নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রক চেৰ পেলাই উজলিল ছাত্রী

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ  চি বি এছ ইৰ দশম শ্রেণীৰ ফলাফল ঘোষণা কৰা হৈছে৷ ক’ৰোনাৰ বাবে বাতিল কৰা পৰীক্ষাৰ ফলাফল আজি নতুন মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰিছে চি বি এছ ইয়ে৷ আজি ঘোষিত ফলাফল অনুসৰি উত্তীর্ণৰ হাৰ ৯৯.০৪ শতাংশ৷ দেশৰ ১৬টা মণ্ডলৰ ভিতৰত ত্রিবান্দ্রমত সর্বাধিক ৯৯.৯৯ শতাংশ উত্তীর্ণ হোৱাৰ বিপৰীতে উত্তৰ–পূব গুৱাহাটী মণ্ডলত সর্বনিম্ন ৯০.৫৪ শতাংশ উত্তীর্ণ হৈছে৷

অর্থাৎ দেশৰ ভিতৰত সর্বনিম্ন উত্তীর্ণৰ হাৰ গুৱাহাটীত৷ দেশৰ ৰাজধানী দিল্লীৰ পশ্চিমত ৯৮.৭৪ শতাংশৰ বিপৰীতে দিল্লী পূবত উত্তীর্ণ হাৰ ৯৭.৮০ শতাংশ৷ এইবেলি পৰীক্ষাত ছাত্রক পিছ পেলাই উজলিল ছাত্রী৷ ছাত্রৰ উত্তীর্ণ হাৰৰ বিপৰীতে ছাত্রীৰ উত্তীর্ণৰ হাৰ অধিক৷ ছাত্রতকৈ ছাত্রীৰ উত্তীর্ণৰ হাৰ ০.৩৫ শতাংশ বেছি৷

আনপিনে, ৯৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিছে উত্তীর্ণৰ ২.৭৬ শতাংশই৷ দেশত মুঠ ৫৭,৮২৪ শিক্ষার্থীয়ে ৯৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিছে৷ বিদেশী শিক্ষার্থীৰ হাৰ ৯৯.৯২ শতাংশ৷ অর্থাৎ ২৪,৪২০জন বিদেশী শিক্ষার্থীয়ে উত্তীর্ণ হৈছে৷ কেন্দ্রীয় বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০০ শতাংশ৷ এইবেলি ফলাফলত ০.৮৪ শতাংশ অর্থাৎ ১৭,৬৩৬ শিক্ষার্থীয়ে কম্পার্মেণ্ট পাইছে৷ তৃতীয় লিংগৰ শিক্ষার্থীৰ হাৰ ১০০ শতাংশ৷ দশম শ্রেণীৰ উত্তীর্ণ শিক্ষার্থীসকলক কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে৷

You might also like