নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবাৰীৰ মিলন নগৰত পাহাৰৰ মাটি খহি শ্রমিকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ গুৱাহাটীৰ পাহাৰ অঞ্চলত একাংশ লোকে বেদখল কৰি অব্যাহত ৰাখিছে পাহাৰ খনন৷ মহানগৰ জিলা প্রশাসনৰ নির্দেশনা উলংঘাৰে বৰবাৰীৰ মিলন নগৰত পাহাৰ খনন কৰি থকাৰ সময়তে পাহাৰৰ মাটি খহি এজন শ্রমিকৰ মৃত্যু হয়৷ বৰবাৰীৰ মিলন নগৰত সঞ্জীৱ সিন্হা নামৰ লোকজনে তিনিজন শ্রমিক লগাই পাহাৰ কাটি আছিল৷ প্রশাসনৰ নীতি–নির্দেশনা উলংঘাৰে বিগত কেইবাদিনো ধৰি শ্রমিক তিনিজনৰ দ্বাৰা পাহাৰ কাটিছিল সঞ্জীৱ সিন্হাই৷

শুকুৰবাৰে পাহাৰ কাটি থকাৰ সময়তে হঠাৎ ওপৰৰ মাটি আৰু গছ খহি হাবেজ আলী (৫০) নামৰ শ্রমিকজনক হেঁচা মাৰি ধৰে৷ পিছত স্থানীয় ৰাইজে বহু চেষ্টাৰ অন্তত মাটি খান্দি শ্রমিক হাবেজৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শ্রমিক হাবেজ আলীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷

মৃত হাবেজৰ ঘৰ সাতগাঁও নোৱাপাৰাত৷ ইফালে, ঘটনা সন্দর্ভত সৌভাগ্যক্রমে ৰক্ষা পৰা শ্রমিক দুজনে কয় যে সঞ্জীৱ সিন্হা নামৰ লোকজনৰ নির্দেশমর্মে পাহাৰ কাটি আছিল৷ তেনে সময়তে দুপৰীয়া হঠাৎ ধুমুহা–বৰষুণ অহাত পাহাৰৰ মাটি আৰু গছ খহি পৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সঞ্জীৱ সিন্হা নামৰ লোকজনৰ ভুলৰ বাবেই আজি এই শোকাৱহ ঘটনাটো সংঘটিত হ’ল৷ সম্প্রতি আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ জিলা প্রশাসনৰ নির্দেশনা উলংঘাৰে পাহাৰ খনন চলাই থকা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে সচেতন লোকসকলে৷

You might also like