ক’ভিডত পুনৰ আক্রান্ত ১,১৮২ঃ পজিটিভিটীৰ হাৰ ০.৭৭ শতাংশ
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ মঙলবাৰে০.৭৭ শতাংশলৈ হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ নতুনকৈ ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ১,১৮২জন লোক৷ ইয়াৰে ১৭৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বৰপেটাৰ ৭৫, গোলাঘাটৰ ৭৪ আৰু যোৰহাটৰ ৭২জন লোক আক্রান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ১,৫৪,১০২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ১,১৫৮জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ১১,০৯৩জন লোক৷ আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১৩জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত গোলাঘাটৰ ৩জন, কামৰূপ মহানগৰৰ ২জন, বাক্সা–নগাঁও–বৰপেটা এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০৭জনলৈ বৃদ্ধি পালে৷