নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদক উপেক্ষা এনএইচপিচিৰঃ ২০২২ চনৰ আগষ্টত আৰম্ভ হ’ব নামনি সোৱণশিৰি প্রকল্পৰ উৎপাদন

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  ‘জলবোমা’ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ অসমবাসীৰ জনমত, দল–সংগঠনৰ প্রতিবাদ মূল্যহীন হৈ পৰিছে এন এইচ পি চি কর্তৃপক্ষৰ ওচৰত৷ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম গেৰুকামুখত নির্মীয়মাণ প্রকল্পটোৱে নামনি অংশত পেলাব পৰা বিৰূপ প্রভাৱৰ আশংকাত অসমৰ জনসাধাৰণ আৰু বিভিন্ন দল–সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও তাৰ প্রতি এন এইচ পি চি কর্তৃপক্ষৰ কোনোধৰণৰ ভ্রূক্ষেপ নাই৷

অসমবাসীৰ জনমতক সম্পূর্ণৰূপে নস্যাৎ কৰি নির্মাণকার্য অব্যাহত ৰখা প্রকল্পটো উৎপাদনক্ষম কৰি তুলিবলৈ এন এইচ পি চি বদ্ধপৰিকৰ হৈ পৰিছে৷ এই লক্ষ্যৰেই মহামাৰী ক’ভিড–১৯ৰ ভয়ংকৰ হাৰত ঘটা দ্রুত সংক্রমণৰ সময়তো গেৰুকামুখলৈ গোপনে যন্ত্রাংশ আদি সৰবৰাহ কৰি থকা হৈছিল৷

অসমৰ ৰাইজক গুৰুত্বহীন কৰা এন এইচ পি চিৰ অভিসন্ধি আকৌ এবাৰ প্রকট হৈ পৰিছে৷ কালি গেৰুকামুখৰ প্রকল্পথলীত উপস্থিত হৈ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয় এন এইচ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চি এম ডি) এ কে সিং, সঞ্চালক (পার্ছনেল) এন কে জৈন, সঞ্চালক (কাৰিকৰী) ৱাই কে চৌবে, সঞ্চালক (বিত্ত) আৰ পি গোৱেল আৰু সঞ্চালক (প্রকল্প) বিশ্বজিৎ বসু৷

এই সময়ছোৱাত চি এম ডি সিং আৰু এন এইচ পি চিৰ সঞ্চালক মণ্ডলীয়ে প্রকল্পটোৰ মূল বান্ধ, পাৱাৰ হাউছ, আণ্ডাৰগ্রাউণ্ড ষ্ট্রাকচাৰকে ধৰি স্পর্শকাতৰ নির্মাণকার্যসমূহ পৰিদর্শন কৰে৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে এইদৰে এন এইচ পি চিৰ চি এম ডি আৰু সঞ্চালক মণ্ডলীয়ে একেলগে এইদৰে গেৰুকামুখত উপস্থিত হৈ প্রকল্পটো পৰিদর্শন তথা নির্মাণকার্যৰ বুজ ল’লে৷

এন এইচ পি চিৰে জড়িত এক সূত্রই জানিবলৈ দিয়া মতে, চি এম ডি সিংসহ সঞ্চালক মণ্ডলীৰ গেৰুকামুখ ভ্রমণসূচীৰ মূলতে আছিল প্রকল্পটোৰ নির্মাণকার্য ত্বৰান্বিত কৰা৷ এন এইচ পি চিয়ে ২০২২ চনৰ জুন মাহৰ ভিতৰত প্রকল্পটোৰ সকলো গুৰুত্বপূর্ণ অংশসমূহৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে৷

এই লক্ষ্যৰেই অহা বছৰৰ আগষ্ট মাহত দুটা ইউনিটৰ উৎপাদন কার্য আৰম্ভ কৰিবলৈ বদ্ধপৰিকৰ হৈ আছে এন এইচ পি চি৷ আনকি কালি গেৰুকামুখত চি এম ডি সিঙে এই কথা প্রকাশ কৰা বুলি সূত্রটোৰ দাবী৷

সূত্রটোৱে প্রকাশ কৰা অনুসৰি, নির্ধাৰিত সময়ত নির্মাণকার্য শেষ কৰিব পৰাকৈ সকলো বিষয়া–কর্মচাৰীকে কামত ব্রতী হ’বলৈ চি এম ডি সিঙে আহ্বান জনায়৷ গেৰুকামুখ প্রকল্পৰ ক্ষেত্রত এন এইচ পি চি কর্তৃপক্ষৰ এনে স্থিতিক এতিয়া দীর্ঘদিন ধৰি প্রতিবাদী কার্যসূচী অব্যাহত ৰখা দল–সংগঠনসমূহে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like