স্বাধীনতা দিৱসৰ অতিথি ভাৰতীয় অলিম্পিক দল
নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈসকল আগন্তুক স্বাধীনতা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত মুখ্য অতিথি হ’ব৷ সম্প্রতি টকি’ত অলিম্পিক খেলি থকা দেশৰ ক্রীড়াবিদসকলক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷ টকিঅ’ত চলি থকা মেগা ইভেণ্টখনত অংশ লোৱা ভাৰতৰ ১২০গৰাকী ক্রীড়াবিদে লালকিল্লাৰ অনুষ্ঠানত অংশ লোৱাৰ পিছতে প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত চাহমেলত অংশ ল’ব৷
এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে অলিম্পিকত অংশ লোৱা খেলুৱৈসকলৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰিব৷ এক ভার্চুৱেল অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে অলিম্পিকত এইবাৰ ভাৰতৰ সর্বাধিকসংখ্যক খেলুৱৈয়ে অংশ লৈছে৷ বিশ্ববাসীয়ে সন্মুখীন হোৱা সর্ববৃহৎ দুর্যোগৰ মাজতো আমাৰ খেলুৱৈসকলে অলিম্পিকত সাহসেৰে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বহুকেইটা খেলত ভাৰতীয় এথলিটে প্রথমবাৰৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ কেৱল যোগ্যতা অর্জনেই নহয়, তেওঁলোকে তীব্র প্রতিদ্বন্দ্বিতাও আগবঢ়াইছে৷