নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কইনাধৰাত সীমা নির্ধাৰণ কৰি দাগ দিলে মেঘালয় আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  সীমা সংঘাত নিৰাময়ৰ বাবে মেঘালয়ৰ সৈতে কালি মুখ্যমন্ত্রী পর্যায়ত গুৱাহাটীত অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠকৰ ২৪ ঘণ্টা নৌহওঁতেই পুনৰ অসমৰ ভূমি দখলত নামি পৰিল চুবুৰীয়া ৰাজ্যখন৷ খোদ ৰাজধানী দিছপুৰৰ তিনি কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতে নিজৰ সীমা বুলি দাবী কৰি মেঘালয় আৰক্ষীয়ে চিহ্ণ আঁকি থৈ দি গ’ল৷ শনিবাৰে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষীয়ে এইদৰে সীমা দখলৰ বাবে সোমাই আহিল খানাপাৰাৰ কইনাধৰাস্থিত উদয়ন নগৰত৷ স্থানীয় বাসিন্দাক সম্পূর্ণৰূপে উপেক্ষা কৰি উদয়ন নগৰৰ মূল পথতেই বগা ৰঙেৰে ক্রছ চিহ্ণ এটাৰে সীমা নির্ধাৰণ কৰাৰ লগতে স্থানীয় বাসিন্দাক এইবুলিও সাৱধানবাণী শুনায় যে অচিৰেই মেঘালয়ৰ ভূমি এৰি দিবলৈ সাজু হৈ থাকক৷

উল্লেখ্য যে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ উপস্থিতিত গুৱাহাটীত সীমা বিবাদক লৈ অনুষ্ঠিত হৈছিল এক গুৰুত্বপূর্ণ বৈঠক৷ অসম–মেঘালয় সীমান্তৰ ১২টা বিবদমান অঞ্চলৰ ৬টা অঞ্চলত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে দুই ৰাজ্যৰ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন হয় ১০জনীয়া কমিটী৷ এই কমিটীয়ে এমাহৰ ভিতৰতে বিবদমান অঞ্চলসমূহ পর্যবেক্ষণ কৰি প্রতিবেদন দাখিলৰ সিদ্ধান্ত লোৱা হয়৷ কিন্তু এনে গুৰুত্বপূর্ণ বৈঠকৰ ২৪ ঘণ্টা নৌহওঁতেই শনিবাৰে পুৱাৰ ভাগত উদয়ন নগৰলৈ সোমাই আহিল মেঘালয় আৰক্ষীৰ এটা দল৷ উদয়ন নগৰৰ মূল পথত থকা বিধায়ক ফণী তালুকদাৰৰ বাসগৃহৰ ঠিক কাষতে বগা ৰঙেৰে পথত ক্রছ চিন দি সেয়া অসম–মেঘালয়ৰ সীমা বুলি স্থানীয় বাসিন্দাক অৱগত কৰে৷

মেঘালয়ৰ এনে কার্যক লৈ ভীতিগ্রস্ত হৈ পৰা স্থানীয় বাসিন্দাসকলে লগে লগে বশিষ্ঠ আৰক্ষী থানাত খবৰ দিয়াত অসম আৰক্ষীৰ এটা দলো উক্ত স্থানত উপস্থিত হয়৷ অসম আৰক্ষীৰ দলটোৱে মেঘালয় আৰক্ষীৰ সৈতে এই সন্দর্ভত কথা পতাত নিশ্চিত হয় যে সীমা নির্ধাৰণৰ বাবে চুবুৰীয়া ৰাজ্যখনে ছেটেলাইট মেপিঙৰ বাবে নিজাববীয়াকৈ সীমা বুলি চিহ্ণ আঁকি থৈছে৷ কিন্তু এইক্ষেত্রত মেঘালয় আৰক্ষীয়ে কোনো ধৰণৰ চৰকাৰী নথি–পত্র দেখুৱাবলৈ সক্ষম নহ’ল৷ এনে অৱস্থাত অসম আৰক্ষীৰ শীর্ষ বিষয়া আৰু মেঘালয় আৰক্ষীৰ শীর্ষ বিষয়াৰ আলোচনামর্মে মেঘালয় আৰক্ষীৰ দলটো উক্ত স্থানটোৰ পৰা আঁতৰি যায়৷

ইফালে স্থানীয় লোকে মেঘালয় আৰক্ষীয়ে ক্রছ চিন দিয়া উক্ত ঠাইডোখৰ পানী মাৰি চাফা কৰি দিয়ে৷ স্থানীয় বাসিন্দাসকলৰ অভিযোগ– বহু বছৰ ধৰি উক্ত অঞ্চলত বসবাস কৰি থকাৰ লগতে ৰাজহ গাঁও হিচাপে চিহ্ণিত হোৱা হেতু তেওঁলোকে অসম চৰকাৰক ভূমিৰ খাজনা, গুৱাহাটী পৌৰ নিগমক সম্পত্তিৰ কৰ আদায় দি আহিছে৷ ইয়াৰ পাছতো মেঘালয়ে নিজৰ ভূমি বুলি দাবী কৰা কার্য কোনো কাৰণতে মানি লোৱা নহয়৷ এইক্ষেত্রত অসম চৰকাৰ তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমগ্র বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰাৰ বাবে স্থানীয় বাসিন্দাসকলে দাবী জনায়৷

ইফালে, অসম আৰক্ষীৰ তৎপৰতাত মেঘালয় আৰক্ষীয়ে আজি সীমা দখল কার্যৰ পৰা আঁতৰি যায় যদিও পুনৰ মেঘালয়ে উক্ত অঞ্চল নিজৰ বুলি দাবী কৰি কার্যকলাপ চলোৱাৰ সম্ভাৱনাক লৈও স্থানীয় বাসিন্দাসকল ভীতিগ্রস্ত হৈ আছে৷ বাসিন্দাসকলৰ দাবী, কোনো কাৰণতে এই অঞ্চলৰ ৰাইজে মেঘালয়ৰ সৈতে চামিল নহয়৷

You might also like