দলত্যাগ কৰি ১৯৩৬ চনত তেওঁ অসম জনসংঘ গঠন কৰিছিল৷ দেশভক্তৰ দূৰদৃষ্টি উপলব্ধি কৰি সেই সময়ত যদিহে কংগ্রেছ দলে প্রাদেশিক চৰকাৰত অংশ লোৱাত সন্মতি প্রদান কৰিলেহেঁতেন, তেন্তে ৰাজ্যৰ ইতিহাস আৰু জনগাঁথনি আজি সম্পূর্ণ পৃথক হ’লহেঁতেন৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বুধবাৰে গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰে আয়োজন কৰা ৰাজ্যিক পর্যায়ৰ দেশভক্তি দিৱসত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই বক্তব্য প্রকাশ কৰাৰ লগতে কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন, আদর্শৰাজিক অধিক সজীৱ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই দিৱসৰ আয়োজন কৰিছে৷ ইয়াৰ জৰিয়তে নতুন প্রজন্মই ৰাষ্ট্রীয়তাবাদী ভাবধাৰাৰে অনুপ্রাণিত হ’ব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– দেশভক্তি দিৱস আয়োজনে ইতিহাসৰ বহু অৱহেলিত অধ্যায় লোকচক্ষুৰ সমুখলৈ আনিবলৈ সক্ষম হ’ব৷ দেশভক্ত তৰুণৰাম ফুকন আৰু কর্মবীৰ নবীন চন্দ্র বৰদলৈ ৰাজ্যখনত দেশৰ স্বাধীনতা সংগ্রামৰ অন্যতম পথিকৃৎ আছিল৷ প্রাদেশিক কংগ্রেছৰ সভাপতি হিচাপে ৰাজ্যত তৰুণৰাম ফুকনে স্বাধীনতা সংগ্রামৰ নেতৃত্ব বহন কৰাৰ লগতে তেওঁ ১৯২১ চনত মহাত্মা গান্ধীৰ অসম ভ্রমণ তথা দেশৰ স্বাধীনতা আন্দোলনত বহু দিশৰ পৰা গুৰুত্বপূর্ণ ৰূপে বিবেচিত ১৯২৬ চনৰ পাণ্ডুত অনুষ্ঠিত কংগ্রেছৰ অধিৱেশনত মূল চালিকা শক্তি আছিল৷

মুখ্যমন্ত্রীয়ে ভাষণত ইয়াকো উল্লেখ কৰে যে দেশভক্তই যোগ্য সন্মানৰ পৰা অতবছৰে বঞ্চিত হৈ ৰ’ল৷ তেওঁৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে স্মৃতি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে ‘দেশভক্তি দিৱস’ৰ দৰে পদক্ষেপ গ্রহণ কৰিছে৷ ‘দেশভক্তি দিৱসে’ তৰুণৰাম ফুকনৰ লগতে নবীন চন্দ্র বৰদলৈ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ দৰে মহান স্বাধীনতা সংগ্রামীসকলৰ কর্মৰাজি আৰু অৱদান সম্পর্কে চিন্তা–চর্চা কৰাৰ বিশেষ সুযোগ প্রদান কৰিব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম চৰকাৰৰ অষ্টমখন কেবিনেট বৈঠকত প্রতিবছৰৰ ২৮ জুলাইৰ দিনটো দেশভক্তি দিৱস আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল, যাতে এই দিৱসে দেশভক্তগৰাকীৰ স্বাধীনতা সংগ্রামলৈ আগবঢ়োৱা অৱদান আৰু ৰাজ্যৰ সমাজ জীৱনত তেওঁৰ ভূমিকাৰ বিষয়ে অধিক জনসজাগতা সৃষ্টিৰ পৰিৱেশ ৰচনা কৰে৷

মন্ত্রীগৰাকীয়ে কয় যে কর্মবীৰ নবীন চন্দ্র বৰদলৈৰ সৈতে ৰাজ্যত স্বাধীনতা আন্দোলনক নেতৃত্ব প্রদান কৰা তৰুণৰাম ফুকন ৰাজনীতি আৰু ওকালতিৰ লগতে সাহিত্য আৰু সমাজ জীৱনৰ প্রতি অনুৰক্ত আছিল৷ অসম সাহিত্য সভাৰ লগতে অসম ছাত্র সন্মিলনী আৰু কংগ্রেছৰো সভাপতি আছিল৷ মন্ত্রী হাজৰিকাই কয় যে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে অনুষ্টুপীয়াকৈ এই বছৰ জনতা ভৱন আৰু জিলা উপায়ুক্তৰ কার্যালয়সমূহৰ লগতে ৰাজ্যিক পর্যায়ত গুৱাহাটীৰ ভৰলুমুখত দেশভক্তি দিৱসৰ আয়োজন কৰিছে৷ ইতিমধ্যে পৰিয়ালৰ সৈতে আলাপ–আলোচনা কৰাৰ লগতে ভৱিষ্যতে জনসাধাৰণৰ লগত আলাপ–আলোচনাৰ মাধ্যমেদি এই দিৱস কেনেদৰে তৃণমূল পর্যায়লৈ লৈ যাব পৰা যায়, তাৰ বাবে প্রয়াস অব্যাহত থাকিব৷ আজিৰ অনুষ্ঠানত দেশভক্তৰ নাতি হেমেন্দ্র ৰাম ফুকনে বক্তব্য প্রদান কৰি মহান স্বাধীনতা সংগ্রামীগৰাকীৰ ঘটনা বহুল জীৱনৰ বহু অদেখা অধ্যায়ৰ কথা উল্লেখ কৰে৷ আনহাতে ‘দেশভক্তি দিৱস’ৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রীয়ে ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত দেশভক্তগৰাকীৰ প্রতিমূর্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰি শ্রদ্ধা নিবেদন কৰে৷ আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে অসম–মিজোৰাম সীমান্তত ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা অৱস্থাত প্রাণাহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত দুই মিনিটৰ মৌন প্রার্থনা কৰা হয়৷ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী, দেশভক্তৰ আন এগৰাকী নাতি জিতেন্দ্র ৰাম ফুকন, নাতিনী ক্রমে বাণী গোস্বামী, মিনতি খাউণ্ড আৰু ইন্দ্রাণী বৰুৱাৰ লগতে পৰিয়ালৰ কেইবাগৰাকী সদস্য আজিৰ অনুষ্ঠানত উপস্থিত থাকে৷

You might also like