বিবদমান ১২ স্থানত পর্যায়ক্রমে সমাধান
মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত ৫টা বিষয় বিবেচনাৰে দীর্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ ফর্মুলা
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ সীমান্তৱর্তী ৰাজ্যসমূহৰ সৈতে চলি অহা দীর্ঘদিনীয়া সীমা বিবাদ সমাধান কৰাৰ বাবে আৰু এখোজ আগবাঢ়িছে অসম চৰকাৰ৷ চুবুৰীয়া মেঘালয়ৰ সৈতে চলি অহা সীমাকেন্দ্রিক বিবাদ দূৰ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰ আগবাঢ়িআহিছে৷ ৫টা বিশেষ ফর্মুলাৰে বিবদমান এলেকাসমূহৰ বিবাদ নিষ্পত্তিৰ পোষকতা কৰিছে অসম আৰু মেঘালয় চৰকাৰে৷ ঐতিহাসিক ভিত্তি, নৃ–গোষ্ঠীয়, অঞ্চলটোৰ প্রশাসনিক সা–সুবিধা, স্থানীয় লোকৰ আৱেগ–নুভূতি আৰু ভৌগোলিক ধাৰাবাহিকতাৰ ওপৰত ভিত্তি কৰি বিবদমান অঞ্চলসমূহৰ সীমা সমস্যা সমাধানৰ বাবে প্রচেষ্টা চলাব দুয়োখন ৰাজ্য চৰকাৰে৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷
গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকৰ অন্তত এখন যুটীয়া সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই কয় যে অসম আৰু মেঘালয়ৰ মাজৰ মুঠ ১২টা বিবদমান অঞ্চলত পর্যায়ক্রমে সীমা সমস্যা সমাধান কৰা হ’ব৷ প্রাথমিক পর্যায়ত মুঠ ৬টা স্থানত এই প্রক্রিয়া গ্রহণ কৰা হ’ব৷ প্রথম পর্যায়ত সীমা বিবাদ সমাধানৰ বাবে সামৰি লোৱা হ’ব তাৰাবাৰী, গীজাং, বকলাপাৰা, পিলিংকাটা, ৰাটাচেৰা আৰু হাহিম৷ সীমা সমস্যা সমাধান প্রক্রিয়া ক্ষিপ্রতৰ কৰা হ’ব বুলি উল্লেখ কৰি মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মেলত প্রকাশ কৰা অনুসৰি এই বিবদমান অঞ্চলসমূহৰ বিবাদ দূৰ কৰাৰ বাবে গঠন কৰা হ’ব তিনিখন উচ্চ পর্যায়ৰ আঞ্চলিক কমিটী৷ এই তিনিখন কমিটীৰ নেতৃত্বত থাকিব সংশ্লিষ্ট দুয়োখন ৰাজ্যৰ কেবিনেট পর্যায়ৰ মন্ত্রী৷ মুঠ ১০জনীয়া এই কমিটীখনে ভ্রমণ কৰিব বিবদমান ৬টা অঞ্চল৷ এই অঞ্চলসমূহৰ গাঁওবুঢ়া, স্থানীয় লোক আদিৰ সৈতে কমিটীখনে মত বিনিময় কৰিব আৰু ৩০ দিনৰ ভিতৰত ইয়াৰ প্রতিবেদন দাখিল কৰিব৷
অৱশ্যে সীমা সমস্যা সমাধান অতি সহজ নহয় বুলি উল্লেখ কৰি মেঘালয়ৰ মুখ্যমন্ত্রীজনে কয়– ‘মেঘালয়ে অসমৰ সৈতে সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰে৷ এই দিশত ৰাজ্যখনৰ মনোভাব যথেষ্ট ইতিবাচক৷ দুয়োখন ৰাজ্যই পাৰস্পৰিক সন্মান প্রদর্শনেৰে সীমা সমস্যা সমাধানৰ বাবে মুকলি মনেৰে আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ আজিৰ বৈঠক অত্যন্ত ইতিবাচক৷ দুয়োখন ৰাজ্যৰ পাৰস্পৰিক উন্নয়নৰ বাবে এই সীমা সমস্যা বহু পূর্বেই সমাধান হ’ব লাগিছিল৷ সম্প্রতি দুয়োখন চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যাৰ পথ প্রশস্ত হৈছে৷’
ইফালে সংবাদ মেলত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এই বিবদমান অঞ্চলসমূহত অসমৰ ফালৰ পৰা কোনোধৰণৰ বিতর্ক নাই৷ কিন্তু মেঘালয় চৰকাৰে এই অঞ্চলসমূহ তেওঁলোকৰ অন্তর্ভুক্ত বুলি দাবী কৰি আহিছে৷ এই ১২টা অঞ্চলৰ সমস্যা একেলগে সমাধান কৰাটো সম্ভৱ নহয়৷ সেয়েহে পর্যায়ক্রমে ইয়াৰ সমাধান কৰা হ’ব৷ প্রথম পর্যায়ত সামৰি ল’বলগীয়া ৬টা স্থান সন্দর্ভত সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘এই ৬ স্থান অসমৰ দিশৰ পৰা কাছাৰ, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ অন্তর্গত৷ সেইদৰে মেঘালয়ৰ দিশৰ পৰা অঞ্চলকেইটা পশ্চিম খাচীপাহাৰ, ৰিভয় আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তর্গত৷ কেবিনেট পর্যায়ৰ মন্ত্রীৰ নেতৃত্বত গঠন কৰিবলগীয়া আঞ্চলিক কমিটীয়ে এই স্থানসমূহ ভ্রমণ কৰি স্থানীয় লোকসকলৰ মতামত গ্রহণ কৰিব৷ ৩০ দিনৰ পাছত পুনৰ যেতিয়া আমি বৈঠকত মিলিত হ’ম, তেতিয়া কমিটীয়ে প্রতিবেদন দাখিল কৰিব৷ দুয়োখন ৰাজ্যৰ বিবাদ কমিটীৰ ভিতৰতে আঁতৰ কৰাৰ বাবে প্রয়াস কৰা হ’ব৷ যদিহে কমিটী এইক্ষেত্রত ব্যর্থ হয় বা কোনোধৰণৰ মতানৈক্য ৰৈ যায়, তেনেহ’লে তেনে বিষয়সমূহ মুখ্যমন্ত্রী পর্যায়ত আলোচনা কৰা হ’ব৷ এই ৬টা স্থানৰ সমস্যা সমাধান হ’লেই পৰৱর্তী ৬টা স্থানৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰা হ’ব৷’
