নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম দিনা চীনক চেৰ পেলাই শ্রেষ্ঠত্ব আমেৰিকাৰঃ ৪৮সংখ্যক স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ক’ৰোনা মহামাৰীৰ প্রত্যাহ্বানক নেওচি দেওবাৰে সফলতাৰে সামৰণি পৰিল টকিঅ’ অলিম্পিক৷ ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত চীনক চেৰ পেলাই শ্রেষ্ঠত্ব প্রতিপন্ন কৰে আমেৰিকাই৷ ১১ হাজাৰৰো অধিক এথলিটে ৩৩৯টা ইভেণ্টত অংশগ্রহণ কৰা টকিঅ’ অলিম্পিকত ৩৯টা স্বর্ণসহ মুঠ ১১৩টা পদক দখল কৰি নিকটতম প্রতিদ্বন্দ্বী চীনক চেৰ পেলাই আমেৰিকাই পদক তালিকাত শীর্ষস্থান দখল কৰে৷

আমেৰিকাই ৩৯টা স্বর্ণৰ উপৰি ৪১টা ৰূপ আৰু ৩৩টা ব্রঞ্জৰ পদক লাভ কৰে৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ ষষ্ঠদশ দিনৰ অন্তত চীনে ৩৮টা স্বর্ণপদক দখল কৰি পদক তালিকাত শীর্ষস্থান দখল কৰি আছিল যদিও আজি সপ্তদশ তথা অন্তিমদিনা আমেৰিকাই তিনিটা ইভেণ্টত স্বর্ণ পদক দখল কৰে আৰু পদক তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷

টকিঅ’ অলিম্পিকৰ আজি অন্তিম দিনা আমেৰিকাই মহিলা বাস্কেটবলৰ দলীয় শাখাৰ জৰিয়তে প্রথমটো স্বর্ণপদক দখল কৰাৰ পিছত মহিলাৰ চাইক্লিং আৰু মহিলাৰ ভলীবলৰ দলীয় শাখাত স্বর্ণপদক দখল কৰি চীনক চেৰ পেলায় আমেৰিকাই৷

অৱশ্যে ২০১৬ চনৰ ৰি’ অলিম্পিকতকৈ ৭টা কম স্বর্ণপদক লাভ কৰে আমেৰিকাই৷ আমেৰিকা যুক্তৰাষ্ট্রই ৰিঅ’ অলিম্পিকত ৪৬টা স্বর্ণপদক অর্জন কৰিছিল৷ ইফালে চীনে ৩৮টা স্বর্ণপদকসহ মুঠ ৮৮টা পদক দখল কৰি দ্বিতীয় স্থান অধিকাৰ কৰে৷ ৩৮টা স্বর্ণপদকৰ উপৰি চীনে ৩২টা ৰূপ আৰু ১৮টা ব্রঞ্জৰ পদক লাভ কৰে৷ আনহাতে ২৭টা স্বর্ণ, ১৪টা ৰূপ আৰু ১৭টা ব্রঞ্জৰ পদকসহ মুঠ ৫৮টা পদক দখল কৰি আয়োজক জাপান তৃতীয় স্থানত থাকে৷

মন কৰিবলগীয়া যে অলিম্পিকৰ ৩২ সংখ্যক সংস্কৰণটোত ৯৩খন দেশে পদক জয় কৰিবলৈ সক্ষম হয়৷ এইবাৰৰ অলিম্পিকত তিনিটা বিশ্ব, ১২টা অলিম্পিক, ২৮টা এৰিয়া আৰু ১৫১টা ৰাষ্ট্রীয় অভিলেখ স্থাপন হয়৷

আনহাতে অলিম্পিকৰ ইতিহাসত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰি ভাৰতে মুঠ ৭টা পদক দখল কৰে৷ ভাৰতীয় দলটোৱে এটা স্বর্ণ, দুটা ৰূপ আৰু ৪টা ব্রঞ্জৰ পদক লাভ কৰি পদক তালিকাত ৪৮সংখ্যক স্থান লাভ কৰে৷ প্রতিযোগিতাখনৰ দ্বিতীয়দিনা ৰূপ জয় কৰি পদকৰ অভিযান আৰম্ভ কৰা ভাৰতে ষষ্ঠদশ দিনা স্বর্ণজয় কৰি অভিযান সামৰে৷

ভাৰতীয় দলটোৰ হৈ নীৰজ চোপ্রাই স্বর্ণপদক লাভ কৰাৰ লগতে মীৰাবাঈ চানু আৰু ৰবিকুমাৰ দাহিয়াই ৰূপ, পি ভি সিন্ধু, বজৰং পুনিয়া, লাভলীনা বৰগোহাঁইৰ লগতে পুৰুষ হকী দলটোৱে ব্রঞ্জৰ পদক লাভ কৰে৷

You might also like