কটাহবাৰীত ১.৭৪ লাখ টকা ড্রাগ্ছসহ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ গড়চুক আৰু ভৰলুমুখ আৰক্ষীয়ে আজি যুটীয়াভাৱে অভিযান চলাই এটা ড্রাগ্ছ ব্যৱসায়ী চক্রক উৎখাত কৰিবলৈ সক্ষম হয়৷ আজি পুৱা ভৰলুমুখ থানাৰ আৰক্ষীয়ে মাছখোৱাৰ কুৰবান আলী নামৰ ড্রাগ্ছ সৰবৰাহকাৰীটোক হাতে–লোটে গ্রেপ্তাৰ কৰে৷
ধৃত কুৰবানৰ স্বীকাৰেক্তিৰ ভিত্তিত গড়চুক আৰু ভৰলুমুখ আৰক্ষীয়ে কটাহবাৰীত অভিযান চলাই ১৪.৮৮ গ্রাম হেৰ’ইন, নগদ ১.৭৪ লাখ টকা, ৭টা ছিৰিঞ্জ, ২৬০টা খালী কণ্টেইনাৰ, ৮৭.৭২ গ্রাম সোণৰ আ–লংকাৰ, ২১০.৩৮ গ্রাম ৰূপৰ অলংকাৰ, এ এছ–০১ ই ই–৮৪৩৬ নম্বৰৰ এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়৷
অভিযানকাৰী দলটোৱে ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত চালেহা খাতুন আৰু আছৰা পাৰবিন নামৰ মহিলাগৰাকীকো গ্রেপ্তাৰ কৰে৷ ড্রাগ্ছ আসক্ত যুৱকে ড্রাগ্ছ ক্রয় কৰিবলৈ পইচা নাথাকিলে সোণ, ৰূপৰ অলংকাৰ দি কুৰবানৰ পৰা ড্রাগ্ছ ক্রয় কৰিছিল৷ সম্প্রতি মহানগৰ আৰক্ষীয়ে ধৃত আটাইকে জেৰা অব্যাহত ৰাখিছে৷