ইফালে মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে লাম্পি তেওঁ ভ্রমণ কৰিব বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে স্থানীয় লোকসকলৰ মনত যাতে দুয়োখন চৰকাৰৰ সদিচ্ছাৰ প্রতি বিশ্বাস ওপজে, তাৰ বাবে লাম্পি মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে ভ্রমণ কৰিব৷ কেৱল সীমা সমস্যাই নহয়, দুয়োখন ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰ আগ্রহী৷ মতপ্রার্থক্য থাকিলে দুয়োখন ৰাজ্যই সৌহার্দ্যপূর্ণ আলাপ–আলোচনাৰ জৰিয়তে এই পার্থক্য হ্রাস কৰাৰ বাবে কাম কৰিব লাগিব৷ ইফালে দুয়োখন ৰাজ্যৰ সীমা পুনৰ অংকন কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘সীমা পুনৰ অংকন কৰাৰ দায়িত্ব কেৱল সংসদৰ৷ অসম আৰু মেঘালয়ৰ বিবদমান অঞ্চলসমূহৰ বিতর্ক কেৱল ধাৰণাৰ ওপৰত ভিত্তি কৰিহে সৃষ্টি হৈ আহিছে৷ আলোচনাৰ মেজতে এই সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হ’ব৷ যদিহে প্রয়োজন হয়, তেতিয়াহ’লে এই বিষয়টো কেন্দ্রীয় চৰকাৰলৈ আমি প্রেৰণ কৰিম৷’
ইফালে মেঘালয়ৰ দৰেই আন চুবুৰীয়া ৰাজ্যৰ সৈতেও সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা গ্রহণ কৰিবনে বুলি সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অৰুণাচল আৰু নাগালেণ্ডৰ সৈতে সীমা সম্পর্কীয় বিবাদ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ মেঘালয় আৰু মিজোৰামৰ সৈতে সীমা বিবাদক লৈ কোনো গোচৰ উচ্চতম ন্যায়ালয়ত ৰুজু হৈ থকা নাই৷ যাৰ বাবে এই দুয়োখন ৰাজ্যৰ সৈতে পাৰস্পৰিক আলোচনা কৰিব পৰা যায়৷ অৱশ্যে অৰুণাচলৰ মুখ্যমন্ত্রীৰ সৈতেও সীমা সমস্যা সমাধানৰ পথ ওলায় নেকি, সেই সন্দর্ভত কথা–বতৰা চলি আছে৷ সীমা বিবাদে ৰাজ্যসমূহৰ মাজৰ সম্পর্ক অৱনতি কৰি আহিছে৷ নাগালেণ্ডৰ সৈতে শেহতীয়াকৈ সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰা হৈছে৷
উল্লেখ্য যে অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ দূৰ কৰাৰ বাবে যোৱা ২৩ জুলাইত শ্বিলঙত মুখ্যমন্ত্রী পর্যায়ৰ প্রথমখন বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পুনৰ গুৱাহাটীত মিলিত হয়৷ আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ মন্ত্রী অতুল বৰা, চন্দ্রমোহন পাটোৱাৰী, মুখ্য সচিব জিষ্ণু বৰুৱা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ প্রধান সচিব জি ডি ত্রিপাঠীকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ সেইদৰে মেঘালয়ৰ কেইবাগৰাকীও মন্ত্রী আৰু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷ আজিৰ বৈঠকত জি ডি ত্রিপাঠীয়ে অসমৰ বিষয়সমূহ সামৰি পাৱাৰপইণ্ট প্রেজেণ্টেচন আগবঢ়ায়৷ ইফালে বিবদমান এলেকাসমূহৰ সমস্যা সমাধানৰ বাবে গঠন কৰিবলগীয়া আঞ্চলিক কমিটীৰ বাবে অসমৰ তিনি মন্ত্রী ক্রমে পীয়ূষ হাজৰিকা, অতুল বৰা আৰু চন্দ্রমোহন পাটোৱাৰীয়ে নেতৃত্ব দিব৷
অসমৰে সীমা বিবাদ দূৰ কৰাৰ বাবে নাগালেণ্ড বিধানসভাৰ প্রস্তাৱ
অসমৰ সৈতে সীমা বিবাদ দূৰ কৰাৰ বাবে নাগালেণ্ড বিধানসভাই কালি তিনিদফীয়া প্রস্তাৱ গ্রহণ কৰিছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি দিচৈ ভেলীৰ বিবদমান অঞ্চলৰ পৰা সশস্ত্র বাহিনী আঁতৰোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰাৰ প্রায় এসপ্তাহ পাছত কালি বিধানসভাই এই প্রস্তাৱ গ্রহণ কৰিছে৷ উল্লেখ্য যে অসম আৰু নাগালেণ্ডৰ মাজৰ সীমামূৰীয়া অঞ্চলৰ দৈর্ঘ্য হৈছে ৪৩৪ কিলোমিটাৰ৷