নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ পৰা ৬৫০ টকাকৈ অতিৰিক্ত মাচুল সংগ্রহ

শিক্ষামন্ত্রীৰ হস্তক্ষেপ দাবী অভিভাৱকৰ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ যি সময়ত ক’ভিড মহামাৰীৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে, যি সময়ত ক’ভিডৰ বাবে ইটোৰ পিছত সিটো পৰীক্ষা বাতিল হৈছে, ঠিক সেই সময়তে ছাত্র–ছাত্রীক কেঁকোৰা চেপা দি আহিছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে৷ বিশেষকৈ নামভর্তিৰ নামত অতিৰিক্ত মাচুল সংগ্রহৰ প্রতিযোগিতাত নামিছে মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান৷ শেহতীয়াকৈ দিছপুৰ একাডেমীৰ অধ্যক্ষ আব্দুল হুছেইনৰ বিৰুদ্ধে খোদ একাংশ ছাত্র–ছাত্রীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ৷ অভিযোগ অনুসৰি, ষষ্ঠ ষাণ্মাসিকৰ ছাত্র–ছাত্রীৰ নামভর্তিৰ নামত এইখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ আব্দুল হুছেইনে একোগৰাকীকৈ ছাত্র–ছাত্রীৰ পৰা সংগ্রহ কৰিছে অতিৰিক্ত ৬৫০ টকাকৈ৷

যিসকল ছাত্রী–ছাত্রীয়ে ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰিছে, সেইসকল ছাত্র–ছাত্রীক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে শিক্ষানুষ্ঠান কর্তৃপক্ষই৷ কেৱল ইমানেই নহয়, ক’ভিড মহামাৰীৰ বাবে বহু ছাত্র–ছাত্রীয়ে অতিৰিক্ত মাচুল আদায় নিদিয়া বাবে নামভর্তি কৰিবলৈ দিয়া নাই শিক্ষানুষ্ঠান কর্তৃপক্ষই৷ উল্লেখ্য যে এইখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ষষ্ঠ ষাণ্মাসিকৰ নামভর্তিৰ নামত ৬,৫০০ টকা লোৱাৰ লগতে জৰিমনা হিচাপে লৈছে অতিৰিক্ত ৬৫০ টকাকৈ৷

লক্ষণীয় যে নামভর্তিৰ শেষ সময়সীমা ৩১ আগষ্ট নির্ধাৰণ কৰি এই জৰিমনা ধার্য কৰিছে শিক্ষানুষ্ঠান কর্তৃপক্ষই৷ কিন্তু আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবে বহু ছাত্র–ছাত্রীয়ে নির্ধাৰিত সময়ত কৰিব পৰা নাই নামভর্তি৷ যাৰ বাবে বহু ছাত্র–ছাত্রীৰ পৰা দিছপুৰ একাডেমীয়ে সংগ্রহ কৰিছে বৃহৎ পৰিমাণৰ অতিৰিক্ত ধন৷ ক’ভিডৰ এই সময়ছোৱাত নামভর্তিৰ নামত শিক্ষানুষ্ঠানখনে অতিৰিক্ত ধন সংগ্রহ কৰা ঘটনাক সহজভাৱে ল’ব পৰা নাই একাংশ ছাত্র–ছাত্রীয়ে৷ সেয়ে এই সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ হস্তক্ষেপ বিচাৰিছে ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলে৷

You might also like